ETV Bharat / state

Manohari Gold tea: চাহ নিলামত পুনৰ অভিলেখ অসমৰ মনোহাৰী চাহৰ

author img

By

Published : Dec 17, 2022, 5:58 PM IST

Updated : Dec 17, 2022, 10:38 PM IST

পুনৰ ৰেকৰ্ড সংখ্যক মূল্যত চাহপাত বিক্ৰী কৰিলে মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records) । প্ৰতিকেজি চাহৰ দাম হ'লগৈ ১,১৫,০০০ টকা । ক্ৰয় হায়দৰাবাদৰ নিলুফাৰ কেফেৰ ।

Manohari Tea
Manohari Tea

চাহ নিলামত পুনৰ অভিলেখ অসমৰ মনোহাৰী চাহৰ

মৰাণ, ১৭ ডিচেম্বৰ : ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ চাহ উদ্যোগলৈ আহিছে আন এক সু-সংবাদ (Assam Tea set world record) । চাহ নিলাম কেন্দ্ৰত পুনৰ অভিলেখ গঢ়িলে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই । এশ দুশ নহয়, প্ৰতিকেজিত ১,১৫,০০০ টকাত গ'ল্ড টী (Manohari Gold tea) বিক্ৰী কৰি বিশ্ব অভিলেখ গঢ়ি অসমৰ চাহ উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিলে মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records) ।

উল্লেখ্য, এই চাহ ক্ৰয় কৰিছে হায়দৰাবাদৰ কেফে নিল'ফাৰ নামৰ প্ৰতিষ্ঠান স্বত্ত্বাধিকাৰী শশাংক আনুমুলাই (Cafe Niloufer in Hyderabad) । ১৬ ডিচেম্বৰত এই সৰ্বোচ্চ মূল্যত নিলাম কৰিবলৈ সক্ষম হোৱাৰ পূৰ্বে তিনিবাৰকৈ অভিলেখ গঢ়িছে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই ।

উল্লেখযোগ্য যে ২০২১ বৰ্ষত ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই । প্ৰতিকেজিত ৯৯,৯৯৯ টকাত চাহ বিক্ৰী কৰি বিশ্ব অভিলেখ গঢ়িছিল । ইয়াৰ পূৰ্বৰ দুটাকৈ নিজৰে অভিলেখ ভংগ কৰি তৃতীয়বাৰলৈ মনোহাৰী বাগিচাই গ’ল্ড টী ৯৯,৯৯৯ টকাত বিক্ৰী কৰিছিল নিলামত (Manohari Gold tea sold for record amount) । আনহাতে, ২০২০ বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত (Gauhati Tea Auction Centre) নিলামৰ সময়ত এই ধৰণৰ বিশেষ চাহ প্ৰতি কিলোগ্ৰামত 75,000.00 টকা মূল্যত বিক্ৰী কৰা হৈছিল । যিটো মূল্য আছিল চাহ নিলামৰ ক্ষেত্ৰত সেই সময়ৰ অভিলেখ ।

কেৱল সিমানেই নহয়, ডিব্ৰুগড়ৰ এই মনোহাৰী চাহ বাগিচাই চাহ নিলামৰ ক্ষেত্ৰত বিগত ২০১৮ চনত প্ৰতিকেজি চাহত ৩৯,০০১ টকাত নিলাম কৰি অভিলেখ গঢ়িছিল । পুনৰ ২০১৯ চনত নিজৰেই ৰেৰ্কড ভংগ কৰি প্ৰতিকেজি চাহ নিলাম হৈছিল ৫০ হাজাৰ টকাত (five times record holder Manohari Tea) ।

এইবাৰ এই সকলোবোৰ অভিলেখ ভংগ কৰি পুনৰ ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই বিশ্বৰ চাহৰ বজাৰৰ সৰ্বোচ্চ মূল্যৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য, ডিব্ৰুগড় জিলাৰ নগাঘুলিত অৱস্থিত মনোহাৰী চাহ বাগানৰ স্বত্ত্বাধিকাৰী হৈছে ৰাজন লোহিয়া ।

লগতে পঢ়ক :BJP protest in Guwahati : গুৱাহাটীত পাকিস্তানৰ বৈদেশিক মন্ত্রীৰ পুত্তলিকা দাহ

Last Updated :Dec 17, 2022, 10:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.