ETV Bharat / state

উমৰাংচুত যিকোনো মুহূৰ্তত ছিগিব পাৰে মথাউৰি - Dima Hasao Floods

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 9:21 PM IST

Dima Hasao Floods: শেহতীয়াকৈ ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । ফলত কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি হৈছে । বাঢ়নী পানীয়ে লংকু জলবিদ্যুৎ প্ৰকল্পৰ এক বৃহৎ অংশ উটুৱাই লৈ গৈছে । শিবিৰত শ শ লোকে লৈছে আশ্ৰয় ।

Dima Hasao Floods
উমৰাংচুত যিকোনো মুহূৰ্তত ছিগিব পাৰে মথাউৰি (ETV Bharat)

হাফলং,৩০ মে': ঘূৰ্ণিবতাহ 'ৰেমলে' দেশৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা গৈছে । উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যত 'ৰেমল'ৰ প্ৰভাৱত ধুমুহা-বৰষুণ হোৱা দেখা গৈছে । অসমৰো কেইবাখনো জিলা শেহতীয়া কেইবাদিনো ধৰি ধুমুহা-বৰষুণৰ কৱলত পৰিছে । ফলস্বৰূপে অসমৰ কিছুমান জিলাত বানৰ পৰিৱেশ দেখা গৈছে । ইফালে কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধি পাইছে ।

এনে পৰিস্থিতিত ডিমা হাছাও জিলাৰ উমৰাংচু লংকু কপিলী জলবিদ্যুৎ প্ৰকল্পত বৰ্ধিত জলস্তৰে ভাবুকিৰ সৃষ্টি কৰিছে । জলস্তৰ ইমানে বৃদ্ধি হৈছে যে যিকোনো মুহূৰ্তত ছিগিব পাৰে মথাউৰি । জানিব পৰা মতে ধাৰাসাৰ বৰষুণৰ পিচত বাঢ়নী পানীয়ে লংকু জলবিদ্যুৎ প্ৰকল্পৰ এক বৃহৎ অংশ উটুৱাই লৈ গৈছে । সম্প্ৰতি মাত্ৰ এটা ব্লকহে সুৰক্ষিত হৈ আছে । আনহাতে উমৰাংচুত নীপকোৱে খানদাং বান্ধৰ ৭ খন গেট খুলি দিয়াৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

মাহুৰ নৈৰ বাঢ়নী পানীয়ে নৈপৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ প্ৰতি ভাবুকি কঢ়িয়াইছে । বহু লোকে ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লৈছে । মাহুৰ নৈৰ বাঢ়নী পানীয়ে মাইবাং ৰণচণ্ডী মন্দিৰৰ প্ৰৱেশদ্বাৰ প্লাৱিত কৰা দেখা গৈছে । ইফালে ডিয়ুং নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে থাইযোৱাৰী আৰু ডিয়ুংবৰা অঞ্চলৰ বহু গাঁও । ডিমা হাছাও জিলাৰ থাইযোৱাৰী অঞ্চলৰ এখন দলঙৰ ওপৰেৰে পানী বাগৰিছে । যাৰ ফলত বহু ঘৰ এতিয়া পানীৰ তলত । ডিয়ুং নৈয়ে সৃষ্টি কৰা বানৰ বাবে বন্ধ হৈ পৰিছে লংকা-হাফলং পথ । ইতিমধ্যে ডিয়ুংবৰাত জিলা প্ৰশাসনে আশ্ৰয় শিবিৰ স্থাপন কৰিছে । দুখনকৈ বিদ্যালয়ত এই আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ।

লগতে পঢ়ক :ভয়াৱহ বানৰ কৱলত ৰাজ্যৰ আঠখন জিলা : ৪১ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত - FLOOD SITUATION OF ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.