ETV Bharat / international

য়েমেনত আক্ৰমণৰ প্ৰতিশোধ; লোহিত সাগৰত আমেৰিকান কেৰিয়াৰৰ ওপৰত আক্ৰমণ হুথিৰ - Houthis Attack on US Carrier

author img

By ANI

Published : Jun 1, 2024, 6:59 AM IST

HOUTHIS ATTACK AT RED SEA : হুথিৰ সামৰিক মুখপাত্ৰ য়াহিয়া ছাৰীয়ে শুকুৰবাৰে আইজেনহাৱাৰ কেৰিয়াৰৰ ওপৰত আক্ৰমণৰ কথা ঘোষণা কৰে । লগতে কয় যে য়েমেনৰ হোদেইদাহ প্ৰদেশত আমেৰিকা আৰু ব্ৰিটেইনৰ আক্ৰমণত কমেও ১৬ জন লোক নিহত হোৱা ঘটনাৰ প্ৰতিশোধকল্পে এই আক্ৰমণ চলোৱা হৈছে ।

Houthis Attack on US Carrier
হুথিৰ সমৰ্থক (Reuters Photo)

ইণ্টাৰনেচনেল ডেস্ক, ১ জুন : য়েমেনত আমেৰিকা আৰু ব্ৰিটেইনৰ ভয়াৱহ আক্ৰমণৰ প্ৰতিশোধকল্পে আমেৰিকাৰ বিমান কেৰিয়াৰৰ ওপৰত আক্ৰমণ হুথি বিদ্ৰোহীৰ । আল জাজিৰাৰ বাতৰি অনুসৰি, য়েমেনৰ হুথি বিদ্ৰোহীসকলে কয় যে তেওঁলোকে য়েমেনত শেহতীয়া আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে লোহিত সাগৰত আমেৰিকাৰ বিমান পৰিবহণৰ ওপৰত মিছাইল আক্ৰমণ চলাইছে ।

হুথিৰ সামৰিক মুখপাত্ৰ য়াহিয়া ছাৰীয়ে শুকুৰবাৰে আইজেনহাৱাৰ কেৰিয়াৰৰ ওপৰত আক্ৰমণৰ কথা ঘোষণা কৰে । আনহাতে, দলটোৱে পূৰ্বতে দাবী কৰিছিল যে য়েমেনৰ হোদেইদাহ প্ৰদেশত আমেৰিকা আৰু ব্ৰিটেইনৰ আক্ৰমণত কমেও ১৬ জন লোক নিহত হৈছিল ।

আনহাতে, হুথি নিয়ন্ত্ৰিত চেনেল আল মাচিৰাহ টেলিভিছনে হোদেইদাত আহত নাগৰিকসকলক চিকিৎসা প্ৰদান কৰাৰ দৃশ্য সম্প্ৰচাৰ কৰে আৰু তাত বৃহস্পতিবাৰৰ আক্ৰমণৰ ভয়াৱহতা প্ৰকাশ পায় । উক্ত আক্ৰমণত কমেও ৪২ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।

"আমেৰিকান-ব্ৰিটিছ আক্ৰমণে আমাক পেলেষ্টাইনৰ সমৰ্থনত আমাৰ সামৰিক অভিযান অব্যাহত ৰখাত বাধা প্ৰদান নকৰে ।" হুথি বিষয়া মহম্মদ আল-বুখাইটিয়ে এক্সত এই কথা উল্লেখ কৰি কয় যে বিদ্ৰোহীসকলে হুলেৰে হুল কাঢ়িব ।

আনহাতে, আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে (চেণ্টকম) জনাইছে যে ১৩ টা হুথি লক্ষ্যত হোৱা আক্ৰমণৰ ফলত য়েমেনৰ হুথি নিয়ন্ত্ৰিত অঞ্চল আৰু লোহিত সাগৰৰ ওপৰেৰে আঠখন আনক্ৰুড এৰিয়েল ভেহিকল (ইউ এ ভি) ধ্বংস হৈছে । আল জাজিৰাৰ সূত্ৰত এই কথা প্ৰকাশ ।

ইফালে, ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ৰয়েল এয়াৰ ফ'ৰ্চ টাইফুন এফ জি আৰ৪-এ হোদেইদাহ আৰু ঘুলাইফিকাত আক্ৰমণ চলাইছিল । এই আক্ৰমণৰ লক্ষ্যবোৰক 'হাউচিং ড্ৰোন গ্ৰাউণ্ড কণ্ট্ৰোল সুবিধা' হিচাপে চিনাক্ত কৰা অট্টালিকা আৰু অতি দীঘলীয়া দূৰত্বৰ ড্ৰোনৰ লগতে ভূমিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা অস্ত্ৰ ভাণ্ডাৰ বুলি উল্লেখ কৰে ।

ইয়াৰ উপৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনকে এই সামৰিক পদক্ষেপক 'হুথিসকলে সৃষ্টি কৰা প্ৰচলিত ভাবুকিৰ সন্মুখীন হৈ কৰা আত্মৰক্ষা' হিচাপে আত্মপক্ষ সমৰ্থন কৰে ।

লগতে পঢ়ক :ইজৰাইলৰ বিৰুদ্ধে কঠোৰ আন্তৰ্জাতিক ন্যায়ালয় - ICJ Order On Gaza War

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.