Wild elephant terror : ৰহাৰ দক্ষিণ পেটবঢ়াত বন্যহস্তীৰ তাণ্ডৱ

By

Published : Dec 17, 2022, 3:47 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে (Wild elephant terror in Nagaon)। ৰহাৰ দক্ষিণ পেটবঢ়াতো বনৰীয়া হাতীয়ে শেহতীয়াকৈ সন্ত্ৰাসৰ সৃষ্টি কৰিছে । বন্যহস্তীৰ ভয়ত আতংকিত হৈ পৰিছে গাঁওবাসী । শুকুৰবাৰে নিশা ৰহাৰ দক্ষিণ পেটবঢ়াত শতাধিক বন্যহস্তী প্ৰৱেশ কৰি উপদ্ৰৱ চলায় । হাতীৰ জাকটোৱে অঞ্চলটোত প্ৰৱেশ কৰি ভড়ালঘৰ, সুলভ মূল্যৰ দোকান, মানুহৰ ঘৰ আদি ভাঙি উপদ্ৰৱ চলায় (Wild elephant menace in Raha)। বাৰীৰ তামোল, কল বাগান আদিৰ বিস্তৰ ক্ষতি কৰাৰ লগতে ধান-চাউল খাই তহিলং কৰে । প্ৰতিবছৰে বন্যহস্তীয়ে অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগ তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে গাঁওবাসী (Public slams Forest Department)। অতি শীঘ্ৰে হাতীৰ জাকটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাই ৰাইজে । বতৰ্মান হাতীৰ জাকটো কিছু আঁতৰৰ ওখ বিৰিণাৰ মাজত আশ্ৰয় লৈ থকা বুলি ৰাইজে সন্দেহ কৰিছে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.