ETV Bharat / state

Jorhat truck terminus : ২০২৩ ভিতৰত সম্পূৰ্ণ হ'ব যোৰহাটৰ ট্ৰাক টাৰ্মিনাচ আৰু ভৰাল গৃহ

author img

By

Published : Dec 29, 2022, 2:17 PM IST

যোৰহাটৰ ট্ৰাক টাৰ্মিনাচ আৰু ভৰাল গৃহ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে (Jorhat truck terminus construction)। ২০২৩ চনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে যোৰহাট উন্নয়ন প্ৰাধিকৰণে । ইয়াৰ দ্বাৰা যোৰহাটৰ যানজঁটৰ সমস্যাও সমাধান হ'ব ।

Jorhat truck terminus
যোৰহাটৰ ট্ৰাক টাৰ্মিনাচ আৰু ভৰাল গৃহ

যোৰহাটৰ ট্ৰাক টাৰ্মিনাচ আৰু ভৰাল গৃহ

যোৰহাট,২৯ ডিচেম্বৰ : বিগত দিনবোৰত যোৰহাট উন্নয়ন প্ৰাধিকৰণে (Jorhat Development Authority) জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কাম কৰি আহিছে । জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত আন এক পদক্ষেপ লৈছে যোৰহাট উন্নয়ন প্ৰাধিকৰণে । ২০২৩ চনৰ ভিতৰত যোৰহাটৰ ট্ৰাক টাৰ্মিনাচ আৰু ভৰাল গৃহ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে (Jorhat truck terminus to be completed by 2023)। যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত যোৰহাটৰ কেন্দুগুৰিৰ আইলামুখীয়াত ৭৮ বিঘা ১ কঠা ভূমিত যোৰহাট ট্ৰাক টাৰ্মিনাচৰ নির্মাণৰ শুভাৰম্ভ কৰাৰ পাছৰে পৰা প্ৰকল্পৰ কাম তীব্ৰ গতিত চলি আছে ।

নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে দিনে ৰাতিয়ে প্ৰকল্পটো নিৰ্মাণত ব্যস্ত হৈ পৰিছে । একপ্ৰকাৰ যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে । যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামীয়ে বিশেষভাৱে এই প্ৰকল্পৰ কাম সোনকালে সমাপ্ত হোৱাত গুৰুত্ব আৰোপ কৰিছে । তেওঁৰ তৎপৰতাতে ভূমিৰ গৰাকীসকলক ক্ষতিপূৰণ দিয়াৰ কামো ইতিমধ্যে সমাপ্ত হৈছে ।

ই টি ভি ভাৰতৰ আগত উন্নয়ন প্ৰাধিকৰণৰ সভাপতি গোস্বামীয়ে কয় যে পূৰ্বতে উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয় ভাড়াঘৰত আছিল আৰু তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে ভাড়াঘৰৰ পৰাৰ নিজা ভূমিত প্ৰাধিকৰণৰ কাৰ্যালয় স্থাপন কৰাৰ হ'ল । বৰ্তমান যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ পুঁজি টনকিয়াল হৈছে আৰু এই পুঁজিয়ে বিভিন্ন উন্নয়নমূলক কাম কাজ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিয়মীয়াকৈ কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰিবলৈও সক্ষম হৈছে ।

আনহাতে যোৰহাটত ২১ ডিচেম্বৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই প্ৰমাণ কৰিলে যে যোৰহাট ট্ৰাক টাৰ্মিনাচ আৰু খাদ্য ভৰালৰ কিমান প্ৰয়োজন ? ইতিমধ্যে এই বিষয়ত গুৰুত্ব প্ৰদান কৰিলে ট্ৰাক টাৰ্মিনাচ আৰু ভৰাল গৃহৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে যোৰহাট নগৰৰ মাজমজিয়াত যান-জঁটৰ সৃষ্টি কৰা ট্ৰাক টাৰ্মিনাচ আইলামুখীয়ালৈ স্থানান্তৰ কৰা হ'ব । লগতে ৮০ টাকৈ ভৰাল গৃহও নিৰ্মাণ কৰা হ'ব । এই টাৰ্মিনাচত প্ৰায় ১০০ খন ট্ৰাক পাৰ্কিং কৰাৰ সুবিধা থাকিব ।

ইফালে যোৰহাট নগৰৰ মাজমজিয়াত একাংশ ব্যৱসায়ীয়ে নিজ প্ৰতিষ্ঠানতে বিভিন্ন সামগ্ৰী মজুত কৰি ৰখাৰ বাবে অগ্নিকাণ্ডৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে । ফলত বহু সম্পত্তি ধ্বংস হোৱা দেখা গৈছে । প্ৰাধিকৰণৰ সভাপতিগৰাকীয়ে আশা কৰা মতে ট্ৰাক টাৰ্মিনাচ আৰু ভৰাল গৃহ নিৰ্মাণৰ লগে লগে যোৰহাটবাসীৰ বিভিন্ন সমস্যা সমাধান হ'ব ।

লগতে পঢ়ক :Beekeeping in Dhemaji: জীয়াঢলত মৌ-পালনেৰে অৰ্থনৈতিক বিপ্লৱ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.