Protest against Moran Oil India Limited : সমস্যা সমাধানৰ দাবীত মৰাণত ঠিকাদাৰৰ কৰ্মবিৰতি

By

Published : Dec 17, 2022, 3:48 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

চৰাইদেউ জিলাৰ মৰাণস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত বহিছে অইল ইণ্ডিয়াৰ পঞ্জীয়নভূক্ত ঠিকাদাৰ সন্থা (Protest against Moran Oil India Limited) ৷ বিভিন্ন সমস্যাৰ লগতে অভাৱ-অভিযোগসমূহ সমাধানৰ দাবীত অইল ইণ্ডিয়াৰ পঞ্জীয়নভূক্ত ঠিকাদাৰ সন্থাই বিগত ১২ ডিচেম্বৰৰ পৰা পালন কৰি আহিছে কৰ্মবিৰতি (Contractor strike against Moran Oil India Limited)। বিশেষকৈ ঠিকাদাৰসকলে অইলৰ কামসমূহ সম্পূৰ্ণ কৰাৰ পিচতো প্ৰায় আঠ মাহলৈকে বিলৰ ধন আদায় নোপোৱাত বিপাঙত পৰিব লগা হৈছে ঠিকাদাৰসকল । যাৰ বাবে ঠিকাদাৰসকলে কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ আনকি শীঘ্ৰে পাবলগীয়া বিলৰ ধনসমূহ মোকলাই নিদিলে ঠিকাদাৰসকলে জংগী আন্দোলনৰো হুংকাৰ প্ৰদান কৰে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.