ETV Bharat / state

Pitambar pith dham: দ্বিতীয় বৈকুণ্ঠধামত পৰিণত বিহালী ৰাংছালী পীতাম্বৰ পীঠ ধাম

author img

By

Published : Dec 17, 2022, 6:49 PM IST

দ্বিতীয় বৈকুণ্ঠধামত পৰিণত হৈছে বিহালীৰ ৰাংছালী পীতাম্বৰ পীঠ ধাম (Pitambar pith dham) ৷ কিয়নো আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীকৃষ্ণ প্ৰনামী জাগনী মহোৎসৱ ৷ পীতাম্বৰ পীঠ ধামত বিশ্বশান্তি তথা হিন্দু জাগৰণৰ উদ্দেশ্যে সপ্তাহযোৰা কাৰ্যসূচীৰে ১২৫ শ্ৰীমদ্ভাগৱত পাঠ, কৃষ্ণ কথা, ১২৫ তাৰতম সাগৰ পাঠৰ লগতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ।

Rangsali Pitambar Peeth Dham become the second heavenly abode
দ্বিতীয় বৈকুণ্ঠধামত পৰিণত বিহালী ৰাংছালী পীতাম্বৰ পীঠ ধাম

দ্বিতীয় বৈকুণ্ঠধামত পৰিণত বিহালী ৰাংছালী পীতাম্বৰ পীঠ ধাম

বিশ্বনাথ, ১৭ ডিচেম্বৰ: আজিৰে পৰা বিহালীৰ ৰাংছালীত আৰম্ভ হৈছে শ্ৰীকৃষ্ণ প্ৰনামী জাগনী মহোৎসৱ । ১৮৯৭ চনত শ্ৰী ১০৮ পীতাম্বৰ দাসজী মহাৰাজৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰ্তমানৰ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত ৰাংছালী গাঁৱত প্ৰতিষ্ঠা কৰা হৈছিল ৰাধা কৃষ্ণ প্ৰনামী মন্দিৰ পীতাম্বৰ পীঠ ধাম (Pitambar Peeth Dham) ৷ পীতাম্বৰ পীঠ ধামৰ মন্দিৰভাগ এতিয়া 125 বছৰ গৰিকিলে (Pitambar Peeth Dham in Biswanath) ৷

পীতাম্বৰ পীঠ ধামত বিশ্বশান্তি ও হিন্দু জাগৰণৰ উদ্দেশ্য আগত ৰাখি সপ্তাহযোৰা কাৰ্যসূচীৰে 17 ডিচেম্বৰৰ পৰা অৰ্থাৎ আজিৰে পৰা ২৩ ডিচেম্বৰলৈকে ১২৫ শ্ৰীমদ্ভাগৱত পাঠ, কৃষ্ণ কথা, ১২৫ তাৰতম সাগৰ পাঠৰ লগতে বৰ্ণাঢ্য কাৰ্যসূচীৰে ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে (125 Srimad Bhagavatam Lessons)। আজি বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অনুষ্ঠানৰ ধাৰ্মিক শোভাযাত্ৰাৰ উদ্বোধন কৰে ।

ইতিমধ্যেই মন্দিৰভাগলৈ আগমন ঘটিছে অগনন ভক্তৰ ৷ নেপালৰ কাঠমাণ্ডু, গুজৰাট, পশ্চিমবংগ, শুক্লাই আৰু নাওজান আদিৰ পৰা তিনি হাজাৰৰো অধিক লোক আহি সমবেত হৈছেহি । মহিলাসকলে পুৱাই মূৰত কলহ লৈ শোভাযাত্ৰা কৰি 7 টা কুঁৱাৰ পানী সংগ্ৰহ কৰি আৰম্ভ কৰে এই কাৰ্যসূচী ৷ পশ্চিমবংগৰ পৰা অহা এগৰাকী ধৰ্মপ্ৰাণ ভক্তই কয় যে পীতাম্বৰ দাসজী মহাৰাজে 125 বছৰ পূৰ্বে এক জাগৰণৰ সৃষ্টি কৰিছিল ৷ খেতি কেনেকৈ কৰিব লাগে, পশুধন কেনেকৈ পালন কৰিব লাগে আৰু ধৰ্ম পালন কেনেকৈ কৰিব লাগে সেই বিষয়ে এই মন্দিৰভাগত শিক্ষা প্ৰদান কৰিছিল ৷ মন্দিৰভাগে 125 বছৰ গৰকা উপলক্ষে আজিৰে পৰা ১২৫ শ্ৰীমদ্ভাগৱত পাঠ কৃষ্ণ কথা, ১২৫ তাৰতম সাগৰ পাঠ, শোভাযাত্ৰাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আৰম্ভ হৈছে ৷

ইফালে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই ধাৰ্মিক শোভাযাত্ৰা উদ্বোধন কৰি কয় যে ভাৰতৰ ভিন্ন স্থানৰ পৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজ আহিছে ৷ কৃষ্ণৰসেৰে মুখৰিত হৈছে অঞ্চলটো । বিশ্বশান্তি তথা ৰাজ্যবাসীৰ শান্তিৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷ এই ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান সমূহৰ প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত হোৱাৰ কামনা কৰা বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ লগতে উদ্যোক্তাই জানিব দিয়া অনুসৰি এই অনুষ্ঠানত প্ৰতিদিনেই দহ হাজাৰৰো অধিক ভক্তগণে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: Namghar Samaroh in North Guwahati : ভক্তিৰসত ডুব গৈছে উত্তৰ গুৱাহাটী, সোঁত বৈছে অগণন ভক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.