ETV Bharat / city

Encounter in Jorhat : আৰক্ষীৰ গুলিত গুলীবিদ্ধ পচা ওৰফে ৰমেশ বাছফৰ

author img

By

Published : Dec 31, 2021, 7:44 AM IST

Updated : Dec 31, 2021, 8:23 AM IST

drugs-mafia-injured-by-police-encounter-in-jorhat
যোৰহাটত গুলীবিদ্ধ দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

শুকুৰবাৰে পুৱতি নিশা যোৰহাট আৰক্ষীৰ এনকাউণ্টাৰ (Encounter in Jorhat) ৷ আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া(Drug Mafia injury in police encounter) ৷ ভৰিত আঘাতপ্ৰাপ্ত ড্ৰাগছ মাফিয়া ৰমেশ বাছফৰক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৷

যোৰহাট, 31 ডিচেম্বৰ : আকৌ গৰজি উঠিল অসম আৰক্ষীৰ মাৰণাস্ত্ৰ । অপৰাধীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে অসম আৰক্ষী । অপৰাধ দমনৰ বাবে যিকোনো পন্থাই অৱলম্বন কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে । কোনো কাৰণতে যেন অপৰাধীক সাৰি যাবলৈ নিদিয়ে তাৰেই পন্থা হাতত লৈছে অসম আৰক্ষীয়ে ৷

এইবাৰ যোৰহাটত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া(Drugs Mafia injured by police encounter) কলা সম্ৰাট পচা ওৰফে ৰমেশ বাছফ ৷ বৃহস্পতিবাৰে ধুবুৰীত অভিযান চলাই যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ড্ৰাগছ মাফিয়া পচাক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগতে জুৱাৰ সৈতে জড়িত হৈ আছিল পচা ওৰফে ৰমেশ ৷ বৃহস্পতিবাৰে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ল’জত আত্মগোপন কৰি থকাৰ অৱস্থাতে যোৰহাট আৰক্ষীয়ে আটক কৰিছিল পচা ওৰফে ৰমেশক ৷ ধুবুৰীৰ পৰা যোৰহাট লৈ আনি থকা অৱস্থাত যোৰহাটৰ পানিচকুৱাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় মাফিয়া পচাই ৷ যাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় (Encounter in Jorhat) ৷ সোঁ ভৰিৰ আঁঠুৰ তলত আঘাতপ্ৰাপ্ত পচাক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৷

উল্লেখ্য যে, যোৰহাটৰ হৰিজন কলিনত বিগত 20 ডিচেম্বৰত অবৈধ জুৱা খেলক লৈ ৰাইজৰ সৈতে হতাহতি হৈছিল পচা ওৰফে ৰমেশৰ । আনকি যোৰহাট আৰক্ষী ঘটনাস্থলীত গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়াও হৈছিল । ইয়াৰোপৰি বিগত বহু বছৰ ধৰি পচা ওৰফে ৰমেশ বাছফৰে জুৱা আৰু ড্ৰাগছৰ এখন কলা সম্ৰাজ্য চলাই আহিছিল । যাৰ ফলত উপায় বিহীন হৈ হৰিজন কলনিৰ ৰাইজে পচাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৷

ৰাইজৰ প্ৰতিবাদ আৰু উগ্ৰ ৰূপ দেখি পচা ওৰফে ৰমেশ বাচফৰৰ সৈতে আন 5 জনক আটক কৰিছিল যোৰহাট আৰক্ষীয়ে ৷ সদৰ থানালৈ আনি থকা অৱস্থাত হঠাতে পলায়ন কৰিছিল কলা সম্ৰাট পচাই । পচাৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে ধুবুৰীত পচাৰ স্থিতিৰ বিষয়ে অৱগত হৈ এখন হোটালত আত্মগোপন কৰি থকাৰ অৱস্থাত আটক কৰিছিল অপৰাধী পচা ওৰফে ৰমেশক ৷

লগতে পঢ়ক: Illegal coal smuggling in Assam : লিডুৰ কয়লা ছিণ্ডিকেটৰ ভিডিঅ' ৰাজহুৱা বিৰোধী দলপতিৰ

Last Updated :Dec 31, 2021, 8:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.