Murder case in Nalanda: চাৰি প্ৰেমিকৰ লগত লগ হৈ প্ৰেমিকাই হত্যা কৰিলে 75 বছৰীয়া প্ৰেমিকক

author img

By

Published : Nov 28, 2022, 10:11 PM IST

Updated : Nov 28, 2022, 10:43 PM IST

murder-due-to-illegal-relationship-in-nalanda
Murder case in Nalanda: চাৰি প্ৰেমিকৰ লগত লগ হৈ প্ৰেমিকাই হত্যা কৰিলে 75 বছৰীয়া প্ৰেমিকক ()

বিহাৰৰ নালন্দাত আজৱ প্ৰেমৰ গজৱ ঘটনা (Nalanda Crime News) ৷ এই কাহিনীত আছে 5 গৰাকী প্ৰেমিক আৰু এগৰাকী প্ৰেমিকা ৷ তাৰ পিছতেই চাৰি প্ৰেমিকৰ লগত পৰিকল্পনা কৰি প্ৰেমিকাই হত্যা কৰিলে জেষ্ঠ্য প্ৰেমিকক (Murder due to illegal relationship) ৷

নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ: প্ৰেম এক স্বৰ্গীয় অনুভূতি৷ প্ৰেম আমাৰ সকলোৰে জীৱনত থাকে (Nalanda Murder Case)৷ কিন্তু প্ৰেম অতিমাত্ৰা হ’লেই আপোনাৰ বাবে ভাবুকি হৈ পৰে ৷ বিহাৰৰ নালন্দাত আজৱ প্ৰেমৰ গজৱ ঘটনা (Nalanda Crime News) ৷ বলীউডৰ টিপিকেল প্ৰেম কাহিনীবোৰক আওকান কৰি পৰিচালকে দৰ্শকক পৃথক সোৱাদ দিবলৈ বিচৰা কাহিনীবোৰৰ দৰেই এই প্ৰেম কাহিনী ৷ এই কাহিনীত আছে 5 গৰাকী প্ৰেমিক আৰু এগৰাকী প্ৰেমিকা ৷ তাৰ পিছতেই চাৰি প্ৰেমিকৰ লগত পৰিকল্পনা কৰি প্ৰেমিকাই হত্যা কৰিলে জেষ্ঠ্য প্ৰেমিকক (Murder due to illegal relationship) ৷

কাহিনীটো আৰম্ভ হৈছিল এখন চাহ দোকানৰ পৰা (illegal relationship in Nalanda)৷ অৰ্থাৎ কাহিনীটোৰ নায়িকাৰূপী খলনায়িকা বিধৱা মহিলা পিনু দেৱীয়ে (30) এখন চাহৰ দোকান দিছিল ৷ পিনুৰ হাতৰ চাহৰ সোৱাদ লবলৈ দোকানত গ্ৰাহকৰ ভিৰ ৷ সেই গ্ৰাহকৰ মাজতে পাঁচজন বৃদ্ধ কৃষ্ণানন্দন প্ৰসাদ (৭৫), সূৰ্যমণি কুমাৰ (৬০), বাসুদেৱ পাছৱান (৬৩), বেনাৰস প্ৰসাদ ওৰফে লোহা সিং (৬২) আৰু ত্ৰিপিত শৰ্মাই (৭৫) পিনুৰ হাতৰ চাহৰ সোৱাদ এৰিব পৰা নাছিল ৷ লাহে লাহে পিনুৰ গ্ৰাহকৰ পকা পিনৰ প্ৰেমিকলৈ পৰিণত হৈছিল পাঁচ বৃদ্ধ৷ পিনুক এবাৰ নেদেখিলে থাকিব নোৱাৰা হৈছিল 5 প্ৰেমিক (murdered in Nalanda)৷

উল্লেখ্য যে পিনু দেৱীয়ে কেইবছৰমানৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল৷ কিনিতু এক দুৰ্ঘটনাত পিনুৰ স্বামীৰ মৃত্যু হয় ৷ ফলত জীৱিকা নিৰ্বাহ কৰিবলৈ চাহৰ দোকানখন দিয়েই জীৱন অতিবাহিত কৰিছিল পিনুৱে ৷

ইফালে পিনুৰ 5 প্ৰেমিকৰ কথাই আটাইকেইজন প্ৰেমিকে গম পাইছিল ৷ কিন্তু পিনুৰ আটাইকেইজন প্ৰেমিকতকৈ ত্ৰিপিত শৰ্মা নামৰ প্ৰেমিকজন ধনবান আছিল ৷ ফলত পিনুৱে সকলো প্ৰয়োজনীয় সামগ্ৰী ত্ৰিপিতৰ পৰাই দাবী কৰিছিল ৷ আনকি আন চাৰি প্ৰেমিকৰ কিবা দাবী থাকিলেও ত্ৰিপিতে পূৰণ কৰিব লাগিছিল ৷ শেহতীয়াকৈ পিনুৱে আন চাৰি প্ৰেমিকৰ হেঁচাত পৰি পঞ্চম প্ৰেমিক ত্ৰিপিতৰ পৰা এটা সামগ্ৰীৰ দাবী কৰিছিল ৷ কিন্তু সেই দাবী পূৰণ কৰিব পৰা নাছিল ত্ৰিপিতে৷ ফলত পিনুৰ লগত চাৰি প্ৰেমিকে ত্ৰিপিতৰ এই কথা ভাল পোৱা নাছিল ৷

এদিন ত্ৰিপিতে পিনুৰ লগত অন্তৰংগ মুহুৰ্তত পাৰ কৰি থাকোতে চাৰি প্ৰেমিকে আহি দেখা পায় এই কামৰ বিৰোধিতা কৰে ৷ চাৰি প্ৰেমিকৰ বাহিৰে পঞ্চম প্ৰেমিকে পিনুৰ লগত সময় পাৰ কৰাতো কোনেও বিচৰা নাছিল ৷ আনকি পিনুও এই কথাত সন্মতি প্ৰদান কৰিছিল ৷

আনকি পিনুৱে চাৰি প্ৰেমিকক কৈছিল যে মই তাক আঁতৰাই থাকিব নোৱাৰো ৷ আপোনালোকে মোৰ ওচৰৰ পৰা তাক আঁতৰোৱাত সহায় কৰক ৷

এই কথাত অতিষ্ঠ হৈ পিনুৱে চাৰি প্ৰেমিকৰ লগত ত্ৰিপিতক হত্যা কৰা ষড়যন্ত্ৰ কৰে৷ এই পৰিকল্পনা অনুসৰি যোৱা 18 অক্টোবৰত পিনুৰ দোকানলৈ ত্ৰিপিতে চাহ খাবলৈ অহাৰ সময়তে চাৰি প্ৰেমিকৰ লগত লগ লৈ পিনুৱে ইটা আৰু শিলেৰে থেতেলিয়াই থেতেলিয়াই হত্যা কৰে ত্ৰিপিতক ৷ আনকি ইটাৰে মৰিয়াই মৰিয়াই ত্ৰিপিতৰ মুখৰ অবয়ব বিকৃত কৰি দিয়ে পিনুৱে ৷ তাৰ পিছতেই ত্ৰিপিতৰ মৃতদেহটো লুকুৱাবলৈ পাঁচ হত্যাকাৰীয়ে মৰাশটো শৌচাগাৰৰ টেংকিলৈ দলিয়াই দিয়ে ৷

এই ঘটনা বহুদিনলৈ গাপ মাৰি আছিল যদিও ত্ৰিপিত শৰ্মাৰ ঘৰত তেওঁ বহুদিন ধৰি ঘৰলৈ উভতি নহা দেখি চিন্তিত হয় পৰিয়ালৰ লোক ৷ তাৰ পিছতে তেওঁৰ পৰিয়ালৰ লোকে স্থানীয় নালন্দা থানাত এক গোচৰ ৰুজু কৰে ৷ এই গোচৰ অনুসৰি আৰক্ষীয়ে বহুদিন ধৰি নিখোজ শৰ্মাৰ বিচাৰ খোচাৰ কৰিছিল যদিও কোনো শুংসূত্ৰ লাভ কৰা নাছিল ৷

এই ঘটনাৰ তদন্তৰ সময়তে আৰক্ষীয়ে পিনু দেৱী আৰু ত্ৰিপিত শৰ্মাৰ অবৈধ সম্পৰ্কৰ কথা গম পাইছিল ৷ লগে লগে আৰক্ষীয়ে পিনুৰ ওপৰত নজৰ ৰাখে৷ প্ৰায় এমাহৰ অন্তত আৰক্ষীয়ে পিনু আৰু চাৰি প্ৰেমিকৰ কথা গম পাবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে তেওঁলোকৰ কাম কাজৰ ওপৰত নীৰিক্ষণ কৰি শৌচাগাৰৰ পৰা ত্ৰিপিত শৰ্মাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে এই হত্যাকাণ্ড ঘটনা সন্দৰ্ভত চাৰি প্ৰেমিক সহ পিনু দেৱীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

সম্প্ৰতি আৰক্ষীয়ে পিনু দেৱীৰ (30) উপৰিও, কৃষ্ণানন্দন প্ৰসাদ (75), বৰবিঘা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত কুতুবচাকৰ বাসিন্দা, আস্থৱান আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত আস্থৱান গাঁৱৰ বাসিন্দা সূৰ্যমণি কুমাৰ (৬০), মানপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ছবিলাপুৰ গাঁৱৰ বাসিন্দা বাসুদেৱ পাছৱান (৬৩) আৰু আস্থৱান আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত আকবৰপুৰ গাঁৱৰ বাসিন্দা বানাৰস প্ৰসাদ ওৰফে লোহা সিং (৬২)ক কাৰাগাৰলৈ প্ৰেৰণ কৰে৷মহিলাগৰাকীয়ে আৰক্ষীৰ জেৰাত নিজেই চাৰি প্ৰেমিকৰ লগত লগ হৈ পঞ্চম প্ৰেমিক ত্ৰিপিতক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷

লগতে পঢ়ক: Beaten death case: মিস্ত্ৰীৰ প্ৰহাৰত প্ৰাণ গ’ল মিস্ত্ৰীৰ

Last Updated :Nov 28, 2022, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.