ETV Bharat / state

Encounter in Lakhimpur : বান্দৰদোৱা আৰক্ষীৰ গুলীত আহত ২ ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Dec 31, 2021, 4:42 PM IST

Two drug peddler injured in encounter in Lakhimpur
বান্দৰদোৱা আৰক্ষীৰ গুলীত আহত ২ ড্ৰাগছ সৰবৰাহকাৰী

বছৰৰ শেষ দিনটোত গৰজি উঠিল লখিমপুৰ আৰক্ষীৰ বন্দুক । আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী(Drug peddler injured in encounter in Lakhimpur) । গুলীবিদ্ধ হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুটা আজিজুৰ ৰহমান আৰু ছাইদুল আলী ।

নাওবৈচা, ৩১ ডিচেম্বৰ: ৰাজ্যত পুনৰ এনকাউণ্টাৰ । বৃহস্পতিবাৰে লখিমপুৰৰ বান্দৰদোৱা আৰক্ষীৰ গুলীত আহত হ'ল দুজন ড্ৰাগছ সৰবৰাহকাৰী । গুলীবিদ্ধ হোৱা সৰবৰাহকাৰী দুটা হৈছে আজিজুৰ ৰহমান আৰু ছাইদুল আলী । সম্প্ৰতি দুয়োজন লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

বৃহস্পতিবাৰে দিনৰ ভাগতে লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পথালিপাহাৰৰ টোলগেটৰ সমীপৰ পৰা বান্দৰদোৱা আৰক্ষীয়ে আটক কৰিছিল আজিজুৰ ৰহমান, ছাইদুল আলী আৰু ৰিয়াজ মাঝি(3 Drug peddler detained in Lakhimpur) । নগাঁৱৰ পৰা এখন অল্ট' বাহনেৰে অবৈধভাৱে হেৰ'ইনৰ ১৩টা পেকেট আনিছিল সৰবৰাহকাৰীকেইটাই । আৰক্ষী তিনিওকে আটক কৰে আৰু ১৭৩.২ গ্ৰাম হেৰ'ইন জব্দ কৰে(Banderdewa police seized heroin in Pathalipahar) ।

বান্দৰদোৱা আৰক্ষীৰ গুলীত আহত ২ ড্ৰাগছ সৰবৰাহকাৰী

অধিক তথ্যৰ বাবে সোধা-পোচা কৰাৰ পিছত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে নিশাৰ ভাগত আৰক্ষীয়ে তিনিওকে লগত লৈ ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ যায় । কিন্তু অসম-অৰুণাচল সীমান্তৱৰ্তী ২ নং পাৰ্বতীপুৰ অঞ্চলত সৰবৰাহকাৰীকেইটাই আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰে ।

উপায়হীন হৈ আৰক্ষীয়ে তিনিওলৈ লক্ষ্য কৰি গুলীচালনা কৰে(Encounter in Parbotipur) । আজিজুৰ ৰহমান, ছাইদুল আলীৰ ভৰিত আৰক্ষীৰ গুলী লাগে আৰু ৰিয়াজ মাঝিক আৰক্ষীয়ে পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয়(Two drug peddler injured in encounter in Lakhimpur) । গুলীচালনাৰ গুলীবিদ্ধ আজিজুৰ ৰহমান, ছাইদুল আলীক লালুক আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় । পিছত উন্নত চিকিৎসাৰ বাবে দুয়োকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ধৃত আজিজুৰ ৰহমানৰ ঘৰ নগাঁৱৰ হয়বৰ গাঁৱত আৰু চয়দুল আলীৰ ঘৰ বিহপুৰীয়াৰ মৰণৈত । আনহাতে, ৰিয়াজ মাঝিৰ ঘৰ শোণিতপুৰৰ মিছামাৰীত বুলি আৰক্ষীয়ে জানিবলৈ দিছে । বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলোৱা হৈছিল ড্ৰাগছ বিৰোধী এই অভিযান ।

লগতে পঢ়ক:Drugs Seized in Juria : ড্ৰাগছ সেৱন কৰি আৰক্ষীৰ জালত চৰকাৰী চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.