ETV Bharat / bharat

Vande Bharat Express : ষষ্ঠ বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Dec 11, 2022, 12:29 PM IST

নাগপুৰ আৰু ছত্তীশগড়ৰ বিলাশপুৰৰ মাজত চলিবলগীয়া ষষ্ঠখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণী (Vande Bharat Express)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্লেগ অফ কৰাৰ পিছতেই ইয়াৰ যাত্ৰা আৰম্ভ হয় ।

Vande Bharat Express
ষষ্ঠ বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

নেশ্য়নেল ডেস্ক , ১১ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰ আৰু ছত্তীশগড়ৰ বিলাশপুৰৰ মাজত চলিবলগীয়া ষষ্ঠখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে (PM Modi flagged off Vande Bharat Express) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰে'লখন ফ্লেগ অফ কৰাৰ পিছত ইয়াত যাত্ৰা কৰা যাত্ৰীসকলক হাত জোকাৰি যাত্ৰাৰ সফলতা কামনা কৰে ।

প্ৰধানমন্ত্ৰী মোডীৰ দ্বাৰা ফ্লেগ অফ কৰা এইখন হৈছে ষষ্ঠ বন্দে ভাৰত এক্সপ্ৰেছ । প্ৰধানমন্ত্ৰীয়ে আজি ইয়াৰ পূৰ্বে নাগপুৰত উপস্থিত হয় । ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (Prime Minister Narendra Modi) কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, ৰাজ্যপাল ভগত সিং কোশিয়াৰী, মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে আদৰণি জনায় ।

উল্লেখ্য় যে, ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগপুৰ মেট্ৰ'ৰ ফ্ৰীডম পাৰ্ক ষ্টেচনত তেওঁৰ টিকট ক্ৰয় কৰে (Freedom Park station of the Nagpur Metro)।

ইয়াৰ পিছতেই এই সন্দৰ্ভত এজন স্থানীয় লোকে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আমাৰ বহুতো সপোন সঁচা হৈছে । আন এজন স্থানীয় লোকে কয় যে ইমান দিনৰ পিছত এই উন্নয়নমূলক কামবোৰৰ বাবে তেওঁলোক গৌৰৱান্বিত ।

আনহাতে,নাগপুৰত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানত তেওঁ নাগপুৰ ৰে'ল ষ্টেচন (Nagpur Railway Station) আৰু আজনি ৰে'ল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন কৰিব (Ajni Railway Station)। উল্লেখ্য় যে, ৫৯০ কোটি আৰু ৩৬০ কোটি টকা ব্যয়েৰে ইয়াৰ পুনৰ বিকশিত কৰা হ'ব ।

প্ৰধানমন্ত্ৰীয়ে নাগপুৰৰ চৰকাৰী তত্বাৱধান ডিপো,আজনি (নাগপুৰ) আৰু কোহলী-নাৰখেৰ শাখা-ইটাৰ্চি তৃতীয় শাৰীৰ প্ৰকল্প ৰাষ্ট্ৰক উৎসৰ্গা কৰিব । এই প্ৰকল্পবোৰ ক্ৰমান্বয়ে প্ৰায় ১১০ কোটি টকা আৰু প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰা হৈছে । ইপিনে, প্ৰধানমন্ত্ৰীয়ে নাগপুৰৰ নেচনেল ইনষ্টিটিউট অৱ ৱান হেল্থৰ (National Institute of One Health) আধাৰশিলা স্থাপন কৰাৰ পিছত সন্ধিয়া গোৱালৈ উৰা মাৰিব ।

লগতে পঢ়ক:Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.