ETV Bharat / state

অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰণয়নৰ দাবী ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ অধ্যক্ষ ভৰত গান্ধীৰ

author img

By

Published : Dec 31, 2021, 6:21 PM IST

Rangia
ৰঙিয়াত বিস্ফোৰক মন্তব্য VPI দলৰ অধ্যক্ষ ভৰত গান্ধীৰ

শেহতীয়াকৈ ৰঙিয়াত বিজেপি আৰু ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেল দলৰ কৰ্মকৰ্তাৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল (BJP-VPI worker conflict in Rangia)। ইয়াৰ পাছতে ভিপিআই দলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভৰত গান্ধীয়ে দাবী কৰিছে যে ৰঙিয়াত গুণ্ডাৰাজ চলিছে । ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰণয়ন কৰাৰ দাবী নেতাগৰাকীৰ ।

ৰঙিয়া,৩১ ডিচেম্বৰ : ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেশ্যনেল দলৰ (Voters Party International) প্ৰতিষ্ঠাপক অধ্যক্ষ ভৰত গান্ধীৰ পুনৰ এক বিস্ফোৰক মন্তব্য (Controversial statement of VPI president Bharat Gandhi)। অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰণয়নৰ দাবী নেতাগৰাকীৰ । তেওঁৰ মতে অসমত বৰ্তমান চৰকাৰ ভংগ কৰিব লাগে আৰু ৰাষ্ট্ৰপতিৰ শাসন প্ৰণয়ন কৰিব লাগে । তেওঁৰ অভিযোগ প্ৰশাসনে নিজে বান্ধি দিয়া নিয়ম পালন নকৰে ।

যোৱা ২৭ ডিচেম্বৰত ৰঙিয়াত দলটোৰ সদস্য আৰু বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজত হোৱা সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতাগৰাকীয়ে । শাসকীয় পক্ষক প্ৰশাসনিক বিষয়াসকলে সহায় কৰাৰ অভিযোগ তুলি কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাসকীয় দলৰ বিৰুদ্ধে প্ৰশাসনিক বিষয়াসকলে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে । যাৰ বাবে অসমত গুণ্ডাৰাজ চলি থকাৰ অভিযোগ নেতাগৰাকীৰ ।

ৰঙিয়াত বিস্ফোৰক মন্তব্য VPI দলৰ অধ্যক্ষ ভৰত গান্ধীৰ

উল্লেখ্য যে, যোৱা ২৭ আৰু ২৮ ডিচেম্বৰত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলে প্ৰতিনিধি সভাৰ আয়োজন কৰাৰ বাবে অনুমতি লাভ কৰিছিল । দুদিনৰ ভাড়া হিচাপত ইতিমধ্যে ৰঙিয়া পৌৰ সভা কাৰ্যালয়ত ২০ হাজাৰ টকা দি অনুমতিও লৈছিল দলটোৱে । কিন্তু সোমবাৰে বিজেপিৰ ৰঙিয়া ব্লক মণ্ডল সমিতি, ৰঙিয়া নগৰ সমিতি আৰু বৰঘুলি মণ্ডল সমিতিৰ মণ্ডল প্ৰশিক্ষণ আৰু পৰিচয় বৰ্গৰ বাবে বিজেপিয়ে প্ৰস্তুতি আৰম্ভ কৰে হৰদত্ত বীৰদত্ত ভৱনত ।

বিজেপিৰ সভাৰ প্ৰস্তুতিৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতে স্থানীয় বিধায়ক আৰু বিজেপিৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলৰ কৰ্মীসকল । ইয়াকে লৈ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (BJP-VPI worker conflict in Rangia)। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী, অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয় ।

লগতে পঢ়ক :12 জনৰ দেহত ক’ভিড; সাতদিনৰ বাবে তলা ওলমিল ধুবুৰী ষ্টেট বেংকৰ মূল শাখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.