ETV Bharat / state

New bridge in Majuli: মাজুলী লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Dec 11, 2022, 11:59 AM IST

Updated : Dec 11, 2022, 1:03 PM IST

উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে মাজুলীত । মাজুলীবাসীৰ যেন আনন্দৰ সীমা নাই । কিয়নো মাজুলীবাসীয়ে লাভ কৰিব দুখনকৈ নতুন দলং(New bridge in Majuli) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব দলং দুখনৰ নিৰ্মাণকাৰ্য(CM to inaugurate construction of bridge in Majuli) ।

CM to inaugurate construction of bridge in Majuli
মাজুলী লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

মাজুলী,১১ ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২০২১ চনৰ ২৯ নৱেম্বৰত দক্ষিণ পাটত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি মাজুলীক বহিঃ বিশ্বৰ লগত সংযোগ কৰাৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল(Jorhat Majuli connecting bridge) । মাজুলীৰ যোগাযোগ ব্যৱস্থাত যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হোৱা উক্ত যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণ হৈ থকা সময়তে মাজুলীৰ উত্তৰ দিশৰ দুৱাৰ মুকলি হোৱাৰ পথো প্ৰশস্ত হৈ পৰিছে(New bridge in Majuli) ।

মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত নামনি মাজুলীৰ চেলেক গাঁৱত আৰু লখিমপুৰ জিলাৰ ধূনাগুৰিত দুখন দলং নিৰ্মাণ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে(CM Himanata Biswa Sarmah) । দেওবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে নামনি মাজুলীৰ চেলেক ঘাটত ভূমি পূজনেৰে মাজুলী লখিমপুৰ সংযোগী দুখন পকী দলং নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব(Majuli Lakhimpur connecting bridge) । অসমমালা আঁচনিৰ অধীনত প্ৰায় ৭২৫ কোটি টকাৰে উক্ত দলং দুখন নিৰ্মাণ কৰা হ'ব(CM to inaugurate construction of bridge in Majuli) ।

মাজুলী লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

প্ৰথমখন দলং চেলেক গাঁৱৰ খেৰকটীয়া নদীৰ ওপৰত আৰু দ্বিতীয়খন দলং লখিমপুৰ ধূনাগুৰি অংশত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ব । দুয়োখন দলঙৰ মাজত কানিয়াজানত এটা ৰাষ্ট্ৰীয় পথৰে সংযোগ কৰা হ'ব । উক্ত, দলং দুখনৰ বাবে লখিমপুৰ বঙালমৰাৰ পৰা মাজুলীৰ বালিচাপৰিলৈকে এটা ৰাষ্ট্ৰীয় ঘাই পথৰে সংযোগ কৰা হ'ব । ইতিমধ্যে হাৰিয়ানাৰ এছ পি ছিংলা নামৰ কোম্পানীয়ে উক্ত দলং দুখন আৰু লগতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে । এছ পি ছিংলা কোম্পানীয়ে পথ আৰু দলং নিৰ্মাণ কৰাৰ ছাইট চমজি লৈ প্ৰাৰম্ভিক কাম সম্পূৰ্ণ কৰিছে । ইয়াৰ উপৰিও আৰু বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব ।

লগতে পঢ়ক: Wild buffalo attack: বনৰীয়া ম'হৰ আক্ৰমণত প্ৰাণ হেৰুৱালে মহিলাই

Last Updated : Dec 11, 2022, 1:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.