ETV Bharat / state

Young Talented Artistes Award 2022 : মিনাংক ডেকালৈ যুৱ প্ৰতিভাশালী শিল্পী বঁটা

author img

By

Published : Dec 17, 2022, 5:57 PM IST

অসমৰ জনপ্ৰিয় যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকালৈ আগবঢ়োৱা হ'ব 'যুৱ প্ৰতিভা শিল্পী বঁটা' (Young Talented Artistes Award 2022) । ভাৰত চৰকাৰৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰই ঘোষণা কৰিছে এই বঁটা । বঁটাটোত থাকিব ২০ হাজাৰ টকা আৰু প্ৰমাণপত্ৰ ।

Minanka Deka
মিনাংক ডেকালৈ যুৱ প্ৰতিভাশালী শিল্পী বঁটা

গুৱাহাটী, ১৭ ডিচেম্বৰ : অসমৰ সাংস্কৃতি জগতলৈ সুখবৰ । প্ৰতিভাৱান যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকালৈ আগবঢ়োৱা হ'ব বিশেষ বঁটা । ভাৰত চৰকাৰৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ ২০২১-২০২২ বৰ্ষৰ 'যুৱ প্ৰতিভা শিল্পী বঁটা' (Young Talented Artistes Award 2022) আগবঢ়োৱা হ'ব মূকাভিনয় শিল্পীগৰাকীক ।

কটন বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণ সংযোগৰ শিক্ষা লাভ কৰা মিনাংক ডেকাই মূকাভিনয়ৰ শিক্ষা যশস্বী মূকাভিনয় শিল্পী মইনুল হকৰ তত্বাৱধানত লাভ কৰিছিল (Assam Mime artist Minanka Deka)। মূকাভিনয়ৰে বিভিন্ন সময়ত বিভিন্ন সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰি তেওঁ নিজস্ব এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে । মিনাংক ডেকাই ক'ভিড মহামাৰীৰ সময়ত মূকাভিনয়ৰে একক প্ৰচেষ্টাৰে লোৱা সজাগতামূলক কাৰ্যসূচীসমূহো লেখত ল'বলগীয়া ।

Minanka Deka
মিনাংক ডেকালৈ যুৱ প্ৰতিভাশালী শিল্পী বঁটা

ইয়াৰ উপৰিও স্বচ্ছতাৰ লগতে দ্বীপৰ বিলৰ সুৰক্ষাৰ হকে নিজাববীয়াকৈ লোৱা কাৰ্যসূচীসমূহো প্ৰশংসনীয় । ইফালে ভাৰতীয় নিৰ্বাচন আয়োগ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অসম এইডছ কট্ৰ'ল ছ'ছাইটি ইত্যাদি বিভিন্ন বিভাগৰ হৈ শিল্পীগৰাকীয়ে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ।

উল্লেখ্য যে, মিনাংক ডেকাৰ একক প্ৰচেষ্টাতেই ভাৰতৰ পৰা নিৰ্বাক শীৰ্ষক মূকাভিনয়ৰ আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা প্ৰকাশ পাই আহিছে । ইয়াৰ পূৰ্বে মিনাংক ডেকাই ভাৰত চৰকাৰৰ সাংস্কৃতিক সমল আৰু প্ৰশিক্ষণ প্ৰতিস্থান (CCRT), নতুন দিল্লীৰ পৰাও জ্যেষ্ঠ শাখাত ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছিল । পিতৃ গোপীকান্ত ডেকা আৰু মাতৃ বুলু ডেকাৰ একমাত্ৰ সন্তান মিনাংক ডেকাৰ এই সফলতাত সকলো উৎফুল্লিত হৈ পৰিছে । বাইহাটা চাৰিআলিৰ বেজেৰাত জন্ম লাভ কৰা মিনাংক ডেকা বৰ্তমান গুৱাহাটী পশ্চিম বৰাগাঁৱৰ বাসিন্দা ।

উল্লেখ্য যে বঁটাটোত থাকিব ২০ হাজাৰ টকা আৰু প্ৰমাণপত্ৰ । বিশেষ বঁটা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটা । ইফালে অসমকে ধৰি চুবুৰীয়া আটাইকেইখন উত্তৰ-পূৱৰ ৰাজ্যৰ পৰা ৭৩ খন আবেদন পোৱা হৈছিল যদিও তাৰ ভিতৰত ২৪ গৰাকী প্ৰাৰ্থিক বাছনি কৰিছে কমিটিয়ে ।

লগতে পঢ়ক :Assam Agri-Horti Show 2022: খানাপাৰাত আৰম্ভ হ'ল সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.