ETV Bharat / state

PN Choudhury Drama Competition : নলবাৰীত প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা আৰম্ভ

author img

By

Published : Dec 29, 2022, 3:54 PM IST

Updated : Dec 29, 2022, 5:32 PM IST

নলবাৰীত ৩৩ খনকৈ পতাকা উত্তোলনেৰে আৰম্ভ প্ৰসন্ন নাৰায়ণ চৌধুৰী স্মৃতি একাংক নাট প্ৰতিযোগিতা (Prasanna Narayan Choudhury one act play) । নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত নাট প্ৰতিযোগিতাখন বুধবাৰে সন্ধিয়া নলবাৰী নাট্য মন্দিৰত শুভ উদ্বোধন হয় । উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই । লগতে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ।

Nalbari
Nalbari

নলবাৰী : ২৯ ডিচেম্বৰ : নলবাৰীত আৰম্ভ হ’ল প্ৰসন্ন নাৰায়ণ চৌধুৰী স্মৃতি সদৌ অসম একাংক নাট প্ৰতিযোগিতা । নাট প্ৰতিযোগিতাখন উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই (Mridula Baruah inaugurated drama competition) । উল্লেখ্য, বুধবাৰৰ পৰা আৰম্ভ হৈছে প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা (Prasanna Narayan Choudhury one act play) ।

প্ৰসন্ন নাৰায়ণ চৌধুৰী নাট প্ৰতিযোগিতা উদ্বোধন মৃদুলা বৰুৱাৰ

নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত ৩৩ সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতা উপলক্ষে বুধবাৰে পুৱা ৩৩ খনকৈ পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদ তৰ্পণ কৰা হয় (one act play competition in Nalbari) । মাধ্যম আন্দোলনৰ (medium revolution of Assam) এগৰাকী অক্লান্ত যোদ্ধা তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ সোঁৱৰণত অনুষ্ঠিত সদৌ অসম একাংক নাট প্ৰতিযোগিতা বুধবাৰে সন্ধিয়াৰ পৰা নলবাৰীৰ নাট্য মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে (AASU one act playa competition in Nalbari) ।

এই প্ৰতিযোগিতাত অসমৰ ভিন্ন প্ৰান্তৰ মুঠ ২১ টা দলে অংশগ্ৰহণ কৰিছে । সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে উপ-সভাপতি ধৰ্মেশ্বৰ দাস আৰু বিত্ত সম্পাদককে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় নেতা (AASU GS Sankar Baruah) ।

ইয়াৰ উপৰি বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে ৷ আনহাতে, প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ছাত্ৰ সন্থাৰ বাবে বলিষ্ঠ ভূমিকা লোৱা প্ৰসন্ন নাৰায়ণ চৌধুৰীক শ্ৰদ্ধাৰে সোঁৱৰে শংকৰজ্যোতি বৰুৱাই ৷ উক্ত উদ্বোধনী অনুষ্ঠানৰ পিছতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত শংকৰজ্যোতি বৰুৱাই বহুকেইটা মন্তব্য আগঢ়ায় । তেওঁ কয়, মাধ্যম আন্দোলনৰ নেতৃত্ব দিয়া অন্যতম নেতা আছিল প্ৰসন্ন নাৰায়ণ চৌধুৰী ৷

মাধ্যম আন্দোলননো কি আছিল আজিৰ ছাত্ৰ-ছাত্ৰীসকলে জনাটো প্ৰয়োজন বুলি উল্লেখ কৰে সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ মাধ্যম আন্দোলনৰ বাবে প্ৰাণ আহুতি দিয়াসকলৰ ত্যাগৰ বাবেই মাধ্যম আন্দোলন সফল হোৱা বুলিও তেওঁ কয় ৷ লগতে অসমীয়া মাধ্যম জীয়াই থাকিবলৈ হ’লে চৰকাৰী বিদ্যালয়সমূহ জীয়াই থাকিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ৷ যিমানে ইংৰাজী ভাষাৰ শিক্ষা নলওক কিয়, নিশা সপোন দেখিলে নিজৰ মাতৃৰ ভাষাটোতে সপোন দেখে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত কৰা সাংবাদিকৰ প্ৰশ্নত আছু নেতাগৰাকীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ অসম চুক্তিৰ ছয় নং দফাত উল্লিখিত এটি বিষয় । ১৯৮৬ চনতে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কে সন্নিৱিষ্ট হোৱা বুলিও কয় আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই ‌। আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণ অসমীয়া মানুহৰ বাবে এক সোণালী সুযোগ বুলিও মন্তব্য কৰে শংকৰজ্যোতি বৰুৱাই ।

অসমৰ ৰাজনৈতিক ভৱিষ্যত অসমীয়াৰ পৰা যাতে কোনো বাহিৰা লোকে কাঢ়ি নিব নোৱাৰে তাৰ বাবে অসমীয়াক চোকা নজৰ দি ওজৰ-আপত্তি দৰ্শাবলৈও কয় আছু নেতাগৰাকীয়ে । আনহাতে, এন আৰ চি সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰাত গোটেই প্ৰক্ৰিয়াটোত সদৌ অসম ছাত্ৰ সন্থাই অসন্তুষ্টি প্ৰকাশ কৰি এন আৰ চি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়লয়ত আবেদন জনোৱা বুলি কয় ।

লগতে এন আৰ চি প্ৰক্ৰিয়াত কেগৰ ৰিপোৰ্টত যি কেলেংকাৰী প্ৰমাণিত হৈছে তাৰ পৰিপ্ৰেক্ষিতত প্ৰতীক হাজেলাক জে'লত ভৰোৱাৰ কথাও কয় আছু নেতাগৰাকীয়ে । তেওঁ কয় যে এই ক্ষেত্ৰত আৰু কোনো তদন্তৰ কথাই নাহে, অসমীয়া মানুহৰ জাতীয় দলিলৰ লগত হেতালি খেলা প্ৰতীক হাজেলাক উচিত শাস্তি দিয়াটো বিচাৰে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

লগতে পঢ়ক :Tribal Politics in Assam: 2022 বৰ্ষৰ অসমৰ জনজাতীয় ৰাজনীতিত এভুমুকি...

Last Updated :Dec 29, 2022, 5:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.