ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Dec 29, 2022, 5:07 PM IST

top-10-at-5pm
5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ

Wine shops in Assam : ৰাইজৰ পদূলিয়ে পদূলিয়ে চৰকাৰৰ সুৰা ! ৭০০ খন নতুন সুৰাৰ বিপণী

অসম চৰকাৰে নতুনকৈ ৭০০ খন বিলাতী সুৰাৰ বিপণী আৰু বাৰৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে (700 new liquor shops in Assam) ৷ কেৱল কামৰূপ মহানগৰ জিলাতে ৫৬ খন সুৰাৰ বিপণী আৰু বাৰৰ অনুমতি চৰকাৰৰ । ৩০০০ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহৰ লক্ষ্য ।

Remote EVM Coming Soon: দেশৰ যিকোনো স্থানৰ পৰাই দিব পাৰিব ভোট

ভাৰতীয় নিৰ্বাচন আয়োগে ৰিম'ট ভোটদানৰ ওপৰত এক ধাৰণা প্ৰস্তুত কৰিছে । ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আইনী আৰু প্ৰশাসনিক প্ৰত্যাহ্বানৰ ওপৰত দলবোৰৰ মতামত বিচাৰিছে । প্ৰটোটাইপটোৱে এটা বুথৰ পৰা ৭২ টা সমষ্টিলৈকে সংযোগ কৰিব পাৰে (Election Commission concept on remote voting) ।

Zoo Protection Forum protest: চিৰিয়াখানাৰ সমুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উত্তাল প্ৰতিবাদ

বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ সমুখত চিৰিয়াখানা সুৰক্ষা মঞ্চই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা উদ্যোগপতি মুকেশ আম্বানীৰ চিৰিয়াখানালৈ নিয়া জীৱ-জন্তু ঘূৰাই অনাৰ দাবীত এই প্ৰতিবাদ ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰে ড৹ হীৰেন গোহাঁই, মীৰা বৰঠাকুৰ, ৰাজকুমাৰ বৈশ্য, চৰণ ডেকাকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট লোকে ৷

First Rapid Rail in India : প্ৰাথমিকতা শাখাত ট্ৰেক স্থাপন সম্পূৰ্ণ, পৰৱৰ্তী মাহত পৰীক্ষণ

ভাৰতত প্ৰথম দ্ৰুত ৰে'ল চলাচলৰ বাবে দিল্লী-গাজিয়াবাদ-মিৰাট আৰআৰটিএছ কৰিডৰৰ অগ্ৰাধিকাৰ শাখাত ট্ৰেক স্থাপন সম্পূৰ্ণ হৈছে (Track laying in priority section completed) । একে সময়তে পৰীক্ষণৰ বাবে প্ৰস্তুতিও যুদ্ধগতিত চলি আছে । এই পৰীক্ষণ অহা মাহৰ পৰা আৰম্ভ হ'ব পাৰে বুলি কোৱা হৈছে ।

PN Choudhury Drama Competition : নলবাৰীত প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা আৰম্ভ

নলবাৰীত ৩৩ খনকৈ পতাকা উত্তোলনেৰে আৰম্ভ প্ৰসন্ন নাৰায়ণ চৌধুৰী স্মৃতি একাংক নাট প্ৰতিযোগিতা (Prasanna Narayan Choudhury one act play) । নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত নাট প্ৰতিযোগিতাখন বুধবাৰে সন্ধিয়া নলবাৰী নাট্য মন্দিৰত শুভ উদ্বোধন হয় । উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই । লগতে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ।

Rangia Poor Infrastructure School : জৰাজীৰ্ণ পঁজাতে চলিছে পাঠদান

চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে । কিন্তু সঁচা অৰ্থত সেই আঁচনিবোৰ ৰূপায়ণ হোৱা নাই । তাৰ উৎকৃষ্ট উদাহৰণ হৈছে ৰঙিয়াৰ সমীপৰ গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত খন্দিকৰ উলুবাৰী প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খনৰ জৰাজীৰ্ণ পঁজা সদৃশ গৃহতে দীৰ্ঘদিন ধৰি চলিছে পাঠদান (Poor condition of Govt school at Rangia)। ১৯৯০ চনতে স্থাপন হোৱা বিদ্যালয়খনে আন্তঃগাথঁনি উন্নয়নৰ নামত আজিকোপতি লাভ নকৰিলে কোনো আঁচনি ।

Raid At Jorhat Spa : গুৱাহাটীৰ স্পাত দেহ ব্যৱসায় কৰিবলৈ যুৱতী যোগান ধৰা মহিলাক গ্ৰেপ্তাৰ

যোৰহাটৰ পৰা কৌশলেৰে গুৱাহাটীলৈ নাৰী সৰবৰাহ কৰা এগৰাকী মহিলাক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (Crime branch Raid At Jorhat Spa)৷ গুৱাহাটীৰ স্পালৈ দেহ ব্যৱসায়ৰ বাবে অসমীয়া যুৱতীক সৰবৰাহ কৰা পল্লৱী দাস নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Lady arrested in Jorhat involving Prostitution Racket) ৷ যোৰহাটত Barbara Unisex Saloon নামৰ এখন চেলুনৰ জৰিয়তে গুৱাহাটীলৈ উজনি অসমৰ যুৱতী সৰবৰাহ কৰি আহিছিল মহিলাগৰাকীয়ে ৷

Elephant terror: জখলাবন্ধাত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও ঘৰ

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Wild elephant terror in Nagaon)। বুধবাৰে নিশা জিলাখনৰ জখলাবন্ধাৰ ঢেকীয়াল, মিলনপুৰ আদি অঞ্চলত বন্যহস্তীয়ে তাণ্ডৱ চলায় । হাতীৰ জাকে বহু পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা হাতীয়ে মিলনপুৰৰ ৰূপৰাম বৰুৱা, ঢেকীয়াল গাঁৱৰ পুলকেশ হাজৰিকা, তিলক দাসৰ ঘৰ-দুৱাৰ ভাঙি ক্ষতি সাধন কৰাৰ লগতে ঢেকীয়াল গাঁৱৰ অজয় দাসৰ ঘৰত ধান খাই তহিলং কৰে (Wild elephant menace in Nagaon)। ঘটনাস্থলীত বন বিভাগৰ লোক অতি পলমকৈহে উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ ।

PDS Rice Destroyed at Manikpur: খাদ্য সুৰক্ষাৰ ৩৪৪১ কিলোগ্ৰাম চাউল পুতিলে প্ৰশাসনে

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানা (Manikpur Police Station) চৌহদত খাদ্য সুৰক্ষাৰ ৩,৪৪১ কিলোগ্ৰাম চাউল (PDS rice burried at Manikpur) পুতি থয় প্ৰশাসনে (Administration destroyed rice in Manikpur)। উল্লেখ্য যে যোৱা ২০২১ চনত খাদ্য সুৰক্ষাৰ চাউলখিনি চোৰাংকৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিছিল । জব্দ কৰা চাউলখিনি মাণিকপুৰ আৰক্ষী থানাৰ গুদামত মজুত ৰখা হৈছিল ।

Jorhat Leopard died : চটাইত আতংক সৃষ্টি কৰা নাহৰফুটুকীটোৰ মৃত্যু

অৱশেষত মৃত্যু মুখত পৰিল যোৰহাটৰ চটাইত আতংক সৃষ্টি কৰা নাহৰফুটুকীটো (Jorhat Leopard died) ৷ সোমবাৰে টীয়কৰ চটাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত ওলাইছিল এটা নাহৰফুটুকী ৷ এই নাহৰফুটুকীটোৰ আক্ৰমণত বনকৰ্মীসহ কেবাগৰাকীও স্থানীয় লোক আহত হৈছিল ৷ পৰৱৰ্তী সময়ত টেকুলাইজ কৰা হৈছিল নাহৰফুটুকীটোক ৷ মঙলবাৰে টেকুলাইজ কৰা এই নাহৰফুটুৰীটোৰ বৃহস্পতিবাৰে পুৱা প্ৰায় 4:45 বজাত কাজিৰঙাৰ CWRC ত মৃত্যু হয় (CWRC in Kaziranga National Park) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.