ETV Bharat / bharat

FIFA world cup 2022: কানাডাৰ হৈ বিশ্বকাপৰ ইতিহাসত প্ৰথমটো ঐতিহাসিক গ'ল আলফনছ' ডেভিছৰ

author img

By

Published : Nov 28, 2022, 10:46 PM IST

fifa-world-cup-2022-alphonso-davies-born-in-a-ghanaian-refugee-camp-now-a-world-cup-goal-scorer-for-canada
FIFA world cup 2022: ঘানাৰ শৰণাৰ্থী শিবিৰত জন্মগ্ৰহণ কৰিছিল আলফনচো ডেভিছে

কানাডাৰ হৈ ঐতিহাসিক গ'ল কৰা আলফনছ' ডেভিছৰ বিষয়ে জানো আহক ৷ কানাডিয়ান যুৱ খেলুৱৈ এলফনচো ডেভিছ জীৱনৰ আধা অংশ শৰণাৰ্থী শিবিৰত বাস কৰিছিল (Alphonso Davies Born in a Ghanian Refugee Camp)৷

নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ: এতিয়া সমগ্ৰ বিশ্বত ফিফা বিশ্বকাপ ২০২২ জ্বৰ (FIFA world cup 2022)৷ যোৱা 20 নৱেম্বৰৰ কাটাৰত আৰম্ভ হৈছে ফিফা বিশ্বকাপ (FIFA World Cup 2022 Football News)৷ অহা 18 ডিচেম্বৰত শেষ হ’ব বিশ্বকাপ ৷ যোৱা 17 নৱেম্বৰ অৰ্থাৎ দেওবাৰে ক্ৰোৱেছিয়া আৰু কানাডাৰ মাজত মুখামুখি খেল হৈছিল । এই খেলখনত ক্ৰোৱেছিয়াই কানাডাক ৪-১ গ'লত পৰাস্ত কৰে যদিও কিন্তু এই খেলখনত আলফনচো ডেভিডে কানাডাৰ হৈ ইতিহাস সৃষ্টি কৰে (Canadian player Alphonso Davies)।

ক্ৰোৱেছিয়াৰ বিৰুদ্ধে খেল আৰম্ভণিৰ প্ৰথমটো মিনিটতেই কানাডাই প্ৰথমটো গ'ল কৰিছিল ৷ তাৰ পিছতে আলফনচো ডেভিছে দ্বিতীয় মিনিটত গ'ল কৰে ৷ উল্লেখেয যে কানাডৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ আলফনচো ডেভিছে জীৱনৰ এটা সময় শৰণাৰ্থী শিবিৰত আৰম্ভ হৈছিল ৷ তেওঁ কানাডাৰ হৈ বিশ্বকাপৰ ইতিহাসত গ'ল কৰা প্ৰথমজন খেলুৱৈ। ইয়াৰ পূৰ্বে কানাডাৰ দলটোৱে ১৯৮৬ চনৰ বিশ্বকাপত তিনিখন খেল খেলিছিল, কিন্তু এটাও গ'ল কৰিব পৰা নাছিল ৷

কানাডাৰ হৈ ঐতিহাসিক গ'ল কৰা আলফনছ' ডেভিছৰ বিষয়ে জানো আহক ৷ কানাডিয়ান যুৱ খেলুৱৈ এলফনচো ডেভিছ জীৱনৰ আধা অংশ শৰণাৰ্থী শিবিৰত বাস কৰিছিল (Alphonso Davies Born in a Ghanian Refugee Camp)৷ ঘানাত জন্মগ্ৰহণ কৰিছিল ডেভিছে ৷ ইয়াৰ পিছত, তেওঁ শৈশৱতে তেওঁৰ পৰিয়ালৰ সৈতে কানাডালৈ আহিব লগা হৈছিল ৷

কানাডাত তেওঁ ফুটবলৰ শিক্ষাগ্ৰহণ কৰিছিল ৷ ডেভিছ পিছত ১৬ বছৰ বয়সত কানাডিয়ান ৰাষ্ট্ৰীয় দলৰ হৈ আত্মপ্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ ৷ কানাডাৰ নাগৰিকত্ব পোৱাৰ লগে লগে তেওঁ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছিল ৷

লগতে পঢ়ক : Meeting at police commissioner office: আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.