Protest at Moran Oil : থলুৱা সংস্থাপনৰ দাবীত মৰাণ অইলত স্থানীয় ৰাইজৰ প্ৰতিবাদ

By

Published : Dec 29, 2022, 12:59 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

মৰাণ অইলৰ ঠিকাভিত্তিক কামত স্থানীয় যুৱক-যুৱতীক সংস্থাপন নিদিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে মৰাণ অইলৰ মূল প্ৰৱেশদ্বাৰৰ অ' চি এছ আৰু জি চি এছৰ পথত বাঁহ বান্ধি পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে খুমটাই আলিমুৰা অঞ্চলৰ বহু পুৰুষ-মহিলাই (protest at Moran oil) । অঞ্চলটোৰ কোনো উন্নয়নমূলক কাম অইলে নকৰাৰ অভিযোগ তুলি প্ৰতিবাদকাৰীসকলে পুৱাৰে পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰে (protest for development work in Moran) । অইলৰ প্ৰতিটো কামতে বাহিৰৰ পৰা কৰ্মচাৰী আনি সংস্থাপন দিয়াৰ লগতে স্থানীয় যুৱক-যুৱতীসকলক প্ৰতিটো কামতে বঞ্চনা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ (protest against Moran oil for local Establishment) । এনেদৰে বহু সময় ধৰি পথ অৱৰোধ কৰাৰ পিছত অইলৰ কৰ্তৃপক্ষ আহি ৰাইজৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত অৱৰোধ কাৰ্যসূচী উঠাই লয় ৰাইজে (Public protest in front of Moran oil gate) ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.