হোজাইত মুকলি দক্ষতা বিকাশ প্ৰতিষ্ঠান ‘দিকচা'
Updated on: Dec 31, 2021, 9:15 PM IST

হোজাইত মুকলি দক্ষতা বিকাশ প্ৰতিষ্ঠান ‘দিকচা'
Updated on: Dec 31, 2021, 9:15 PM IST
হোজাই জিলাত মুকলি দক্ষতা বিকাশ প্ৰতিষ্ঠান (Skill development centre in Hojai) ৷ ডালমিয়া ভাৰত ফাউণ্ডেচনৰ সহযোগত(Dalmia Institute of Knowledge and Skill Harnessing) মুকলি কৰা হয় এই দক্ষতা বিকাশ প্ৰতিষ্ঠান কেন্দ্ৰটো ৷
হোজাই, 31 ডিচেম্বৰ : হোজাই জিলাত দক্ষতা বিকাশ প্ৰতিষ্ঠান ‘দিকচা' (DIKSHA - Dalmia Institute of Knowledge and Skill Harnessing) মুকলি কৰা হয় । বুধবাৰে হোজাই জিলাৰ লংকাত ডালমিয়া ভাৰত গ্ৰুপৰ কৰ্প'ৰেট সামাজিক দায়বদ্ধতা শাখা ডালমিয়া ভাৰত ফাউণ্ডেচনে হোজাই জিলা লংকাত ‘দীক্ষা' নামৰ এটা দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে (Skill development centre inaugurate in Hojai) । লংকাত থকা চিমেন্ট উৎপাদন প্ৰকল্পৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ সুবিধাৰ্থে এই কেন্দ্ৰটো মুকলি কৰা হয় ।
খুচুৰা বিক্ৰী, ইলেক্ট্ৰিচিয়ান আদি বিভিন্ন শাখাত দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিব ডালমিয়া চিমেন্টে । নগাঁও, কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ স্থানীয় যুৱক-যুৱতীসকলক নিযুক্তিৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰতিষ্ঠানটোৱে । লংকা ডালমিয়া চিমেন্ট কোম্পানীৰ মহাপ্ৰৱন্ধক গাৰাকীয়ে জানিবলৈ দিয়া মতে, এই প্ৰশিক্ষণ কেন্দ্ৰৰ যোগেদি এহেজাৰৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ।
উল্লেখ্য যে, সমগ্ৰ দেশতে ডালমিয়া ভাৰত ফাউণ্ডেচন (Dalmia Bharat Foundation)ৰ এনে ১২ টা দক্ষতা বিকাশ কেন্দ্ৰ আছে ।
দক্ষতা বিকাশ কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ (Lumding MLA Sibu Misra)ই । এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ (Hojai MLA Ramkrishna Ghosh) উপৰিও বিভিন্ন বিভাগৰ চৰকাৰী বিষয়াৰ লগতে কোম্পানীটোৰ বিষয়ববীয়া আৰু পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকল ।
লগতে পঢ়ক : Sahitya Akademy Award 2021 : গৌতম দৈমাৰীলৈ সাহিত্য অকাডেমীৰ যুৱ বঁটা
