ETV Bharat / state

Zoo Protection Forum protest: চিৰিয়াখানাৰ সমুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 29, 2022, 4:41 PM IST

Zoo Protection Forum protests infront of Assam State Zoo in Guwahati
চিৰিয়াখানাৰ সমুখত প্ৰতিবাদ

বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ সমুখত চিৰিয়াখানা সুৰক্ষা মঞ্চই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা উদ্যোগপতি মুকেশ আম্বানীৰ চিৰিয়াখানালৈ নিয়া জীৱ-জন্তু ঘূৰাই অনাৰ দাবীত এই প্ৰতিবাদ ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰে ড৹ হীৰেন গোহাঁই, মীৰা বৰঠাকুৰ, ৰাজকুমাৰ বৈশ্য, চৰণ ডেকাকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট লোকে ৷

চিৰিয়াখানাৰ সমুখত প্ৰতিবাদ

গুৱাহাটী, 29 ডিচেম্বৰ: অসম ৰাজ্যিক চিৰিয়াখানাৰ (Assam State Zoo) পৰা আম্বানীৰ চিৰিয়াখানালৈ নিয়া বন্যপ্ৰাণী গোপনে সৰবৰাহ কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে চিৰিয়াখানাৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Allegation of Smuggling wildlife from ASZ to Ambani Zoo) ।

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ নেতৃত্বত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁই (Hiren Gohain) , অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ (APWC President Mira Borthakur),চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্য, চৰণ ডেকা আৰু বহুকেইগৰাকী সচেতন লোক ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে চিৰিয়াখানাৰ চৌহদ ৷ কিন্তু চিৰিয়াখানাৰ সমুখত গিজগিজাই থকা মহানগৰীৰ আৰক্ষী বাহিনীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে ।

উল্লেখ্য যে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ নিয়া বন্যপ্ৰাণী গোপনে সৰবৰাহ কৰাৰ বিৰুদ্ধে আৰু বন্যপ্ৰাণীসমূহ ঘূৰাই অনাৰ দাবীত "চিৰিয়াখানা সুৰক্ষা মঞ্চ"ই (Zoo Protection Forum protest) আহ্বান কৰা পূৰ্বঘোষিত প্ৰতিবাদী কাৰ্যসূচী মতে বৃহস্পতিবাৰে দিনত প্ৰতিবাদকাৰীসকলে চিৰিয়াখানাৰ কিছু দূৰৈত মিলিত হয় ।

তাৰ পৰাই প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ সমদল উলিয়ায় । কিন্তু আৰক্ষীয়ে সমদলটোক বাধা প্ৰদান কৰে । লগত বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁই আৰু অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদানতো বাধা প্ৰদান কৰে । আৰক্ষীয়ে জোৰ কৰি প্ৰতিবাদকাৰীসকলক আটক কৰি আৰক্ষীৰ বাহনত উঠাই নিয়ে । অৱশ্যে আৰক্ষীয়ে বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁই আৰু অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক আটক কৰাৰ পৰা বিৰত থাকে ।

কাৰ্যসূচীত অংশ লৈ বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁয়ে কয়, "এয়া চৰকাৰৰ ষড়যন্ত্ৰ । চিৰিয়াখানাক ব্যক্তিগতকৰণ কৰাৰ বাবে চৰকাৰে এই ষড়যন্ত্ৰ কৰি আছে । বিজেপি চৰকাৰে সদায় আদানী আৰু আম্বানীৰ স্বাৰ্থপূৰণৰ বাবে কাম কৰে । চিৰিয়াখানাখন আম্বানীক গতাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে । তেওঁ লগতে ৰসিকভাবে কয়, "জন্তু এতিয়া দিছপুৰত পোৱা যায় । জন্তু এতিয়া দিছপুৰত থাকে ।"

ইপিনে মীৰা বৰঠাকুৰে কয়, "বিজেপি চৰকাৰে চিৰিয়াখানাক ব্যক্তিগতকৰণ কৰাৰ বাবে এই ষড়যন্ত্ৰ কৰি আছে । অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ নিয়া বন্যপ্ৰাণী গোপনে সৰবৰাহ কৰি আছে । অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ নিয়া বন্যপ্ৰাণীসমূহ ঘূৰাই আনিব লাগিব । চৰকাৰে বিধানসভাত চিৰিয়াখানাৰ জন্তু সন্দৰ্ভত ভুল তথ্য দিছে । চৰকাৰৰ এই লুণ্ঠনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব ।

লগতে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই কয়,"এইখন চৰকাৰে প্ৰত্যক্ষভাৱে দালালিত নামি পৰিছে ৷ আম্বানীৰ স্বাৰ্থতে অসমৰ চিৰিয়াখানাখন ইতিমধ্যেই বিক্ৰি হৈছে ৷ কেৱল আনুষ্ঠানিক ঘোষণা কৰিব বাকী আছে ৷ আম্বানিয়ে এতিয়া জীৱ-জন্তুৰ ব্যৱসায় আৰম্ভ কৰিছে ৷ কিছুদিন পূৰ্বে টিংখাঙত এখন চিৰিয়াখানা স্থাপনৰ ঘোষণা কৰা হৈছে ৷ এনেধৰণৰ চিৰিয়াখানা এতিয়া বহুত হ’ব ৷ কাৰণ এতিয়া আম্বানীৰ দৰকাৰৰ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ জীৱ-জন্তুৰ ৷ সেইটো সম্ভৱ হ’ব কেৱল চিৰিয়াখানাৰ জৰিয়তে ৷ কিন্তু এয়া হ’ব নিদিও ৷ পৰবৰ্তী সময়তো আমি এই বিষয়ে মাত মাতি যাম আৰু আমাৰ আন্দোলন অব্যাহত থাকিব ৷"

মন কৰিবলগীয়া যে চিৰিয়াখানত আজি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰ্যসূচী আছিল । কিন্তু প্ৰতিবাদৰ বাবে এই কাৰ্যসূচী বাতিল কৰা হয় ।

লগতে পঢ়ক: Protest at Moran Oil : থলুৱা সংস্থাপনৰ দাবীত মৰাণ অইলত স্থানীয় ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.