ETV Bharat / state

Tribal Politics in Assam: 2022 বৰ্ষৰ অসমৰ জনজাতীয় ৰাজনীতিত এভুমুকি...

author img

By

Published : Dec 29, 2022, 2:17 PM IST

চলিত বৰ্ষ 2022 শেষ হ’বলৈ মাজত মাত্ৰ এটা দিন ৷ সকলো সাজু হৈছে পুৰণিক বিদায় দি নতুনক আদৰিবলৈ (New year 2022) ৷ এই বিদায়ী ক্ষণত সকলোৱে এবাৰ উভতি চাইছে এৰি অহা দিন কেইটালৈ ৷ বহুতৰে জীৱনত অনেক ভাললগা বেয়ালগা স্মৃতি গোট খালে বছৰটোত (Tribal Politics in Assam) ৷ তাকেই যেন সঁফুৰা খুলি সকলোৱে এবাৰ খুচৰি চাইছে ৷ অসম ৰাজনীতিৰ জগতত কি কি ঘটনা ঘটিল ? জনজাতীয় ৰাজনীতিত কিবা লেখত ল’বলগীয়া ঘটনা ঘটিল নেকি ? এবাৰ উভতি চাওঁ আহক...

Tribal Politics in Assam
অসমৰ জনজাতীয় ৰাজনীতিত এভুমুকি

খ্রীষ্টিয় কেলেণ্ডাৰত মাত্ৰ আৰু দুটা দিন বাকী ৰৈছে 2022 বৰ্ষৰ (New year 2022) ৷ এই দুটা দিন বা 48 ঘন্টাৰ পাচতেই সমগ্ৰ বিশ্বই খোজ থ’ব এটা নতুন বৰ্ষত ৷ নিয়মতি গতিত ঘড়ীৰ কাঁটা ঘূৰি ঘূৰি 1 জানুৱাৰীত আৰম্ভ হোৱা বছৰটো এতিয়া শেহান্তৰত উপনীত হৈছেহি ৷ সময়ৰ ৰে’লগাড়ীৰ পৰা 2022 বৰ্ষটোৱে ইয়াতেই যাত্ৰাৰ অন্ত পেলাব ৷ এই ষ্টেচনতে নতুন যাত্ৰী হ’ব 2023 ৷

পোৱা-নোপোৱাৰ হিচাপ কৰাতো আমি মানৱ জাতিৰ এক সহজ প্ৰবৃত্তি ৷ কি পালোঁ, কি হেৰুৱালো তাকে লৈ আমাৰ বহুতেই অংক কৰে জীৱনৰ ৷ কেৱল জীৱনৰ ক্ষেত্ৰতেই নে ? আমাৰ সমাজ ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰ সমূহত সংঘটিত ঘটনা-পৰিঘটনা সমূহো আমি জুকিয়াই চাওঁ (Looking back to 2022) ৷

বোৱতী বৰ্ষটোৰ বিদায়ী অন্তিম প্ৰান্তত ৰৈ আহকচোন ঘূৰি চাও যোৱা এটা বছৰত সংঘটিত আমাৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ ঘটনা-পৰিঘটনা সমূহ ৷ জাতি-জনজাতিৰে পৰিপূৰ্ণ অসম জননীৰ ভূমি পুত্ৰ ৰূপে পৰিচিত জনজাতীয় লোকলসকলৰ ৰাজনৈতিক ক্ষেত্ৰখনত নো কি কি বিশেষ ঘটনা-পৰিঘটনা ঘটিল, তাকেই এবাৰ সোঁৱৰণীৰ পৃষ্ঠা লুটিয়াই চাওঁ আহক (Tribal Politics in Assam 2022) ৷

বড়ো ভূমিৰ ৰাজনীতি:

2022 চনৰ আৰম্ভণিতেই ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত বিশেষকৈ বড়োভূমিৰ ৰাজনীতিয়ে অন্য মোৰ লৈছিল (Boroland politics in 2022) ৷ 2021 ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে কংগ্ৰেছৰ সংগ ত্যাগ কৰে ৷ লগে লগে বিজেপিৰে পুনৰ চামিল হোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলায় দলটোৱে ৷ চৰ্ত এটাই, দলটোৰ পৰা এজন বিধায়কক মন্ত্ৰীত্ব প্ৰদান ৷ অৱশ্যে বিটিচিৰ শাসনৰ গাদী হেৰুৱাই শক্তিহীন হৈ পৰা হাগ্ৰামাৰ সেই প্ৰস্তাৱ মানি নল’লে বিজেপিয়ে (Hagrama Mahilary controversy) ৷ তাতে বিটিআৰত বিপিএফৰ মূল বিৰোধী ইউ পি পি এল হৈছে বিজেপিৰ প্ৰধান মিত্ৰদল ৷

হাগ্ৰামা মহিলাৰীৰ স্বপ্ন পূৰণ নহ’ল যদিও বিপিএফে বিধানসভাত বিৰোধী শিৱিৰ ত্যাগ কৰি চৰকাৰী পক্ষত অৱস্থান কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিজন বিপিএফ বিধায়কক লগত লৈ 23 জানুৱাৰীত এই কথা ঘোষণা কৰে ৷

হাগ্ৰামা মহিলাৰীৰ কথা ওলাওঁতেই এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে, বছৰটোৰ বিভিন্ন সময়ত পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল হাগ্ৰামাই ৷ ইয়াৰ মাজতেই নৱেম্বৰ মাহত হাগ্ৰামাই অসমৰ ৰাজনৈতিক মহলত লগাই খলকনি ৷ নাগপুৰত গৈ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ কাৰ্যালয়ত ইন্দ্ৰেশ কুমাৰৰ চৰণ চুই সেৱা লোৱা হাগ্ৰামাৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাচতেই তীব্ৰ চৰ্চা লাভ কৰে ৷ লগতে ভাইৰেল হৈ পৰে হাগ্ৰামাই বিজেপিৰ শীৰ্ষ নেতৃত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ লিখা তিনিখন পত্ৰ ৷ সেই পত্ৰটো বিজেপিৰে মিত্ৰতাৰ পোষকতা কৰা দেখা গ’ল হাগ্ৰামাক ৷ অৱশ্যে হাগ্ৰামাৰ সপোন পূৰণ নোহোৱাকৈয়ে শেষ হ’ল 2022 বৰ্ষটো ৷

অসমৰ জনজাতীয় ৰাজনীতি বুলিলে স্বায়ত্তশাসিত পৰিষদ কেইখনৰ কথা উল্লেখ নকৰিলে আধৰুৱা হ’ব ৷ 2022 বৰ্ষত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) লগতে অনুষ্ঠিত হয় দেউৰী স্বায়ত্তশাসিত পৰিষদ আৰু ঠেঙাল-কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৷ আটাইকেইটা নিৰ্বাচনতে জয় লাভেৰে পৰিষদ গঠন কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি দলে ৷

কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন:

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত গেৰুৱা দল বিজেপি পুনৰ অপ্ৰতিৰোধ্য হৈ ৰ'ল (KAAC election result) ৷ ২৬ টা পৰিষদীয় সমষ্টিৰ আটাইকেইটা সমষ্টি দখল কৰি পুনৰ নিশ্চত মচনদ দখল কৰিলে ড৹ তুলিৰাম ৰংহাং নেতৃত্বাধীন টীম কাৰ্বি আংলঙে ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ডিফু, হামৰেণ আৰু বোকাজান নিৰ্বাচনী জিলাত ক্ৰমে ১০ টা, ৯ টা আৰু ৭ টা সামৰি মুঠ ২৬ টা পৰিষদীয় সমষ্টিতে বিজেপি প্ৰাৰ্থীসকলে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ দুই-এঠাইত এপিএইছএলচি আৰু কংগ্ৰেছ প্ৰতিদ্বন্দিতা আগবঢ়াই যদিও বিৰোধী পক্ষৰ শেষ ৰক্ষা নহ'ল ৷

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন:

যোৱা 8 নৱেম্বৰত 22 টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হোৱা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় 10 ডিচেম্বৰত (DAC election result) ৷ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে 22 খন আসনেই দখল কৰাৰ দাবী কৰিছিল যদিও কাৰ্যতঃ সেয়া নহ’ল ৷ বিজেপি মিত্ৰজোঁটে লাভ কৰিলে 12 খন আসন ৷ ইয়াৰ ভিতৰত এখন আসন আছে অগপৰ (DAC election 2022)৷

এই নিৰ্বাচনত আন দল সমূহতকৈ চমকপ্ৰদ ফলাফল দেখুৱালে জিম’ছাঁয়া পিপল্চ পাৰ্টীয়ে ৷ দলটোৱে 22 টা সমষ্টিৰ ভিতৰত 7 টা সমষ্টিত জয়লাভ কৰে ৷ কংগ্ৰেছে লাভ কৰে মাত্ৰ দুখন আসন ৷ আনহাতে এখন আসন লাভ কৰে নিৰ্দলীয়ই (DAC election final result) ৷

পিচে ফলাফল ঘোষণাৰ পাচতেই দেউৰী পৰিষদৰ অংকটো কিছু সলনি হ’ল ৷ বিজেপিৰে মিলি চৰকাৰ গঠনৰ পোষকতা কৰিলে জেপিপিয়ে ৷ বিজেপিয়েও যেন তাকেই বিচাৰি আছিল মনে-প্ৰাণে ৷ অৱশেষত যোৱা 27 ডিচেম্বৰত ভৈৰৱ দেউৰীক মুখ্যকাৰ্যবাহী, ভাস্কৰ দেউৰীক উপমুখ্য কাৰ্যবাহী আৰু অমৃতপ্ৰভা দেউৰীক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হয় দেউৰী স্বায়ত্তশাসিত পৰিষদ ৷

ঠেঙাল-কচাৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন:

2022 বৰ্ষৰ 20 ডিচেম্বৰত অনুষ্ঠিত হৈছিল ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ৷ মুঠ 22 খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ভোটগ্ৰহণ হয় 21 খন আসনৰ বাবে ৷ এই নিৰ্বাচনৰ ফলাফল ঘোষণা হয় 25 জানুৱাৰীত ৷ মুঠ 22 খন আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটে লাভ কৰে 17 খন আসন ৷ ইয়াৰ 14 খন আসন লাভ কৰে বিজেপিয়ে আৰু 3 খন অগপই ৷ বিৰোধী দল কংগ্ৰেছে লাভ কৰে 4 খন আসন আৰৰু এখন আসন যায় নিৰ্দলীয়ৰ হাতলৈ ৷

মিছিং স্বায়ত্তশাসিত পৰিষদো বৰ্তমান বিজেপিৰ হাতত থকাৰ দৰেই ৷ কিয়নো স্বায়ত্তপৰিষদ খন শাসন কৰি থকা গণশক্তি পাৰ্টী এতিয়া বিজেপিৰ মিত্ৰ ৷ ভূৱন পেগুৱে ইতিমধ্যে বিজেপিত যোগদান কৰাৰ বিপৰীতে ডাঃ ৰণোজ পেগু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৷ তিৱা স্বায়ত্তশাসিত পৰিষদো বৰ্তমান বিজেপিৰ হাতত ৷

প্ৰতিশ্ৰুতি আৰু উন্নয়ন:

ৰাজ্যৰ প্ৰায় প্ৰতিখন স্বায়ত্তশাসিত পৰিষদ বিজেপি বা ইয়াৰ মিত্ৰ দলৰ হাতত থকাৰ পাচতো কিন্তু উন্নয়নৰ ক্ষেত্ৰত জনজাতীয় অঞ্চল সমূহ পিচপৰি থকা দেখা গৈছে ৷ সেয়া লাগিলে কাৰ্বি পাহাৰৰ দুৰ্গম অঞ্চল সমূহেই হওক বা জোনাই-ধেমাজিৰ নৈপৰীয়া অঞ্চলেই হওক ৷ কেৱল চকুৰ পচাৰতে দেখা পোৱা অঞ্চলকেইটাতে কিছু উন্নয়নমূলক আঁচনি ৰূপায়ন কৰি পৰিষদ সমূহে জনজাতীয় লোকৰ কল্যাণ সাধন কৰাৰ বাঃ বাঃ লোৱাৰ প্ৰচেষ্টা চলাই আহিছে ৷

চিৰাং,বাক্সা, ওদালগুৰিৰ বিটিআৰৰ অন্তৰ্গত তথা ভাৰত-ভূটান সীমান্তৰ অঞ্চলত আজিও মানুহে লাভ কৰা নাই উপযুক্ত সা-সুবিধা ৷ বিশেষকৈ খোৱা পানী, বাট-পথ, চিকিৎসালয় আদিৰ সমস্যাই এইলোকসকলক বাৰুকৈয়ে জলা-কলা খুৱাই ৷ নৈ-খালৰ ঘোলা পানী, জৰাজীৰ্ণ বাট, ঔষধৰ নামত জৰা-ফুকাকেই সাৰথি কৰি এইসকল লোকৰ জীৱন চলি আছে বুলিব পাৰি ৷

কাৰ্বি আৰু ডিমাচা পাহাৰতো এনে দৃশ্য দুৰ্লভ নহয় ৷ কাৰ্বি পাহাৰৰ কেন্দ্ৰস্থলত দোপত দোপে উন্নতি হৈছে ঠিকেই ৷ কিন্তু কিছু সীমামূৰীয়া অঞ্চলত বিকাশৰ এখন ধূসৰ ছবিহে দেখা যায় ৷ চিকিৎসা, শিক্ষা, বিশুদ্ধ খোৱাপানী আদি যেন কেৱল মৌখিক ঘোষণাতেই ৰৈ গৈছে এই অঞ্চলবোৰত ৷ জোনাই-ধেমাজিৰো বহুকেইটা অঞ্চলত উন্নয়নৰ নামত কেৱল ভেকোভাওনা চলাৰ বাতৰি প্ৰায়ে লাভ কৰা যায় ৷

2022 বৰ্ষটোত অসমৰ জনজাতীয় ৰাজনীতিত লেখত ল’বলগীয়া বৰবিশেষ কোনো ঘটনা অৱশ্যে দেখা পোৱা নগ’ল ৷ তাৰ মাজতে জনজাতিকৰণৰ নামৰ অসমৰ ছটা জনগোষ্ঠী আকৌ এবাৰ প্ৰতাৰিত হোৱা কাৰ্যই বিশেষ গুৰুত্ব লাভ কৰে ৷ কিয়নো বাৰে বাৰে নিৰ্বাচনৰ সময়ত ইচ্যু হৈ পৰা জনজাতিকৰণৰ বিষয়টো আকৌ গেঁঠেলা মাৰিলে ৷ কেৱল সপোন বা প্ৰতিশ্ৰুতিতেই ৰৈ গ’ল জনজাতিকৰণ ৷ অনাগত দিনত এই বিষয়টোৱে কি গুৰুত্ব পাই বা জনজাতীয় ৰাজনীতিত আৰু কি কি পৰিৱৰ্তন হয়, সেয়া অৱশ্যেই লক্ষ্যনীয় হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.