ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 17, 2022, 7:04 PM IST

7 বজাৰ 10 টা শীৰ্ষ বাতৰি
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Manohari Gold tea: চাহ নিলামত পুনৰ অভিলেখ অসমৰ মনোহাৰী চাহৰ

পুনৰ ৰেকৰ্ড সংখ্যক মূল্যত চাহপাত বিক্ৰী কৰিলে মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records) । প্ৰতিকেজি চাহৰ দাম হ'লগৈ ১,১৫,০০০ টকা । ক্ৰয় হায়দৰাবাদৰ নিলুফাৰ কেফেৰ ।

BJP protest in Guwahati : গুৱাহাটীত পাকিস্তানৰ বৈদেশিক মন্ত্রীৰ পুত্তলিকা দাহ

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভূট্টো জৰ্দাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে গুৱাহাটীৰ লতাশিল খেলপথাৰত বিজেপিৰ ব্যাপক প্ৰতিবাদ (BJP protest in Guwahati)। পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰাজপথ । পাকিস্তানে যি ভাষা বুজি পায় সেই ভাষা পাকিস্তানক বুজাই দিয়াৰ সময় সমাগত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে সাংসদ দিলীপ শইকীয়াই ।

Young Talented Artistes Award 2022 : মিনাংক ডেকালৈ যুৱ প্ৰতিভাশালী শিল্পী বঁটা

অসমৰ জনপ্ৰিয় যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকালৈ আগবঢ়োৱা হ'ব 'যুৱ প্ৰতিভা শিল্পী বঁটা' (Young Talented Artistes Award 2022) । ভাৰত চৰকাৰৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰই ঘোষণা কৰিছে এই বঁটা । বঁটাটোত থাকিব ২০ হাজাৰ টকা আৰু প্ৰমাণপত্ৰ ।

AAECA Conference in Guwahati: বিদ্যুৎ বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰাহক অভিৱৰ্তন

বিদ্যুৎ বিভাগৰ কেইবাটাও সিদ্ধান্তৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল গ্ৰাহক অভিৱৰ্তন AAECA Conference in Guwahati)৷ বিভাগক জনোৱা হ’ল কেইবাটাও দাবী ৷ আন্দোলনৰ কাৰ্যসূচীৰো যো-জা চলাইছে অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনে (All Assam Electricity Consumers Association)৷

Basistha Accident: বশিষ্ঠ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন

মহানগৰীৰ বশিষ্ঠ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা ৷ পাহাৰৰ পৰা বশিষ্ঠ নৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাহন ৷ বাহনখনত কেইবাগৰাকীও যাত্ৰী থকাৰ সন্দেহ ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল বশিষ্ঠ মন্দিৰলৈ অহা পৰ্যটক ৷

Pitambar pith dham: দ্বিতীয় বৈকুণ্ঠধামত পৰিণত বিহালী ৰাংছালী পীতাম্বৰ পীঠ ধাম

দ্বিতীয় বৈকুণ্ঠধামত পৰিণত হৈছে বিহালীৰ ৰাংছালী পীতাম্বৰ পীঠ ধাম (Pitambar pith dham) ৷ কিয়নো আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীকৃষ্ণ প্ৰনামী জাগনী মহোৎসৱ ৷ পীতাম্বৰ পীঠ ধামত বিশ্বশান্তি তথা হিন্দু জাগৰণৰ উদ্দেশ্যে সপ্তাহযোৰা কাৰ্যসূচীৰে ১২৫ শ্ৰীমদ্ভাগৱত পাঠ, কৃষ্ণ কথা, ১২৫ তাৰতম সাগৰ পাঠৰ লগতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ।

Wild elephant terror : ৰহাৰ দক্ষিণ পেটবঢ়াত বন্যহস্তীৰ তাণ্ডৱ

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে (Wild elephant terror in Nagaon)। ৰহাৰ দক্ষিণ পেটবঢ়াতো বনৰীয়া হাতীয়ে শেহতীয়াকৈ সন্ত্ৰাসৰ সৃষ্টি কৰিছে । বন্যহস্তীৰ ভয়ত আতংকিত হৈ পৰিছে গাঁওবাসী । শুকুৰবাৰে নিশা ৰহাৰ দক্ষিণ পেটবঢ়াত শতাধিক বন্যহস্তী প্ৰৱেশ কৰি উপদ্ৰৱ চলায় ।

Municipality Worker Protest : প্ৰাপ্য দাবীত যোৰহাট পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ

শনিবাৰে নিজৰ প্ৰাপ্যৰ দাবীত যোৰহাট পৌৰসভাৰ কাযালয়ত পৌৰকৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Municipal worker protest at Jorhat Municipality) ।

Assam Agri-Horti Show 2022: খানাপাৰাত আৰম্ভ হ'ল সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা

গুৱাহাটীত অনুষ্ঠিত হৈছে সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা ৷ শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে এই মেলাৰ ৷ এই মেলাৰ মূল বিষয়বস্তু হৈছে যুৱ শক্তিৰ অংশগ্ৰহণেৰে কৃষি উদ্যানশস্য খণ্ডৰ নৱজাগৰণ ৷

Protest against Moran Oil India Limited : সমস্যা সমাধানৰ দাবীত মৰাণত ঠিকাদাৰৰ কৰ্মবিৰতি

চৰাইদেউ জিলাৰ মৰাণস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত বহিছে অইল ইণ্ডিয়াৰ পঞ্জীয়নভূক্ত ঠিকাদাৰ সন্থা (Protest against Moran Oil India Limited) ৷ বিভিন্ন সমস্যাৰ লগতে অভাৱ-অভিযোগসমূহ সমাধানৰ দাবীত অইল ইণ্ডিয়াৰ পঞ্জীয়নভূক্ত ঠিকাদাৰ সন্থাই বিগত ১২ ডিচেম্বৰৰ পৰা পালন কৰি আহিছে কৰ্মবিৰতি (Contractor strike against Moran Oil India Limited)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.