ETV Bharat / state

AAECA Conference in Guwahati: বিদ্যুৎ বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰাহক অভিৱৰ্তন

author img

By

Published : Dec 17, 2022, 4:43 PM IST

বিদ্যুৎ বিভাগৰ কেইবাটাও সিদ্ধান্তৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল গ্ৰাহক অভিৱৰ্তন AAECA Conference in Guwahati)৷ বিভাগক জনোৱা হ’ল কেইবাটাও দাবী ৷ আন্দোলনৰ কাৰ্যসূচীৰো যো-জা চলাইছে অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনে (All Assam Electricity Consumers Association)৷

AAECA Conference in Guwahati
বিদ্যুৎ বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰাহক অভিৱৰ্তন

বিদ্যুৎ বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰাহক অভিৱৰ্তন

গুৱাহাটী, ১৭ ডিচেম্বৰ : বিদ্যুৎ বিভাগৰ কেইবাটাও শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হ’ল গ্ৰাহক অভিৱৰ্তন ৷ অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনৰ উদ্যোগত অনুষ্ঠিত অভিৱৰ্তনৰ জৰিয়তে বিদ্যুৎ বিভাগক কৰা হ’ল একাধিক দাবী ৷ পৰৱৰ্তী সময়ত বিদ্যুৎ বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনৰো যো-জা চলাইছে ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনে (All Assam Electricity Consumers Association)৷

ৰাজ্যত শেহতীয়াকৈ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বিদ্যুতৰ বিল, বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ বেচৰকাৰীকৰণ, বিদ্যুৎ সংশোধনী বিধেয়ক-২০২০ (Electricity amendment bill 2020) আৰু প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ(Smart electricity meter Assam) বিৰোধিতা কৰিছে অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনে ৷ বিদ্যুৎ খণ্ডৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে অসম সাহিত্য সভাৰ লক্ষ্মীনাথ বৰুৱা সদনত অনুষ্ঠিত কৰা হয় ৰাজ্যিক বিদ্যুৎ গ্ৰাহক অভিৱৰ্তন ৷ অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনৰ উদ্যোগত আয়োজিত এই অভিৱৰ্তনত আমন্ত্ৰিত বক্তা হিচাবে উপস্থিত থাকে দিল্লীৰ বিদ্যুৎ গ্ৰাহক আন্দোলনৰ নেতা আৰু অল ইণ্ডিয়া ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ কাৰ্যকৰী সভাপতি ৰমেশ পৰাশৰ আৰু সমাজকৰ্মী বিমল দাস ৷

এছচিয়েছনৰ আহ্বায়ক অজয় আচাৰ্যই সংবাদ মাধ্যমৰ সন্মুখত কয় যে বিগত কেইবাহ মাহৰ পৰা গ্ৰাহকৰ বিদ্যুতৰ বিল তিনি-চাৰি গুণ পৰ্যন্ত বৃদ্ধি পাইছে (Electricity rate hike Assam)। কোনো নিয়ম নীতিৰ দ্ধাৰা পৰিচালিত নহৈ বিদ্যুৎ বিভাগে জনসাধাৰণক অন্ধকাৰত ৰাখি নিজৰ ইচ্ছা মতে লুন্ঠন প্ৰক্ৰিয়া চলাই অহাৰ অভিযোগ উত্থাপন কৰে অজয় আচাৰ্যই ৷ বিদ্যুৎ ক্ষেত্ৰত চলি থকা এই সমগ্ৰ বিষয়সমূহ মূলতে বিভাগটো বেচৰকাৰীকৰণ বুলি উল্লেখ কৰে ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনৰ আহ্বায়ক অজয় আচাৰ্যই ৷

লগতে তেওঁ কয় যে, বিদ্যুতৰ বেচৰকাৰীকৰণ হ’লে সাধাৰণ মানুহ বিদ্যুৎ ব্যৱহাৰৰ পৰা বঞ্চিত হ’ব৷ সেয়েহে ৰাজ্যৰ বিদ্যুত গ্ৰহকসকল ঐক্যবন্ধ হৈ ব্যাপক গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ বাবে শনিবাৰৰ অভিৱৰ্তনখনৰ আয়োজন কৰা হয় বুলি উল্লেখ কৰে ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ'চিয়েছনৰ বিষয়ববীয়াই ৷

লগতে পঢ়ক: Raijor Dal Protest in Sivasagar: জয়সাগৰত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ৰাইজৰ দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.