ভালকৈ নাচালে ধৰিবকে নোৱাৰি, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ নে বৃহৎ পুখুৰী - Artificial Flood in Jorhat - ARTIFICIAL FLOOD IN JORHAT

🎬 Watch Now: Feature Video

thumbnail
স্থানীয় ব্যক্তিৰ ভাষ্য (etv bharat assam)

By ETV Bharat Assamese Team

Published : May 31, 2024 at 2:09 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক, 31 মে’ : যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত নিৰ্মীয়মাণ ৰাষ্ট্ৰীয় ঘাইপথৰ আঁসোৱাহপূৰ্ণ নিমাৰ্ণকাৰ্য আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অদূৰদৰ্শীতাৰ বাবেই বাৰিষাৰ প্ৰথমজাক বৰষুণতে ডুবিল ৰাষ্ট্ৰীয় ঘাইপথ ৷ পথচাৰীৰ হৈছে বিলৈ । হাতীগড় অঞ্চলৰ নিৰ্মীয়মান অৱস্থাত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা গৈছে এই দৃশ্য ।

নিৰ্মাণৰত পথৰ পৰা পানী নিস্কাষণৰ কোনো সু-ব্যৱস্থা নথকাৰ বাবেই বৃহত্তৰ হাতীগড় অঞ্চলত সম্পূৰ্ণৰূপে পানীৰ তলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ স্তব্ধ হৈ পৰিছে জনজীৱন ৷ বিপদসংকুলভাৱেই পানীৰ মাজেৰে পাৰ হৈছে পথচাৰী ৷ বৰ্তমানলৈকে উপস্থিত হোৱা নাই কোনো বিভাগীয় বিষয়া-কৰ্মচাৰী ।

উল্লেখ্য যে, উক্ত পথছোৱা নিৰ্মাণৰ সময়ত বহুবাৰ স্থানীয় দল-সংগঠন, সমাজ-সচেতন ব্যক্তিয়ে আঁসোৱাহসমূহ তদাৰকী সন্থা তথা ঠিকাদাৰী প্ৰতিষ্ঠানৰ দৃষ্টি গোচৰ কৰি আহিছিল যদিও ৰাইজৰ কথাত কোনো সঁহাৰি নজনাই সন্থাসমূহে নিজৰ খেয়ালখুঁচি মতে এইদৰে কাম কৰি যোৱাৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন হৈছে ।

কেৱল হাতীগড় অঞ্চলতে নহয় যোৰহাটৰ পৰা জাঁজী পৰ্যন্ত পথছোৱাত য’তে-ত'তে অসম্পূৰ্ণভাৱে কাম অব্যাহত ৰখাৰ ফলত উক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অঞ্চলত এই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৷ যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল ৷ সমানে প্ৰতিটো মূহুৰ্ততে দুৰ্ঘটনাৰ আশংকাই দেখা দিছে ৷

লগতে পঢ়ক : বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ; আতংকিত নৈপৰীয়া - Assam flood 2024

ABOUT THE AUTHOR

...view details