ETV Bharat / state

APCC Internal Conflict: ৰকিবুল হুছেইনৰ কোপদৃষ্টিত পৰিল নেকি যুৱনেত্ৰী অংকিতা দত্ত !

author img

By

Published : Dec 17, 2022, 2:26 PM IST

Updated : Dec 17, 2022, 3:48 PM IST

এইবাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক লৈ দলটোৰ অসমৰ জ্যেষ্ঠ নেতাৰ ৰাজনীতিয়ে প্ৰদেশ কংগ্ৰেছত তোলপাৰ লগাইছে (APCC senior leader politics with Ankita Dutta) ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ অজ্ঞাতে হঠাতে যুৱ কংগ্ৰেছৰ নিৰ্বাচন ঘোষণা কৰে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ নেতৃত্বই ৷ ইয়াকে লৈ দলটোৰ ভিতৰচ’ৰাত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হোৱা বুলিলেও ভুল কোৱা নহ’ব ৷

congress
congress

গুৱাহাটী, ১৭ ডিচেম্বৰ : ৰাজ্যখনত ২০১৬ চনৰ পৰা প্ৰতিটো নিৰ্বাচনত শোচনীয় প্ৰদৰ্শন কৰি আহিলেও অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত বঙহৰ যুঁজ অব্যাহত আছে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ নাও ডুবিলেও টিঙৰ পৰা নামিব নোখোজা একাংশ নেতাৰ অধীনত চলা অন্তঃকন্দলৰ শেহতীয়াভাৱে পুনৰ এবাৰ মুকলি প্ৰকাশ ঘটিছে (internal conflict of APCC leaders) ৷

ৰকিবুল হুছেইনৰ কোপদৃষ্টিত পৰিল নেকি যুৱনেত্ৰী অংকিতা দত্ত !
ৰকিবুল হুছেইনৰ কোপদৃষ্টিত পৰিল নেকি যুৱনেত্ৰী অংকিতা দত্ত !

প্ৰদেশ কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই হাতত ঢাল-তৰোৱাল লৈ নামিছে নৱ-প্ৰজন্মৰ যুৱনেতা-নেত্ৰীৰ বিৰুদ্ধে ৷ এইবাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ (Assam Pradesh Youth Congress President) সভানেত্ৰী অংকিতা দত্তক লৈ দলটোৰ অসমৰ জ্যেষ্ঠ নেতাৰ ৰাজনীতিয়ে প্ৰদেশ কংগ্ৰেছত তোলপাৰ লগাইছে ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ অজ্ঞাতে হঠাতে যুৱ কংগ্ৰেছৰ নিৰ্বাচন ঘোষণা কৰে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ নেতৃত্বই (Assam Pradesh Youth Congress President Election) ৷

ইয়াকে লৈ দলটোৰ ভিতৰচ’ৰাত এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হোৱা বুলিলেও ভুল কোৱা নহ’ব ৷ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলযোগে যুৱ কংগ্ৰেছৰ নিৰ্বাচন ঘোষণা কৰে ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক বৰ্ধন যাদৱে ৷ সংবাদমেলত ঘোষণা কৰে যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ কাৰ্যসূচী ৷ তাৰ পূৰ্বেই বৰ্তমানৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক অপসাৰণ কৰাৰ বাতৰিয়ে ৰাজ্যৰ সংবাদ শিৰোনাম দখল কৰে বৃহস্পতিবাৰে (APCC senior leader politics with Ankita Dutta) ৷

এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষোভ প্ৰকাশ কৰে অংকিতা দত্তই— "ভাল কাম কৰাৰ বাবেই এই পুৰস্কাৰ..." ৷ কম দিনৰ ভিতৰতে সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰা প্ৰক্ৰিয়াক লৈ ক্ষোভ উজাৰে যুৱনেত্ৰী অংকিতা দত্তই ৷ অংকিতাৰ অপসাৰণৰ বাতৰিয়ে প্ৰদেশ কংগ্ৰেছক বাৰুকৈয়ে কোবাই যায় (Ankita Dutta removal from APYC President) ৷ শদিয়াত ভাৰত জোড়ো যাত্ৰাৰ সামৰণী অনুষ্ঠানত ব্যস্ত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ পৰা আৰম্ভ কৰি অসমৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা দলটোৰ ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ সিঙলৈকে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈয়ো বাধ্য হয় ৷

ৰকিবুল হুছেইনৰ কোপদৃষ্টিত পৰিল নেকি যুৱনেত্ৰী অংকিতা দত্ত !
ৰকিবুল হুছেইনৰ কোপদৃষ্টিত পৰিল নেকি যুৱনেত্ৰী অংকিতা দত্ত !

ভূপেন বৰাই কয়, যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ পদ গ’লে পিছত অংকিতা দত্তক দিয়া হ’ব দলৰ আন গুৰুত্বপূৰ্ণ বিষয়বাব ৷ অসমৰ যুৱ কংগ্ৰেছৰ নিৰ্বাচন ঘোষণাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱেই এবছৰৰ পূৰ্বে সভানেত্ৰীৰ দায়িত্ব লোৱা অংকিতা দত্তৰ অপসাৰণ নিশ্চিত হৈ পৰে ৷ ৰাজীৱ ভৱনত বৰ্ধন যাদৱে ঘোষণা কৰা অনুসৰি— অসম যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ বাবে ১৮ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ মনোনয়ন-পত্ৰ গ্ৰহণ প্ৰক্ৰিয়া চলিব ৷

৪ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ চলিব সদস্যভৰ্তি প্ৰক্ৰিয়া ৷ তাৰ পিছতহে ঘোষণা হ’ব নিৰ্বাচনৰ দিন ৷ এতিয়া মূল প্ৰশ্নটো হ’ল— অংকিতা দত্তক এবছৰতে অপসাৰণ কৰি নিৰ্বাচন ঘোষণাৰ আঁৰৰ ৰহস্য কি ? কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰৰ তথ্য মতে, ইয়াৰ আঁৰত আছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নতুন প্ৰজন্মৰ বিৰুদ্ধে ঢাল-তৰোৱাল লৈ যুঁজাৰ প্ৰৱণতা ৷ আঁৰত আছে এজন জ্যেষ্ঠ নেতা (Rakybul Hussain vs Ankita Dutta) ৷

ৰকিবুল হুছেইনৰ কোপদৃষ্টি পৰিল নেকি অংকিতাৰ ওপৰত ?

তুংগত আছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ পদক লৈ দলটোৰ ৰাজনীতি ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ পদৰ পৰা অংকিতা দত্তক অপসাৰণ কৰি নিজৰ পচন্দৰ প্ৰাৰ্থীক দায়িত্ব দিওৱাৰ বাবে পৰিকল্পিতভাৱে নিৰ্বাচন পতাৰ ব্যৱস্থা কৰা হৈছে বুলি কংগ্ৰেছৰ ভিতৰচ’ৰাত চৰ্চা হৈছে ৷ কংগ্ৰেছৰ ভিতৰচ’ৰাত হোৱা চৰ্চা মতে, জ্যেষ্ঠ নেতা তথা বিধায়ক ৰকিবুল হুছেইনৰ সৈতে ৰাজনৈতিকভাৱে সম্পৰ্ক মধুৰ নহয় অংকিতা দত্তৰ ৷

আনহাতে, যুৱ কংগ্ৰেছৰ নেতৃত্বক নিজৰ হাতত ৰাখিব খোজে ৰকিবুল হুছেইনে ৷ সেয়ে এই গোটেই প্ৰক্ৰিয়াটোৰ আঁৰত ৰকিবুল হুছেইনে ছাবি পকাইছে বুলি সৰৱ চৰ্চা হৈছে ৷ খবৰ অনুসৰি, যুৱ কংগ্ৰেছৰ সভাপতিৰ নিৰ্বাচনৰ বাবে নিজৰ পচন্দৰ প্ৰাৰ্থীও সাজু কৰিছে ৰকিবুল হুছেইনে ৷ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ বাবে পৰিতোষ ৰয় নামৰ যুৱ কংগ্ৰেছী এজনক প্ৰক্ষেপ কৰিছে ৰকিবুল হুছেইনে ৷ আনহাতে, কংগ্ৰেছৰ ভিতৰচ’ৰিৰ খবৰ অনুসৰি, সুমন কল্যাণ বৰা নামৰ আন এজন যুৱ কংগ্ৰেছীক প্ৰক্ষেপ কৰিছে বিৰোধীৰ দলপতি তথা কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই ৷

অসমৰ যুৱ কংগ্ৰেছৰ নেতা আৰু ৰকিবুল হুছেইনৰ প্ৰভাৱ

বিগত বহু বছৰ ধৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছক নিজৰ হাতত ৰাখিবলৈ চেষ্টা কৰি আহিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা বিধায়ক ৰকিবুল হুছেইনে ৷ অসমৰ যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত পূৰ্বৱৰ্তী কেইবাজনৰো ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে ৰকিবুল হুছেইনে ৷ তাৰ ভিতৰত হিৰণ্য ভূঞা আৰু কামৰুল ইছলাম চৌধুৰী দুয়োজন যুৱ কংগ্ৰেছৰ সভাপতি আছিল ৰকিবুল হুছেইনৰ প্ৰভাৱতে জয়লাভ কৰা ৷

পৰৱৰ্তী সময়ত কংগ্ৰেছ এৰি হিৰণ্য ভূঞাই বিজেপিত যোগদান কৰে আৰু কামৰুল ইছলাম চৌধুৰীয়ে অগপত যোগদান কৰে ৷ এই দুয়োটা অভিজ্ঞতাই সফল বা মধুৰ নাছিল ৰকিবুল হুছেইনৰ বাবে ৷ এইবাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদক লৈ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ দলীয় ৰাজনীতিৰ প্ৰথম বলি হ’ল অংকিতা দত্ত ৷ বাকী ৰাজনীতিৰ ফলাফল হয়তো আহিব সময়ানুসৰি ৷ কিন্তু যুৱ কংগ্ৰেছৰ সভাপতিৰ পদটোক লৈ কংগ্ৰেছত জ্যেষ্ঠ নেতাৰ অধীনত চলা বঙহৰ যুঁজে দলটোক যে এইবাৰ বাৰুকৈয়ে জোকাৰিছে সেয়া নিশ্চিত ৷

লগতে পঢ়ক :Kharge Targets Modi Govt : ডোকলাম-শিলিগুৰি কৰিডৰক লৈ মোদী চৰকাৰক লক্ষ্য খাৰ্গেৰ

Last Updated :Dec 17, 2022, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.