ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 29, 2022, 9:01 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
TOP 10 AT 9AM

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Police firing in Nagaon: ৰূপহীহাটৰ যুৱকক গুলীওৱা প্ৰসংগত ভুল স্বীকাৰ আৰক্ষী অধীক্ষকৰ

ৰূপহীহাটত যুৱকক গুলীওৱা প্ৰসংগ: ভুল স্বীকাৰ কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই ৷ ভুলবশতঃ নগাঁও আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল ৰাজিবুল হক (Police firing in Nagaon) ৷

BREAKING NEWS:Police firing in Nagaon: নগাঁৱত আৰক্ষীৰ গুলীত আহত যুৱক

নগাঁৱত আৰক্ষীৰ গুলীচালনা((Police firing in Nagaon) ৷ এইবাৰ নিৰপৰাধী যুৱকলৈ আৰক্ষীয়ে গুলীচালনাৰ অভিযোগ ৷ আত্মীয়ৰ ঘৰৰ পৰা ঘৰলৈ ওভতাৰ বাটতে আৰক্ষীয়ে গুলীচালনা কৰে যুৱকজনক ৷

Fighter movie: অসমত ফাইটাৰৰ শ্বুটিং সামৰিলে ফাইটাৰ টীমে

প্ৰায় 10/12 দিনীয়া সূচী লৈ অসমৰ তেজপুৰৰ বায়ু সেনা ঘাটিত আগন্তুক বলীউড ছবি ফাইটাৰৰ শ্বুটিং কৰিলেহি অনিল কাপুৰ, হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনে (Fighter movie shooting in Assam) ৷ ছবিখনৰ সৈতে জড়িত গোটেই টীমটোৱেই আহিছিল অসমলৈ ৷ সবিশেষ আগলৈ-

FIFA World Cup updates: অন্তিম 16 টা দলত অন্তৰ্ভুক্ত হোৱাৰ দিশে ব্ৰাজিল-পৰ্তুগাল

সোমবাৰে অনুষ্ঠিত গ্ৰুপ G ৰ এখন খেলত ব্ৰাজিলে পৰাস্ত কৰে ছুইজাৰলেণ্ডক (Brazil beats Switzerland) ৷ গ্ৰুপ H ৰ এখন খেলত সোমবাৰে দক্ষিণ কোৰিয়াক 3-2 গ’লৰ ব্যৱধানত পৰাস্ত কৰে ঘানাই ৷ গ্ৰুপ H ৰ আন এখন খেলত উৰুগুৱেক 2-0 গ’লৰ ব্যৱধানত পৰাস্ত কৰে পৰ্তুগালে (Portugal vs Uruguay FIFA match result) ৷

Ragging in Assam: আনন্দ শৰ্মাৰ ন্যায় বিচাৰি প্ৰতিবাদ বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাই এতিয়া ৰাজ্যযুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে (Reactions across the Assam) । এই ঘটনাৰ প্ৰতিবাদত প্ৰশাসন ভৱনৰ সন্মুখত ন্যায় বিচাৰি বিশ্ববিদ্যালয় ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই ৰেগিং কাণ্ডৰ লগত জড়িত তিনিজন ছাত্ৰক ইতিমধ্যে আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ।

FIFA World Cup: নেইমাৰ বিহীন ব্ৰাজিলে 1-0 গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডক

কাটাৰ বিশ্বকাপৰ গ্ৰুপ G ৰ এখন খেলত সোমবাৰে ছুইজাৰলেণ্ডক 1-0 গ’লত পৰাস্ত কৰে (Brazil edges Switzerland 1-0) ৷ খেলৰ ৮৩ মিনিটত ব্ৰাজিলৰ কেচেমিৰ’ৱে একমাত্ৰ গ’লটো দি ব্ৰাজিলক লাষ্ট ১৬ ত স্থান দিয়ে । অৱশ্যে গ্ৰুপ G ত এতিয়াও ব্ৰাজিলৰ এখন গ্ৰুপ পৰ্যায়ৰ মেচ খেলিবলৈ বাকী আছে (FIFA World Cup 2022) ৷

FIFA world cup 2022: কানাডাৰ হৈ বিশ্বকাপৰ ইতিহাসত প্ৰথমটো ঐতিহাসিক গ'ল আলফনছ' ডেভিছৰ

কানাডাৰ হৈ ঐতিহাসিক গ'ল কৰা আলফনছ' ডেভিছৰ বিষয়ে জানো আহক ৷ কানাডিয়ান যুৱ খেলুৱৈ এলফনচো ডেভিছ জীৱনৰ আধা অংশ শৰণাৰ্থী শিবিৰত বাস কৰিছিল (Alphonso Davies Born in a Ghanian Refugee Camp)৷

Murder case in Nalanda: চাৰি প্ৰেমিকৰ লগত লগ হৈ প্ৰেমিকাই হত্যা কৰিলে 75 বছৰীয়া প্ৰেমিকক

বিহাৰৰ নালন্দাত আজৱ প্ৰেমৰ গজৱ ঘটনা (Nalanda Crime News) ৷ এই কাহিনীত আছে 5 গৰাকী প্ৰেমিক আৰু এগৰাকী প্ৰেমিকা ৷ তাৰ পিছতেই চাৰি প্ৰেমিকৰ লগত পৰিকল্পনা কৰি প্ৰেমিকাই হত্যা কৰিলে জেষ্ঠ্য প্ৰেমিকক (Murder due to illegal relationship) ৷

Monkey adopts puppy in Tamil Nadu : কুকুৰৰ পোৱালিক তুলি লৈছে এজনী বান্দৰে

মমতা...মাতৃৰ মনৰ এক হৃদয়স্পৰ্শী অনুভূতি (Mother Love) ৷ মাতৃ স্নেহ পৃথিৱীৰ সবাতোতকৈ শ্ৰেষ্ঠ ৷ মাতৃয়ে যিকোনো পৰিস্থিতিতে নিজৰ সন্তানক বিপদৰ পৰা ৰক্ষা কৰিব পাৰে ৷ কেৱল মানুহেই নহয়, জীৱ জন্তুৱেও আন জন্তুৰ পোৱালিক নিজৰ কৰি ল’ব পাৰে ৷ তাৰে উদাহৰণ হ’ল তামিলনাডুৰ পন্নাৰৰ এটা ঘটনা ৷ এটা কুকুৰৰ পোৱালিক নিজৰ পোৱালিৰ দৰে মৰম কৰিছে এজনী বান্দৰে (Monkey adopts puppy in Tamil Nadu) ৷ নিজৰ পোৱালিৰ দৰে আটুম-টুকাৰীকৈ ৰাখিছে ৷ খোৱাইছে খাদ্যও ৷ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈছে এই ভিডিঅ’ ৷

Meeting at police commissioner office: আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৰুদ্ধদ্বাৰ বৈঠক

মহানগৰীত আইন শৃংখলাৰ অৱনতি ঘটাৰ অভিযোগ উত্থাপনৰ পিছতে গৃহ বিভাগ আৰু শীৰ্ষ আৰক্ষীৰ মাজত মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় (Meeting at police commissioner office)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.