ETV Bharat / state

Wine shops in Assam : ৰাইজৰ পদূলিয়ে পদূলিয়ে চৰকাৰৰ সুৰা ! ৭০০ খন নতুন সুৰাৰ বিপণী

author img

By

Published : Dec 29, 2022, 3:34 PM IST

Updated : Dec 29, 2022, 4:29 PM IST

Wine shops in Assam
ৰাইজৰ পদুলিয়ে পদুলিয়ে চৰকাৰৰ সুৰা

অসম চৰকাৰে নতুনকৈ ৭০০ খন বিলাতী সুৰাৰ বিপণী আৰু বাৰৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে (700 new liquor shops in Assam) ৷ কেৱল কামৰূপ মহানগৰ জিলাতে ৫৬ খন সুৰাৰ বিপণী আৰু বাৰৰ অনুমতি চৰকাৰৰ । ৩০০০ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহৰ লক্ষ্য ।

গুৱাহাটী, ২৯ ডিচেম্বৰ : কোনোবা এক সময়ত অসমত কোনোবা এখন চৰকাৰৰ আলংকাৰিক এটা শ্ল'গান আছিল "ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ ৷" সময় সলনি হৈছে ৷ সম্প্ৰতি ৰাজ্য চৰকাৰৰ এক কৰ্মই এই শ্ল'গানটো সলনি কৰাৰ উপক্ৰম ঘটাইছে- "ৰাইজৰ পদূলিত চৰকাৰৰ সুৰা"লৈ ৷ অতি শীঘ্ৰেই ৰাজ্যত চহৰ-নগৰ, গাঁৱে-ভূঞে সকলোতে উভৈনদী হ'ব বিলাতী সুৰা ৷ হাত মেলিলেই বা দুখোজ দিলেই এতিয়া ৰাজ্যৰ জনবসতি প্ৰধান অঞ্চলৰ প্ৰান্তে প্ৰান্তে বিলাতী সুৰা সুলভ কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷

Wine shops in Assam
৭০০ খন বিলাতী সুৰাৰ বিপণী-বাৰৰ বাবে অনুজ্ঞাপত্ৰ

কিয়নো ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এতিয়া নতুনকৈ ৭০০ খন বিলাতী সুৰাৰ বিপণীৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে ৷ উত্তৰ প্ৰজন্মৰ ভৱিষ্যতক বন্ধক হিচাপে ৰাখি ৰাজ্যৰ অৰ্থনীতি উদ্ধাৰৰ বাবে আগবাঢ়িছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ ৷ কেৱল ৰাজহ বৃদ্ধি কৰাৰ উদ্দেশ্যে চৰকাৰে ৰাজ্যত বৃহৎ পৰিমাণে নতুনকৈ সুৰাৰ বিপণী দিয়াৰ প্ৰস্তুতি চলাইছে ৷

সম্প্ৰতি ৰাজ্য চৰকাৰখন ভয়ংকৰভাৱে বিত্তীয় সংকটৰ সন্মুখীন হ'ব লগা হৈছে ৷ এই বিত্তীয় সংকট জোৰা মাৰিবলৈ চৰকাৰে আশ্ৰয় লৈছে-

  • চৰকাৰখনে বিভিন্ন উৎসৰ পৰা অভিলেখ সৃষ্টি কৰি ধাৰাবাহিকভাৱে বৃহৎ পৰিমাণৰ ঋণ ল'বলৈ বাধ্য হৈছে
  • বাটে-পথে পৰিবহণ বিভাগৰ যান-বাহন জৰিমনা
  • সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি আদিৰ

এইবাৰ ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে বিলাতী সুৰাৰ ৭০০ খনকৈ বিপণী ৰাজ্যত মুকলি কৰি দিব ৰাজ্য চৰকাৰে (700 new liquor shops in Assam)৷ ইতিমধ্যে আবকাৰী বিভাগে নতুনকৈ দিবলগীয়া সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ কেইবাখনো জিলাত আবকাৰী বিভাগে অনুজ্ঞাপত্ৰৰ বাবে আবেদনৰ প্ৰ-পত্ৰ দিয়াৰো ব্যৱস্থা কৰিছে ৷

যোৱা ৫ আগষ্টত আবকাৰী আয়ুক্তই জিলা আবকাৰী অধীক্ষকলৈ প্ৰেৰণ কৰা এখন পত্ৰই পোহৰলৈ আনিছিল উত্তৰ প্ৰজন্মক কোঙা কৰিব পেলাব পৰা এই ভয়ংকৰ তথ্য ৷ এই পত্ৰযোগে প্ৰতিখন জিলাত সুৰাৰ নতুনকৈ বিপণী স্থাপনৰ বাবে স্থান বিচৰা হৈছিল ৷ এই পত্ৰত ৰাজ্যজুৰি ৭০০ টা স্থান চিনাক্ত কৰি সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল (Assam govt proposes new wine shop)৷

Wine shops in Assam
উজানবজাৰতো হ'ব সুৰাৰ বিপণী

ৰাজ্যৰ ভগ্ন অৰ্থনীতিৰ জোৰা মাৰিবলৈ ২০২২-২৩ বৰ্ষত নতুনকৈ ৭০০ খন সুৰাৰ বিপণী খুলি মুঠ ৩০০০ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহৰ লক্ষ্য ৰাজ্য চৰকাৰৰ (Assam Govt policy to increase excise revenue) ৷ ২০২১-২২ বৰ্ষত ৰাজ্যৰ আবকাৰী ৰাজহ আছিল ১৯৩০ কোটি টকা ৷ ২০২০-২১ ৰ আবকাৰী ৰাজহ সংগ্ৰহতকৈ ২০২১-২২ বৰ্ষত এই পৰিমাণ ২০ শতাংশ বেছি আছিল ৷

যোৱা ৫ আগষ্টৰ আবকাৰী আয়ুক্তৰ পত্ৰখনৰ উত্তৰত কেইবাখনো জিলাৰ উপায়ুক্তই ৩০০০ জনসংখ্যা থকা অঞ্চলতো বিলাতী সুৰাৰ বিপণীৰ বাবে অনুমতি দিয়াৰ প্ৰস্তাৱ দিছে ৷ গোটেই অসমতে ৭০০ খন বিলাতী সুৰাৰ বিপণীৰ ভিতৰত কেৱল কামৰূপ মহানগৰ জিলাতে ৫৬ খন সুৰাৰ বিপণী আৰু বাৰৰ অনুমতি দিয়াৰো ব্যৱস্থা কৰা হৈছে ৷ যোৱা সোমবাৰে কামৰূপ মহানগৰ জিলাত এই ৫৬ খন সুৰাৰ বিপণী আৰু বাৰৰ অনুমোদন জনাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷

স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ইমান দিনলৈ সুৰাৰ বিপণী নথকা উজানবজাৰতো এতিয়া হ'ব সুৰাৰ বিপণী ৷ বাদ পৰা নাই চন্দ্ৰপুৰ-গোৱৰ্ধনা, বীৰকুছি-নাৰেংগী, নেপালী চক নুনমাটি চেক্টৰ-১, চূণচালি আদি অঞ্চলো ৷ মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰীত এখন বাৰ, সোণাপুৰত এখন ৱাইন শ্বপৰ বাবেও অনুমতি প্ৰদান ৷ নাৰেংগীৰ এলজি টাৱাৰ, ছুপাৰ মাৰ্কেটৰ ওৰস মল, ভঙাগড়ৰ ৰুদ্ৰাক্ষ মল, গণেশগুৰিৰ চিটি চেণ্টাৰ, খ্ৰীষ্টানবস্তিৰ চেণ্ট্ৰেল মল আদিতো বিলাতী সুৰাৰ বিপণী আৰু বাৰৰ অনুজ্ঞা পত্ৰ দিয়া হৈছে ৷

ৰাজ্য চৰকাৰৰ এই সুৰা নীতিয়ে বিত্তীয় দিশত চৰকাৰখনক নিশ্চিতভাৱে বেছ কিছু সকাহ দিব সঁচা (Assam government liquor policy)৷ কিন্তু এই লৈ ৰাজ্য চৰকাৰ তীব্ৰ সমালোচনাৰো সন্মুখীন হ'ব লগা হৈছে ৷ ভগ্ন অৰ্থনীতিৰ জোৰা মাৰিবলৈ আবকাৰী ৰাজহ সংগ্ৰহ কৰি উত্তৰ প্ৰজন্মৰ বাবে এক অন্ধকাৰাচ্ছন্ন ভৱিষ্যত কঢ়িয়াই আনিব পৰা ৰাজ্যজুৰি সুৰাৰ উভৈনদী কৰা চৰকাৰী সিদ্ধান্তক দল-সংগঠনে সাধাৰণ ৰাইজৰ লগতে তীব্ৰ সমালোচনা কৰিছে ৷

লগতে পঢ়ক :Failure of Jal Jeevan Mission Scheme: আমগুৰিত বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ প্ৰতিবাদ

Last Updated :Dec 29, 2022, 4:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.