ETV Bharat / state

7 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Dec 31, 2021, 7:04 PM IST

7 বজাৰ সংবাদ শীৰ্ষ
7 বজাৰ সংবাদ শীৰ্ষ

7 বজাৰ সংবাদ শীৰ্ষ

Suspected omicron casualty: ভাৰতৰ প্ৰথমটো সন্দেহজনক অ'মিক্ৰণত মৃত্যুৰ ঘটনা

মহাৰাষ্ট্ৰত এগৰাকী ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ চাঞ্চল্য । মৃত্যুৰ পাছত অহা ফলাফলত লোকজনৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি পোৱা গৈছে । সেয়েহে বহুতে সন্দেহ কৰা মতে এয়া ভাৰতৰ প্ৰথমটো অ'মিক্ৰণত মৃত্যুৰ ঘটনা (Suspected omicron casualty in Pune)। অৱশ্যে চিকিৎসকে লোকজনৰ মৃত্যু হৃদৰোগত হোৱা বুলি দাবী কৰিছে ।

31 ডিচেম্বৰৰ ধামাকা : IPS আনন্দ মিশ্ৰই বিতৰণ কৰিছে স্মাৰ্ট ফোন

বছৰৰ অন্তিমটো দিনত মোবাইল বিতৰণ কৰিলে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (IPS Ananda Mishra distributing smartphones)। মোবাইল লাভ কৰি নগাঁও আৰক্ষীক ধন্যবাদ জনালে বহু লোকে। জানো আহক কিয় আনন্দ মিশ্ৰই বিতৰণ কৰিছে স্মাৰ্টফোন ৷

ৰাজ্যৰ ৩৬ লাখ লোকৰ বাবে ১০ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ’ব ক'ভিডৰ বুষ্টাৰ ড'জ

১০ জানুৱাৰীৰ পৰা ৬০ বছৰৰ উৰ্ধৰ লোক আৰু ক'ভিড যোদ্ধাসকলক ক'ভিডৰ তৃতীয় পালি অৰ্থাৎ বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব (Assam govt guideline for covid booster dose)। ৩ জানুৱাৰীৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব । উক্ত বয়সৰ ৰাজ্যত প্ৰায় ২০ লাখ ছাত্র-ছাত্রী তথা কিশোৰ-কিশোৰী আছে । ছাত্র-ছাত্রীসকলক বিদ্যালয়তে প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

31st Celebration in Guwahati : 31 ডিচেম্বৰ উপলক্ষে DJ Lockup ৰ ব্যৱস্থা অসম আৰক্ষীৰ

থাৰ্টি ফাৰ্ষ্ট উদযাপনৰ সময়ত আইন অমান্য কৰিলে DJ Lockupত যাপন কৰিব লাগিব সময় অথবা ভৰিব লাগিব বুজন পৰিমানৰ জৰিমনা ৷ গুৱাহাটী মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই দিলে এই সতৰ্কবাণী (Guideline for 31st celebration in Guwahati) ৷

অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰণয়নৰ দাবী ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ অধ্যক্ষ ভৰত গান্ধীৰ

শেহতীয়াকৈ ৰঙিয়াত বিজেপি আৰু ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেল দলৰ কৰ্মকৰ্তাৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল (BJP-VPI worker conflict in Rangia)। ইয়াৰ পাছতে ভিপিআই দলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভৰত গান্ধীয়ে দাবী কৰিছে যে ৰঙিয়াত গুণ্ডাৰাজ চলিছে । ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰণয়ন কৰাৰ দাবী নেতাগৰাকীৰ ।

Encounter in Lakhimpur : বান্দৰদোৱা আৰক্ষীৰ গুলীত আহত ২ ড্ৰাগছ সৰবৰাহকাৰী

বছৰৰ শেষ দিনটোত গৰজি উঠিল লখিমপুৰ আৰক্ষীৰ বন্দুক । আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী(Drug peddler injured in encounter in Lakhimpur) । গুলীবিদ্ধ হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুটা আজিজুৰ ৰহমান আৰু ছাইদুল আলী ।

হোজাইত মুকলি অসমৰ প্ৰথমটো দক্ষতা বিকাশ প্ৰতিষ্ঠান ‘দিকচা'

হোজাই জিলাত মুকলি অসমৰ প্ৰথমটো দক্ষতা বিকাশ প্ৰতিষ্ঠান (Skill development centre in Hojai) ৷ ডালমিয়া ভাৰত ফাউণ্ডেচনৰ সহযোগত(Dalmia Institute of Knowledge and Skill Harnessing) মুকলি কৰা হয় এই দক্ষতা বিকাশ প্ৰতিষ্ঠান কেন্দ্ৰটো ৷

ভূত বাংলোত পৰিণত হৈছে দীঘলী উপ-স্বাস্থ্যকেন্দ্ৰ

নামতহে আছে উপ-স্বাস্থ্যকেন্দ্ৰ । এগৰাকীও নাৰ্চ নাই ডিব্ৰুগড়ৰ দীঘলী উপ-স্বাস্থ্যকেন্দ্ৰত(Shortage of nursing staff in Dighalibeel health centre) । সাধাৰণ অসুখৰ বাবেও নাহৰকটীয়া অথবা দুলীয়াজানৰ হাস্পতাললৈ যাব লাগে ৰোগী । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিত জৰাজীৰ্ণ অৱস্থা হৈছেগৈ দীঘলী উপ-স্বাস্থ্যকেন্দ্ৰৰ ।

বৃহস্পতিবাৰে অন্ত পৰিল একাদশ কলগাছিয়া গ্ৰন্থমেলা

একাদশ কলগাছিয়া গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত উন্মোচন কৰা হ'ল কলগাছিয়া গ্ৰন্থমেলাৰ স্মৰণিকা "কলগাছিয়া দৰ্পন"(11th Kalgachia Book Fair) । গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সভাপতিত্বত সামৰণি অনুষ্ঠান আয়োজিত হয় । "কলগাছিয়া দৰ্পন" শীৰ্ষক স্মৰণিকাখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাাৰ গোস্বামীয়ে ।

নগাঁৱত ইংৰাজী ভাষাত ৰচিত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ উন্মোচন

উন্মোচন কৰা হ'ল পাৰ্থজিৎ বৰুৱা ৰচিত Jyotiprasad, Joymoti, Indramalati and beyond, History of Assamese cinema শীৰ্ষক গ্ৰন্থখন । বুধবাৰে নগাঁও প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা সত্যশ্ৰী আগৰৱালা দাসে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.