কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী - Kaziranga National Park

By ETV Bharat Assamese Team

Published : May 30, 2024, 9:17 PM IST

thumbnail
কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী (ETV Bharat)

গোলাঘাট,৩০ মে': কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ অঘটন ৷ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত আহত হৈছে এগৰাকী বনকৰ্মী ৷ কাজিৰঙা বনাঞ্চলৰ পহু বিল বন শিবিৰৰ সমীপত এই ঘটনাটো সংঘটিত হয় ৷ বন বিভাগৰ সূত্ৰৰ মতে নিয়মীয়া টহল দি থকাৰ সময়তে বনকৰ্মীৰ এটা দলক গঁড়ে আক্ৰমণ কৰে ৷ গঁড়ৰ আক্ৰমণত বাহাৰুল ইছলাম নামৰ বনকৰ্মীজন গুৰুতৰভাৱে আহত হৈছে ।

জানিব পৰা মতে বনকৰ্মী বাহাৰুল ইছলামে বাওঁ ভৰিত বেয়াকৈ আঘাত পাইছে । লগে লগে বন বিভাগৰ শীৰ্ষ বিষয়াসকলক এই বিষয়ে অৱগত কৰা হয় । আহত বনকৰ্মীজনক কৰ্তৃপক্ষৰ সহযোগত কঁহৰাৰ শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কঁহৰাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি বনকৰ্মীজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়  ৷

লগতে পঢ়ক :এখন ফটো দেখি যুৱকৰ উঠিল খং, কামুৰি আহত কৰিলে চাৰিজনক - Attack On Aadhaar Centre Staff

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.