FIFA World Cup: নেইমাৰ বিহীন ব্ৰাজিলে 1-0 গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডক

author img

By

Published : Nov 29, 2022, 7:09 AM IST

Brazil Switzerland World Cup match

কাটাৰ বিশ্বকাপৰ গ্ৰুপ G ৰ এখন খেলত সোমবাৰে ছুইজাৰলেণ্ডক 1-0 গ’লত পৰাস্ত কৰে (Brazil edges Switzerland 1-0) ৷ খেলৰ ৮৩ মিনিটত ব্ৰাজিলৰ কেচেমিৰ’ৱে একমাত্ৰ গ’লটো দি ব্ৰাজিলক লাষ্ট ১৬ ত স্থান দিয়ে । অৱশ্যে গ্ৰুপ G ত এতিয়াও ব্ৰাজিলৰ এখন গ্ৰুপ পৰ্যায়ৰ মেচ খেলিবলৈ বাকী আছে (FIFA World Cup 2022) ৷

নিউজ ডেস্ক, 29 নৱেম্বৰ: নেইমাৰৰ অবিহনেই ছুইজাৰলেণ্ডক ১-০ গ’লত পৰাস্ত কৰি সোমবাৰে বিশ্বকাপৰ ১৬ ৰাউণ্ডত উপনীত হয় ব্ৰাজিল । খেলৰ ৮৩ মিনিটত ব্ৰাজিলৰ কেচেমিৰ’ৱে একমাত্ৰ গ’লটো দি ব্ৰাজিলক লাষ্ট ১৬ ত স্থান দিয়ে (Brazil edges Switzerland 1-0)। অৱশ্যে গ্ৰুপ G ত এতিয়াও ব্ৰাজিলৰ এখন গ্ৰুপ পৰ্যায়ৰ মেচ খেলিবলৈ বাকী আছে (FIFA World Cup 2022)৷

কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ এখন খেলত সোঁ ভৰিৰ গোৰোহাত পোৱা আঘাতৰ বাবে দলটোৰ পৰা বাহিৰত থাকিব লগীয়া হয় ব্ৰাজিলৰ ফৰৱাৰ্ড খেলুৱৈ নেইমাৰ (Neymar injured during FIFA match)। দলটোৰ চিকিৎসকে এতিয়াও তেওঁৰ উভতি অহাৰ সময়সূচী দিয়া নাই বা তেওঁ আচলতে পুনৰ খেলত অংশ ল’ব পাৰিব নে নাই সেই বিষয়ে নিশ্চিত কৰা নাই । এই জয়ৰে ব্ৰাজিলে দুখন মেচত ৬ পইণ্ট লাভ কৰাৰ বিপৰীতে ছুইজাৰলেণ্ডে ৩ পইণ্ট লাভ কৰে ।

ইয়াৰ পূৰ্বে সোমবাৰে ৩-৩ গ’লত সমতা স্থাপন কৰা ছাৰ্বিয়া আৰু কেমেৰুণৰ প্ৰত্যেকেই 1 পইন্টকৈ অৰ্জন কৰিছে । ছুইজাৰলেণ্ডে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰিবলৈ হ’লে ছাৰ্বিয়াৰ বিৰুদ্ধে শেষৰখন মেচত জয়ী হোৱাতো বাঞ্ছনীয় । ব্ৰাজিল আৰু কেমেৰুণৰ মাজৰ পৰৱৰ্তী খেলখন ড্ৰ’ হ’লেও ব্ৰাজিল বৰ্তী থাকিব বুলি নিশ্চিত হৈছে (FIFA World Cup 2022)।

এই ফলাফলৰ পাচত ব্ৰাজিলৰ গ্ৰুপ পৰ্যায়ত অপৰাজিত মেচৰ সংখ্যা ১৭খনলৈ বৃদ্ধি পায় ৷ ইয়াৰে ১৪ খনত জয়ী হোৱাৰ বিপৰীতে তিনিখন মেচ ড্ৰ’ খেলিছে ব্ৰাজিলে । যোৱা ২৯ খন গ্ৰুপ খেলৰ ভিতৰত মাত্ৰ এখন খেলত পৰাস্ত হৈছে দলটো ৷ ১৯৯৮ চনত ফ্ৰান্সত নৰৱে’ৰ বিৰুদ্ধে ব্ৰাজিল পৰাস্ত হৈছিল । ছুইজাৰলেণ্ডে বিশ্বকাপত যোৱা ১৩ খন গ্ৰুপ মেচৰ ভিতৰত মাত্ৰ দুখন খেলত পৰাস্ত হৈছে ।

আঘাতপ্ৰাপ্ত প্লে’মেকাৰ নেইমাৰৰ অবিহনে ব্ৰাজিলে ছুইজাৰলেণ্ডৰ গ’ল পোষ্টৰ ওচৰ পাবলৈ সংগ্ৰাম কৰিব লগীয়া হৈছিল ৷ অৱশ্যে কেচমিৰ’ৱে 83 মিনিটত দিয়া গ’লটোৱে ব্ৰাজিলক পৰৱৰ্তী পৰ্যায়লৈ যোৱাত সহায় কৰে । ব্ৰাজিলৰ প্ৰশিক্ষক টাইটে নেইমাৰৰ ঠাইত মিডফিল্ডাৰ ফ্ৰেডক নিযুক্তি দিয়ে । ৰিয়েল মাড্ৰিদৰ চেণ্ট্ৰেল ডিফেণ্ডাৰ হিচাপে খেলা এডাৰ মিলিটাৱে ডানি আলভেছৰ পৰিৱৰ্তে ৰাইট বেক পজিচনত ডানিলোৰ ঠাইত খেলিছিল (Brazil Switzerland World Cup match) ।

ব্ৰাজিলৰ হৈ পাকেটাই বিশেষ প্ৰভাৱ পেলাব নোৱাৰাৰ বাবে প্ৰশিক্ষক টাইটে দ্বিতীয়াৰ্ধত দলটোত অন্তৰ্ভুক্ত কৰে ৰড্ৰিগোক । প্ৰথম খেলখনত ব্ৰাজিলৰ হৈ দুয়োটা গ’ল দিয়া ৰিচাৰ্লিছন ইমান ফলপ্ৰসূ নহ’ল আৰু দ্বিতীয়াৰ্ধত তেওঁক বদলি কৰা হ’ল । ৬৪ মিনিটত কেচেমিৰ’ৰ পাছৰ পিছত ভিনিচিয়াছ জুনিয়ৰে বক্সৰ ভিতৰৰ পৰা মৰা এটা শ্বটে ব্ৰাজিলক অগ্ৰগতি দিয়া বুলি ভাবিছিল যদিও ভিডিঅ’ ৰিভিউত সেয়া অফ চাইড বুলি নিৰ্ণয় কৰা হয় । ষ্টেডিয়াম ৯৭৪ ত ভিএআৰ কল ঘোষণা নোহোৱালৈকে কমসংখ্যকেহে লক্ষ্য কৰিছিল এই অফ চাইডটো (Brazil Switzerland World Cup match result) ।

দুয়োটা দলেই প্ৰথম মেচত জয়লাভ কৰিছিল ৷ ব্ৰাজিলে ছাৰ্বিয়াক ২-০ গ’লত পৰাস্ত কৰে আৰু ছুইজাৰলেণ্ডে কেমেৰুনক ১-০ গ’লত পৰাস্ত কৰে । ২০১৮ চনত ব্ৰাজিল আৰু ছুইজাৰলেণ্ডৰ মাজতো গ্ৰুপ পৰ্যায়ৰ এখন খেল ১-১ গ’লত ড্ৰ’ হৈছিল ।

বিশ্বকাপত ১১ সংখ্যক খেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল জেৰডান শ্বাকিৰীয়ে । তেওঁ ভেলন বেহৰামি আৰু ষ্টেফান লিচষ্টাইনাৰৰ সৈতে সমতাত আছিল । বেহৰামিৰ চাৰিখন বিশ্বকাপত অংশগ্ৰহণ কৰাৰ অভিলেখৰ সৈতে মিল আছিল ২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত হণ্ডুৰাছৰ বিৰুদ্ধে হেট্ৰিক কৰা ছাকিৰীয়ে ।

শ্বাকিৰি আৰু গ্ৰেনিট জাকা দুয়োজনে তিনিখন বিশ্বকাপত গ’ল দিয়া প্ৰথমজন ছুইজাৰলেণ্ডৰ খেলুৱৈ হ’বলৈ চেষ্টা কৰিছিল । ষ্টেডিয়াম ৯৭৪ ত হাফটাইমৰ আগতে কিছু ছেকেণ্ডৰ বাবে লাইটৰ পোহৰ কমি গৈছিল, যাৰ ফলত খেলত অলপ সময়ৰ বাবে স্থগিত হৈছিল । ব্ৰাজিলে এটা কৰ্ণাৰ ল'বলৈ ওলোৱাৰ সময়তে অস্থায়ী ষ্টেডিয়ামটো হঠাতে অন্ধকাৰ হৈ পৰিছিল ।

লগতে পঢ়ক: FIFA world cup 2022: কানাডাৰ হৈ বিশ্বকাপৰ ইতিহাসত প্ৰথমটো ঐতিহাসিক গ'ল আলফনছ' ডেভিছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.