ETV Bharat / state

Failure of Jal Jeevan Mission Scheme: আমগুৰিত বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Dec 29, 2022, 11:54 AM IST

বাউলীপুখুৰী শেণচোৱা গাঁৱত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে একাংশ লোক । যাৰ বাবে খোৱাপানী বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে (Public protest at Amguri)। বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজে পুখুৰীৰ পানী সেৱন কৰিছে ।

Failure of Jal Jeevan Mission Scheme
বিশুদ্ধ খোৱাপানী বিচাৰি আমগুৰিবাসী ৰাইজৰ প্ৰতিবাদ

বিশুদ্ধ খোৱাপানী বিচাৰি আমগুৰিবাসী ৰাইজৰ প্ৰতিবাদ

আমগুৰি, ২৯ ডিচেম্বৰ : ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ (Department of Public Health of Assam) অধীনত যোৱা প্ৰায় তিনি বছৰ ধৰি ৰূপায়িত হৈ আছে জল জীৱন মিছনৰ কাম (Jal Jeevan Mission project on Assam) । ইতিমধ্যে অসম চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে প্ৰচাৰ তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে জল জীৱন মিছনৰ শীৰ্ষক গীতো মুকলি কৰিছে । ২০২৩ ৰ ভিতৰত অসমৰ প্ৰতিঘৰ লোকে বিশুদ্ধ খোৱাপানী পোৱাৰো প্ৰতিশ্ৰুতি দিছে চৰকাৰে । কিন্তু তাৰ মাজতে বহু ঠাইত জল জীৱন মিছন ৰূপায়ণত পোহৰলৈ আহিছে বিভিন্ন অনিয়ম তথা প্ৰহসনৰ ঘটনা । একপ্ৰকাৰ ভেকোঁভাওনাত পৰিণত হৈছে আঁচনিখন !

যাৰ বাবে বহু ঠাইত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈছে স্থানীয় লোকসকল । অসমৰ বাকী জিলাসমূহৰ দৰে শিৱসাগৰৰ আমগুৰিতো জল জীৱন মিছন আঁচনি প্ৰহসনত পৰিণত হৈছে । যাৰ বাবে বিশুদ্ধ খোৱাপানী বিচাৰি ৰাজপথলৈ ওলাই আহিল সৰ্বসাধাৰণ ৰাইজ ।

বাউলীপুখুৰী শেণচোৱা গাঁৱত বিশুদ্ধ খোৱাপানী বিচাৰি স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে (Public protest demanding pure drinking water)। ৰাইজৰ অভিযোগ অনুসৰি জল জীৱন মিছন আঁচনিৰ অধীনত শেণছোৱা বৰুৱা পানী যোগান আঁচনি মেৰামতি কৰা হয় যদিও বৰ্তমানলৈকৈ তিনিখনকৈ গাঁৱৰ পৰিয়ালে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী । ব্ৰহ্মপুত্ৰ কনষ্ট্ৰাকশ্যন এণ্ড ট্ৰেড নামৰ প্ৰতিষ্ঠানে শেণছোৱা বৰুৱা পানী যোগান আঁচনিৰ নিৰ্মাণকাৰ্য চলাইছিল যদিও প্ৰায় ১৫০ টা পৰিয়ালে এতিয়ালৈ বিশুদ্ধ খোৱাপানী লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

ৰাজ্য চৰকাৰে "ঘৰে ঘৰে নল, ঘৰে ঘৰে জল" আঁচনিৰ জৰিয়তে প্ৰত্যেক পৰিয়ালকে বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰাৰ সময়তে আমগুৰিত স্থানীয় ৰাইজে লেতেৰা পুখুৰীৰ পানীয়ে সেৱন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । অভিযোগ অনুসৰি আমগুৰিৰ বাউলীপুখুৰী শেণছোৱা গাঁওবাসীয়ে যোৱা ৩০ বছৰে বিশুদ্ধ খোৱাপানীৰ নামত লেতেৰা পানীকে সেৱন কৰিবলগা হৈছে । জনস্বাস্থ্যৰ প্ৰতি অলপো গুৰুত্ব নিদিয়া আমগুৰি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে জল জীৱন আঁচনিৰ পৰা ডেৰ শতাধিক পৰিয়ালক বঞ্চিত কৰি ৰখা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ।

ফলত দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱাপানীৰ নামত অস্বাস্থ্যকৰ পানীকে ব্যৱহাৰ কৰি আহিছে ৰাইজে । আনকি লেতেৰা পানী সেৱনৰ ফলত অঞ্চলটোৰ বহু লোক বিভিন্ন ৰোগত আক্ৰান্তও হৈছে । এনে পৰিস্থিতিত অতি শীঘ্ৰে অঞ্চলটোত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে প্ৰতিবাদৰ জৰিয়তে দাবী উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক :Illegal brick industry in Behali : বিহালীত ইটাভাটা মালিকৰ দৌৰাত্ম, নষ্ট শ শ বিঘা কৃষিভূমি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.