ETV Bharat / crime

31 ডিচেম্বৰৰ ধামাকা : IPS আনন্দ মিশ্ৰই বিতৰণ কৰিছে স্মাৰ্ট ফোন

author img

By

Published : Dec 31, 2021, 4:33 PM IST

ips-ananda-mishra-distributing-smartphones-in-nagaon
31 ডিচেম্বৰৰ ধামাকা : IPS আনন্দ মিশ্ৰই বিতৰণ কৰিছে স্মাৰ্ট ফোন

বছৰৰ অন্তিমটো দিনত মোবাইল বিতৰণ কৰিলে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (IPS Ananda Mishra distributing smartphones)। মোবাইল লাভ কৰি নগাঁও আৰক্ষীক ধন্যবাদ জনালে বহু লোকে। জানো আহক কিয় আনন্দ মিশ্ৰই বিতৰণ কৰিছে স্মাৰ্টফোন ৷

নগাঁও, 31 ডিচেম্বৰ : বছৰৰ অন্তিমটো দিনত নগাঁৱৰ জনপ্ৰিয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই বিতৰণ কৰিছে মোবাইল ফোন (IPS Ananda Mishra distributing smartphones) । আনন্দ মিশ্ৰৰ পৰা মোবাইল লোৱাৰ বাবে শাৰী পাতিছে বহু লোকে । এই শাৰীত আছে কলেজীয়া ছাত্ৰ-ছাত্ৰী, পুৰুষ, মহিলা সকলো ৷ প্ৰকৃততে, নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ পৰা ৰাইজে সংগ্ৰহ কৰা এই মোবাইলসমূহ হৈছে চুৰি হোৱা মোবাইল ।

উল্লেখ্য যে, ঝাৰখণ্ডৰ এটা মোবাইল চুৰি চক্ৰৰ লগতে স্থানীয় একাংশ মোবাইল চোৰে নগাঁৱৰ বিভিন্ন প্ৰান্তত গঢ়ি তুলিছিল মোবাইল চুৰিৰ এক বৃহৎ নেটৱৰ্ক (Mobile phone thief network in Nagaon) । নগাঁৱৰ এগৰাকী নিষ্ঠাবান আৰক্ষী কনিষ্টবল জিতেন নাথৰ সততা আৰু কৰ্তব্যপৰায়নতাৰ বাবেই নগাঁও আৰক্ষীয়ে বিগত কেইদিনত মোবাইল চোৰৰ বৃহৎ নেটৱৰ্ক উৎখাত কৰিবলৈ সক্ষম হৈছিল ।

31 ডিচেম্বৰৰ ধামাকা : IPS আনন্দ মিশ্ৰই বিতৰণ কৰিছে স্মাৰ্ট ফোন

ইয়াৰ পিছত মোবাইল চুৰি চক্ৰৰ পৰা দুশৰো অধিক মোবাইল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী বাহিনী (Nagaon police seized stolen smartphone)। অৱশেষত, উদ্ধাৰ হোৱা চুৰি মোবাইল কেইটাৰ গৰাকী চিনাক্ত কৰি শুকুৰবাৰে অৰ্থাৎ বছৰৰ অন্তিম দিনটোত মোবাইলৰ গৰাকীক চমজায় দিয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ সহ আৰক্ষী বিষয়াসকলে । ইপিনে, চুৰি হোৱা মোবাইল ফোন কেইটা পুনৰ লাভ কৰি নগাঁও আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে মোবাইলৰ গৰাকীসকলে ।

লগতে পঢ়ক : Encounter in Jorhat : আৰক্ষীৰ গুলিত গুলীবিদ্ধ পচা ওৰফে ৰমেশ বাছফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.