Ragging in Assam: আনন্দ শৰ্মাৰ ন্যায় বিচাৰি প্ৰতিবাদ বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ

author img

By

Published : Nov 28, 2022, 10:28 PM IST

Ragging in Assam
আনন্দ শৰ্মাৰ ন্যায় বিচাৰি প্ৰতিবাদ বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ ()

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাই এতিয়া ৰাজ্যযুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে (Reactions across the Assam) । এই ঘটনাৰ প্ৰতিবাদত প্ৰশাসন ভৱনৰ সন্মুখত ন্যায় বিচাৰি বিশ্ববিদ্যালয় ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই ৰেগিং কাণ্ডৰ লগত জড়িত তিনিজন ছাত্ৰক ইতিমধ্যে আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ।

মৰাণ, ২৮ নৱেম্বৰ:ৰেগিঙৰ ঘটনাই জোঁকাৰিছে উচ্চ শিক্ষাৰ ভেঁটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক (Ragging incident at Dibrugarh University) ৷ উদণ্ড ছাত্ৰই কালিমা সানিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণালী ইতিহাসত । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ৰেগিঙৰ ঘটনা । এজন ছাত্ৰক ওৰে নিশা প্ৰহাৰ কৰিলে জ্যেষ্ঠ ছাত্ৰই । ফলত M.Com প্ৰথম ছেমিষ্টাৰৰ ছাত্ৰ আনন্দ শৰ্মা বৰ্তমান আদিত্য নাৰ্ছিং হোমৰ আই চি ইউত ভৰ্তি হ'বলগীয়া হৈছে । আনন্দ শৰ্মা নামৰ মেধাৱী ছাত্ৰজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে (Ragging incident in PNGB hostel) ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মঙলবাৰে সংঘটিত ৰেগিঙৰ ঘটনাই এতিয়া ৰাজ্যযুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে (Reactions across the Assam)। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী প্ৰশাসনক দোষী ছাত্ৰ কেইজনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে । এই নিৰ্দেশৰ পিছতেই আৰক্ষীৰ লগতে বিভাগৰ বিষয়া সকলৰ লগত গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হৈছে । আনহাতে,প্ৰশাসন ভৱনৰ সন্মুখত আনন্দ শৰ্মাৰ ন্যায় বিচাৰি বিশ্ববিদ্যালয় ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে দোষী ছাত্ৰ কেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনাইছে ।

আনন্দ শৰ্মাৰ ন্যায় বিচাৰি প্ৰতিবাদ বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ

ছাত্ৰজনক পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত ৰেগিঙৰ নামত ওৰে নিশা মাৰপিট কৰি হাত-ভৰি ভাঙি দিয়াৰ অভিযোগ আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীৰ । ছাত্ৰজনৰ দুয়োখন হাতৰ লগতে ভৰি আৰু কঁকাল ভাগি যোৱা বুলি পৰিয়ালক চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে । ওৰে নিশা ৰেগিঙৰ নামৰ মাৰপিট কৰি অভিযোগ নিদিবৰ বাবে মদৰ বটল,ভাং আদি হাতত দি জ্যেষ্ঠ ছাত্ৰ কেইজনে আনন্দৰ ফটো তুলি ৰখা বুলি পৰিয়ালে অভিযোগ তুলিছে (Dibrugarh University ragging news)।

উল্লেখ্য় যে ইয়াৰ পূৰ্বেও যোৱা মাৰ্চত বিশ্ববিদ্যালয়খনৰ গুৰুপ্ৰসাদ দাস ছাত্ৰাবাসত এজন কনিষ্ঠ ছাত্ৰক ৰেগিঙৰ নামত বিশ্ববিদ্যালয়ৰ ছাত্ৰ দুজনে প্ৰহাৰ কৰাৰ পাছতে ভুক্তভোগী ছাত্ৰজনে ছাত্ৰাবাসৰ কৰ্তৃপক্ষক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিছিল (Ragging at Dibrugarh University) ৷ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তৎকালিনভাৱে হোৱাকৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰি অৱশেষত দুই ছাত্ৰক বহিষ্কাৰ কৰিছিল ৷

লগতে পঢ়ক:Ragging in Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত তিনিটাক আটক; পলাতক ৰাহুল ছেত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.