ETV Bharat / state

Illegal brick industry in Behali : বিহালীত ইটাভাটা মালিকৰ দৌৰাত্ম, নষ্ট শ শ বিঘা কৃষিভূমি

author img

By

Published : Dec 29, 2022, 10:39 AM IST

বিহালীত একাংশ ইটাভাটা মালিকৰ দৌৰাত্ম চলিছে । অবৈধভাৱে খনন কৰিছে শ শ বিঘা কৃষিভূমি (Illegally mined agricultural land at Behali)। প্ৰশাসন তথা বন বিভাগ নিমাত । চেৰেলীয়া শিয়ালমাৰিস্থিত MBF নামৰ ইটাভাটাৰ মালিকৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ ।

Illegal brick industry in Behali
বিহালীত ইটাভাটা মালিকৰ দৌৰাত্ম

বিহালীত ইটাভাটা মালিকৰ দৌৰাত্ম

বিহালী,২৯ ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধভাৱে গঢ়ি উঠিছে শ শ ইটাভাটা (Illegal brick industry in Assam)। প্ৰকৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই প্ৰতিদিনে ইটাভাটাসমূহ চলি আছে । প্ৰদূষণৰ লগতে স্থানীয় লোকৰ প্ৰতিও ভাবুকি আহিছে এই অবৈধ ইটাভাটাসমূহৰ দ্বাৰা । প্ৰশাসনৰ নিৰ্দেশনা উলংঘন কৰি ইটাভাটাসমূহ চলি আছে যদিও সেইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই (Brick industry violates administration guidelines)। একাংশ মালিকে প্ৰশাসন তথা বন বিভাগক মেনেজ কৰি অবৈধভাৱে ইটাভাটাসমূহ চলাই থকাৰো অভিযোগ উত্থাপন হৈ আহিছে ।

এইবাৰ তেনে এক অভিযোগ উত্থাপন হৈছে বিশ্বনাথ জিলাৰ বিহালীৰ এটা ইটাভাটাৰ মালিকৰ বিৰুদ্ধে । অভিযোগ অনুসৰি বিহালী চেৰেলীয়া শিয়ালমাৰিস্থিত MBF নামৰ ইটাভাটাৰ মালিকে অবৈধভাৱে কৃষিভূমি ধ্বংস কৰি আহিছে (MBF brick industry at Behali)। প্ৰশাসনৰ অনুমতি অবিহনে ইটাভাটাৰ মালিকে অঞ্চলটোৰ ভূমি খনন কৰি আহিছে । বিভিন্ন কৌশলেৰে বহু কৃষকৰ কৃষিভূমিও খনন কৰা দেখা গৈছে । অভিযোগ অনুসৰি বহু কৃষকৰ অনুমতি অবিহনেই তেওঁলোকৰ ভূমি খনন কৰিছে ইটাভাটাৰ মালিকে ।

ইফালে এই খননৰ ফলত শ শ বিঘা কৃষিভূমি নষ্ট হৈছে । ৰাইজে অভিযোগ কৰা মতে ইটাভাটাৰ মালিক মাটি খননৰ বাবে খনিজ বিভাগ বা বন বিভাগৰ পৰা অনুমতিও লোৱা নাই । বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লোককো মেনেজ কৰাৰ অভিযোগ উঠিছে । ইয়াৰ দ্বাৰা ৰাজহ বিভাগৰ লাখ লাখ টকা লুণ্ঠন কৰাৰো অভিযোগ উঠিছে ।

কিন্তু কাৰ আশীৰ্বাদত এনেদৰে অবৈধভাৱে ইটাভাটাৰ মালিকে মাটি খনন চলাই গৈছে সেয়াহে এতিয়া এটা ডাঙৰ প্ৰশ্ন ? প্ৰশাসন তথা বন বিভাগ এই ক্ষেত্ৰত কিয় নিমাত হৈ আছে সেয়াও গুৰুত্বপূৰ্ণ বিষয় ।

উল্লেখ্য যে বিহালীৰ একাংশ ইটাভাটা মালিকৰ দৌৰাত্মৰ ফলতেই অঞ্চলটোত কেইবাটাও কৰুণ ঘটনা সংঘটিত হৈছে । ইটাভাটাসমূহে যধে-মধে খনন কাৰ্য চলোৱাৰ ফলত দ-পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হয় ৷ য'ত পৰি বিভিন্নজনৰ মৃত্যু হোৱাৰো উদাহৰণ আছে । কেইমাহ মান পূৰ্বে বিহালীৰ উক্ত অঞ্চলটোতে দুটাকৈ মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল ।

অবৈধ খনন ফলত সৃষ্টি হোৱা দ-পুখুৰী সদৃশ গাঁতত পৰি মৃত্যু হৈছিল দুগৰাকীকৈ কিশোৰ-কিশোৰীৰ । যাৰ বাবে অঞ্চলটোৰ ৰাইজ ইটাভাটাৰ মালিকসকলৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে । এই ধৰণৰ অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ ৰাইজে প্ৰশাসনক দাবীও জনাইছে ।

লগতে পঢ়ক :Tingkhang incident: টিংখাঙত বিদ্যুৎ বিভাগৰ গাফিলতিত ভয়ংকৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.