ETV Bharat / state

BJP protest in Guwahati : গুৱাহাটীত পাকিস্তানৰ বৈদেশিক মন্ত্রীৰ পুত্তলিকা দাহ

author img

By

Published : Dec 17, 2022, 3:45 PM IST

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভূট্টো জৰ্দাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে গুৱাহাটীৰ লতাশিল খেলপথাৰত বিজেপিৰ ব্যাপক প্ৰতিবাদ (BJP protest in Guwahati)। পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰাজপথ । পাকিস্তানে যি ভাষা বুজি পায় সেই ভাষা পাকিস্তানক বুজাই দিয়াৰ সময় সমাগত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে সাংসদ দিলীপ শইকীয়াই ।

BJP protest in Guwahati
গুৱাহাটীত বিজেপিৰ প্ৰতিবাদ

গুৱাহাটীত বিজেপিৰ প্ৰতিবাদ

গুৱাহাটী,১৭ ডিচেম্বৰ : পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভূট্টো জৰ্দাৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে শনিবাৰে গুৱাহাটীৰ লতাশিল খেলপথাৰত বিজেপিয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে (Pakistan foreign minister controversial statement)। উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পাকিস্তানৰ বৈদেশিক মন্ত্রী বিলাৱাল জৰ্দাৰীয়ে ভাৰতক চূড়ান্ত অপমানৰ লক্ষ্যৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীক কুখ্যাত সন্ত্রাসবাদী লাডেনৰ লগত তুলনা কৰিছিল । পাকিস্তানৰ বিদেশ মন্ত্রীজনে ওছামা বিন লাডেনৰ মৃত্যু হৈছে যদিও ভাৰতৰ গুজৰাটৰ কচাইজন আজিও জীৱিত আছে আৰু তেওঁ হৈছে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী বুলি মন্তব্য কৰিছিল ।

পাকিস্তানৰ বিদেশ মন্ত্রীৰ এই নিৰ্লজ্জ বক্তব্যৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসমতো হৈছে ব্যাপক প্ৰতিক্ৰিয়া । শনিবাৰে বিজেপিৰ গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাই পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলাৱাল ভূট্টো জৰ্দাৰীৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰি গুৱাহাটীৰ লতাশিল খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰে (BJP protest against Pakistan Minister)। তেওঁলোকে বিলাৱাল ভূট্টো জৰ্দাৰীৰ পুত্তলিকা দাহ কৰি পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াই কয় যে পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলাৱাল ভূট্টো জৰ্দাৰীয়ে সকলো সীমা চেৰাই গৈ অতি অভদ্ৰ আচৰণ কৰিলে । যাৰ বাবে বিজেপিয়ে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । জৰ্দাৰীয়ে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে অতি বৰ্বৰ-অসভ্য মন্তব্য কৰিছে ।

বিশ্বৰ অন্যতম জনপ্ৰিয় ৰাজনৈতিক নেতা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ লগতে আৰ এছ এছৰ প্ৰতিও জৰ্দাৰীয়ে অতি অশালীন মন্তব্য কৰিছে বুলি তেওঁ উল্লেখ কৰে । ইয়াক কোনো কাৰণতে সহ্য কৰিব নোৱাৰো বুলি তেওঁ কয় । প্ৰধানমন্ত্রীয়ে বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে জৰ্দাৰীৰ বৰ্বৰ মন্তব্যক সহ্য কৰা নহ'ব । যাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (BJP burn effigy of Pakistan foreign minister)।

তেওঁৰ অভিযোগ পাকিস্তানে কেৱল সন্ত্রাসবাদীক সমৰ্থন দিয়াই নহয় পাকিস্তান আজি সন্ত্রাসবাদত জৰ্জৰিত এখন দেশ । পাকিস্তান এখন অস্থিৰ-অশান্ত দেশ বুলি সদৰি কৰি তেওঁ কয় যে পাকিস্তানে সদায়ে এনেধৰণৰ মন্তব্যৰে ভাৰতক অস্থিৰ কৰিব বিচাৰে । পাকিস্তানে যি ভাষা বুজি পায় সেই ভাষা পাকিস্তানক বুজাই দিয়াৰ সময় সমাগত বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ কেইবাজনো নেতাই অংশ গ্ৰহণ কৰি পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক :APCC Internal Conflict: ৰকিবুল হুছেইনৰ কোপদৃষ্টিত পৰিল নেকি যুৱনেত্ৰী অংকিতা দত্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.