ETV Bharat / state

Municipality Worker Protest : প্ৰাপ্য দাবীত যোৰহাট পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Dec 17, 2022, 4:41 PM IST

Updated : Dec 17, 2022, 5:50 PM IST

শনিবাৰে নিজৰ প্ৰাপ্যৰ দাবীত যোৰহাট পৌৰসভাৰ কাযালয়ত পৌৰকৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Municipal worker protest at Jorhat Municipality) ।

Jorhat
Jorhat

প্ৰাপ্য দাবীত যোৰহাট পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ

যোৰহাট, ১৭ ডিচেম্বৰ : শনিবাৰে নিজৰ প্ৰাপ্যৰ দাবীত যোৰহাট পৌৰসভাৰ কাযালয়ত পৌৰকৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Municipal worker protest at Jorhat Municipality) । ন্যায্য প্ৰাপ্তিৰ দাবীত শনিবাৰে যোৰহাট পৌৰসভা কাৰ্যালয়ৰ সন্মুখত আৰু পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে পৌৰসভাৰ কৰ্মীসকলে (Jorhat Municipality worker protest) ।

পৌৰসভা কৰ্মীসকলে দীৰ্ঘদিন ধৰি কম মজুৰিত অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰি আহিছে যদিও আজিকোপতি তেওঁলোকৰ চাকৰি স্থায়ী নকৰাৰ লগতে প্ৰাপ্য মজুৰি বৃদ্ধি কৰা নাই (Jorhat Municipality worker demand salary) । ফলত তেওঁলোকৰ অৱস্থা তথৈবচ হৈ পৰিছে । তেওঁলোকৰ প্ৰাপ্য মজুৰি ১৮ হাজাৰ টকালৈ বৃদ্ধি কৰা, চাকৰি স্থায়ীকৰণ কৰা আৰু পি এফৰ সুবিধা প্ৰদান কৰা আদি দাবীত পৌৰসভা কাৰ্যালয়ৰ সন্মুখত প্ৰথমতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ইয়াৰ পিছত পৌৰসভা কাৰ্যালয়ৰ ভিতৰতো কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । আমাৰ অস্থায়ী চাকৰি স্থায়ী কৰক, আমাৰ পাৰিশ্ৰমিক ১৮০০ টকালৈ বৃদ্ধি কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে পৌৰকৰ্মীসকলে (Municipality worker protest for regularisation) । লগতে পৌৰকৰ্মীসকলে তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক-পত্ৰ পৌৰপতি, পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীলৈ প্ৰেৰণ কৰে ।

উক্ত দাবীসমূহ অনাগত দিনত কাৰ্যকৰী নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰো প্ৰদান কৰে পোৰকৰ্মীসকলে । উল্লেখ্য যে যোৰহাট পৌৰসভাৰ পৌৰকৰ্মীসকলে নিজৰ সমস্যা সমাধানৰ দাবীত বিগত সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

লগতে পঢ়ক :Police Mentally abused Child : আৰক্ষী বিষয়াৰ ভাবুকিত ত্ৰস্ত ৪ বছৰীয়া শিশু !

Last Updated :Dec 17, 2022, 5:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.