ETV Bharat / bharat

First Rapid Rail in India : প্ৰাথমিকতা শাখাত ট্ৰেক স্থাপন সম্পূৰ্ণ, পৰৱৰ্তী মাহত পৰীক্ষণ

author img

By

Published : Dec 29, 2022, 3:43 PM IST

rapid rail
rapid rail

ভাৰতত প্ৰথম দ্ৰুত ৰে'ল চলাচলৰ বাবে দিল্লী-গাজিয়াবাদ-মিৰাট আৰআৰটিএছ কৰিডৰৰ অগ্ৰাধিকাৰ শাখাত ট্ৰেক স্থাপন সম্পূৰ্ণ হৈছে (Track laying in priority section completed) । একে সময়তে পৰীক্ষণৰ বাবে প্ৰস্তুতিও যুদ্ধগতিত চলি আছে । এই পৰীক্ষণ অহা মাহৰ পৰা আৰম্ভ হ'ব পাৰে বুলি কোৱা হৈছে ।

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : দেশৰ ৰে'লসেৱাৰ প্ৰগতিৰ এক নুতন দিশ । ছেমি হাইস্পীড বন্দে ভাৰত এক্সপ্ৰেছৰ পিছত এইবাৰ দেশৰ ৰে'ল যাতায়াতত অন্তৰ্ভুক্ত হ'বলৈ আগবাঢ়িছে ৰেপিড ৰে'ল । দিল্লী-গাজিয়াবাদ-মিৰাট আঞ্চলিক দ্ৰুত পৰিবহণ প্ৰণালীৰ 17 কিলোমিটাৰ দীঘল অগ্ৰাধিকাৰ শাখাত ট্ৰেক স্থাপন সম্পূৰ্ণ কৰা হৈছে (Delhi Meerut Regional Rapid Transit System) ।

এই শাখাত আৰআৰটিএছ পৰিচালনা কৰিবলৈ প্ৰায় ৩৪ কিলোমিটাৰ ট্ৰেক স্থাপন কৰা হৈছে । অগ্ৰাধিকাৰ শাখাত অ'এইচই আৰু ছিগনেলিং কামো দ্ৰুতগতিত আগবাঢ়ি আছে । এতিয়ালৈকে বায়াডাক্টত 75 শতাংশতকৈ অধিক ওপৰৰ সঁজুলি (OSE) স্থাপন সম্পূৰ্ণ কৰা হৈছে (Track laying in priority section completed) ।

অহা মাহত পৰীক্ষণ
অহা মাহত পৰীক্ষণ

দৰাচলতে, বিগত অক্টোবৰ মাহতে অগ্ৰাধিকাৰ শাখাত OSE স্থাপন আৰম্ভ কৰা হৈছিল । বৰ্তমান ত্ৰিচতুৰ্থাংশতকৈও অধিক কাম সম্পূৰ্ণ হৈছে । ইয়াৰ অধীনত আৰআৰটিএছ ট্ৰেকত স্থাপন কৰা OSE-ক 25 হাজাৰ ভ'ল্ট ক্ষমতাৰ সৈতে বৈদ্যুতিকৰণ কৰা হ'ব । অগ্ৰাধিকাৰ শাখাৰ পৰিচালনাৰ বাবে বিদ্যুৎ যোগানৰ বাবে উত্তৰ প্ৰদেশৰ উত্তৰ প্ৰদেশ পাৱাৰ ট্ৰেন্সমিছন কৰ্প'ৰেচন লিমিটেডৰ (UPTCL) সৈতে এক চুক্তি স্বাক্ষৰিত হৈছে ।

এনচিআৰটিচি (NCRTC) বিষয়াসকলৰ পৰা লাভ কৰা তথ্য অনুসৰি, অগ্ৰাধিকাৰ শাখাত পৰীক্ষণৰ বাবে প্ৰস্তুতি যুদ্ধগতিত কৰা হৈছে । পৰীক্ষণ চলাচল অহা মাহত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । অগ্ৰাধিকাৰ শাখাত পাঁচটা ষ্টেচন আছে । সেইকেইটা হৈছে- চাহিবাবাদ, গাজিয়াবাদ, গুলধৰ, দুহাই আৰু দুহাই ডিপো । প্ৰাথমিকতা শাখাৰ ষ্টেচনবোৰত এস্কেলেটৰ আৰু লিফ্ট স্থাপন কৰা হৈছে ।

ট্ৰেক নিৰ্মাণ প্ৰায় সম্পূৰ্ণ
ট্ৰেক নিৰ্মাণ প্ৰায় সম্পূৰ্ণ

লগতে এই সকলোবোৰ ষ্টেচনৰ কাম সমাপ্ত কৰি চূড়ান্ত ৰূপ দিয়া হৈছে । ইয়াৰ উপৰি যাত্ৰীৰ বাবে উপলব্ধ হ'বলগা সুবিধা আৰু কাউণ্টাৰ নিৰ্মাণো অন্তিম পৰ্যায়ত আছে । তদুপৰি, RRTS-ৰ 4 খন ৰে'ল দুহাই ডিপোত উপস্থিত হৈছে । তাত বিভিন্ন ডাইনেমিক আৰু ষ্টেটিক পৰীক্ষা কৰা হৈছে । এনচিআৰটিচিয়ে অহা মাৰ্চ, ২০২৩-ৰ ভিতৰত আৰু ২০২৫ চনৰ ভিতৰত সমগ্ৰ কৰিডৰত আৰআৰটিএছ ৰে'ল চলাবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

এনচিআৰটিচি (NCRTC) বিষয়াসকলৰ পৰা লাভ কৰা তথ্য অনুসৰি, অগ্ৰাধিকাৰ শাখাত পৰীক্ষণৰ বাবে প্ৰস্তুতি যুদ্ধগতিত কৰা হৈছে । পৰীক্ষণ চলাচল অহা মাহত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । অগ্ৰাধিকাৰ শাখাত পাঁচটা ষ্টেচন আছে । সেইকেইটা হৈছে- চাহিবাবাদ, গাজিয়াবাদ, গুলধৰ, দুহাই আৰু দুহাই ডিপো । প্ৰাথমিকতা শাখাৰ ষ্টেচনবোৰত এস্কেলেটৰ আৰু লিফ্ট স্থাপন কৰা হৈছে । লগতে এই সকলোবোৰ ষ্টেচনৰ কাম সমাপ্ত কৰি চূড়ান্ত ৰূপ দিয়া হৈছে ।

দেশত চলিব ৰেপিড ৰে'ল
দেশত চলিব ৰেপিড ৰে'ল

ইয়াৰ উপৰি যাত্ৰীৰ বাবে উপলব্ধ হ'বলগা সুবিধা আৰু কাউণ্টাৰ নিৰ্মাণো অন্তিম পৰ্যায়ত আছে । তদুপৰি, RRTS-ৰ 4 খন ৰে'ল দুহাই ডিপোত উপস্থিত হৈছে । তাত বিভিন্ন ডাইনেমিক আৰু ষ্টেটিক পৰীক্ষা কৰা হৈছে । এনচিআৰটিচিয়ে অহা মাৰ্চ, ২০২৩-ৰ ভিতৰত আৰু ২০২৫ চনৰ ভিতৰত সমগ্ৰ কৰিডৰত আৰআৰটিএছ ৰে'ল চলাবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

উল্লেখ্য, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমৰ (National Capital Region Transport Corporation, NCRTC) দ্বাৰা গাজিয়াবাদত বিকশিত কৰা দেশৰ প্ৰথম দ্ৰুত ৰে'ল পৰিবহণ প্ৰণালী (rapid rail transit system) হৈছে এই ৰেপিড ৰে'ল । ই হ'ব এক দ্ৰুত গতিৰ আঞ্চলিক পৰিবহণ ব্যৱস্থা, যাক দিল্লীৰ ছাৰাই কালে খানৰ পৰা গাজিয়াবাদ হৈ উত্তৰ প্ৰদেশৰ মীৰাটলৈ পৰিচালনা কৰা হ'ব ।

আঞ্চলিক দ্ৰুত পৰিবহণ প্ৰণালীৰ (Regional Rapid Transit System, RRTS) অধীনত দুই প্ৰকাৰৰ ৰে'লে কাম কৰিব । প্ৰথমখন ৰে'লক ৰেপিড ৰে'ল বুলি কোৱা হয় আৰু মোডীপুৰমৰ পৰা বেগমপুৰ পাৰ্টাপুৰ হৈ দিল্লীৰ ছাৰাই কালে খানলৈ ই চলিব । দ্বিতীয়খনক মিৰাট মেট্ৰ' বুলি কোৱা হয় আৰু ই মোডীপুৰমৰ পৰা বেগমপুৰ হৈ পাৰ্টাপুৰলৈ চলিব ।

এই দ্ৰুত ৰে'লৰ সংখ্যা হ'ব 30 খন । প্ৰতি 10 মিনিটৰ মূৰে মূৰে ই চলিব । উক্ত ৰে'লসমূহ ১৬০ কিলোমিটাৰ/ঘণ্টা বেগত চলিব আৰু মাত্ৰ ৫৫ মিনিটত দিল্লীৰ পৰা মিৰাটৰ মাজৰ দূৰত্ব অতিক্ৰম কৰিব ।

লগতে পঢ়ক :Jorhat truck terminus : ২০২৩ ভিতৰত সম্পূৰ্ণ হ'ব যোৰহাটৰ ট্ৰাক টাৰ্মিনাচ আৰু ভৰাল গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.