ETV Bharat / health

যদিহে নিজৰ যকৃতক সুস্থ ৰাখিব খোজে, আজিৰে পৰা খাওক এইসমূহ পাচলি... - Best vegetables for Liver

Best vegetables for Liver: শেহতীয়া এক অধ্যয়নত পোহৰলৈ অহা মতে, ভাৰতৰ প্ৰতি ৫ জনৰ ভিতৰত ১ জন ব্যক্তিয়েই যকৃতৰ সমস্যাত ভুগি আছে ৷ সেয়ে এই সমস্যাৰ পৰা হাত সাৰিবলৈ আজিয়েই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ পাচলি...

Eating these vegetables is beneficial for maintaining a healthy liver
আপোনাৰ স্বাস্থ্যৰ বাবে ঔষধৰ দৰে কাম কৰে এই কেইবিধ পাচলিয়ে (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024 at 4:58 PM IST

2 Min Read
Choose ETV Bharat

লিভাৰ বা যকৃত শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ ৷ যকৃতে আমাৰ শৰীৰৰ প্ৰায় ৫০০ কাৰ্য সম্পাদন কৰে ৷ সেয়েহে, শৰীৰটোক সুস্থ-সবল কৰি ৰাখিবলৈ যকৃতৰ ভালদৰে যত্ন লোৱাটো খুবেই দৰকাৰ ৷ যকৃতক সুস্থ কৰি ৰাখিবলৈ আপুনি জাংক ফুড, সুৰা, ধূমপান আদিৰ পৰা আঁতৰি থাকিব লাগিব ৷ শেহতীয়া এক অধ্যয়নত পোহৰলৈ অহা মতে, ভাৰতৰ প্ৰতি ৫ জনৰ ভিতৰত ১ জন ব্যক্তিয়েই যকৃতৰ সমস্যাত ভুগি আছে ৷

যকৃত ক্ষতিগ্ৰস্ত হ'লে শৰীৰত কেতবোৰ লক্ষণে দেখা দিয়ে ৷ বমি, কম ভোক, ভাগৰ, ডায়েৰিয়া, জণ্ডিচ, নিৰন্তৰ ওজন হ্ৰাস, শৰীৰত খজুৱতি আদি হৈছে যকৃত বেয়া হোৱাৰ অন্যতম মূখ্য লক্ষণ ৷ যকৃতক মৃত্যু পৰ্যন্তলৈ ভালদৰে ৰাখিবলৈ আপুনি বিশেষ চাৰি বিধ পাচলি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে ৷ যকৃতৰ ঔষধৰ দৰে কাম কৰা এই চাৰিবিধ পাচলি হৈছে-

বিট

বিট যকৃতৰ বাবে অতি উপকাৰী ৷ বহুলোকে বীটৰুটৰ সোৱাদ ভাল নাপায় বাবে ইয়াক নাখায় ৷ কিন্তু ই পুষ্টিৰে পৰিপূৰ্ণ আৰু যকৃতৰ বাবে ঔষধৰ দৰে কাম কৰে ৷

ব্ৰকলি

যকৃত সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে ব্ৰকলি খোৱাটো খুবেই উপকাৰী ৷ ব্ৰকলিয়ে আমাৰ যকৃত স্বাস্থ্যৱান হৈ থকাত সহায় কৰে ৷ প্ৰতিদিনে ব্ৰকলি খালে ই চৰ্বিযুক্ত যকৃতৰ লগতে যকৃত সম্বন্ধীয় সমস্যাসমূহৰ পৰা আমাক বচাই ৰাখিব পাৰে ৷

ব্ৰুচেলছ স্প্ৰাউট

এই পাচলিয়ে পাচন তন্ত্ৰ উন্নত কৰাৰ বাবে কাম কৰে আৰু শৰীৰক বহুতো খনিজ পদাৰ্থ প্ৰদান কৰে ৷ ব্ৰুচেলছ স্প্ৰাউটত উদ্ভিদ-আধাৰিত যৌগও থাকে, যিয়ে যকৃতক ভালদৰে কাম কৰাত সহায় কৰে ৷

সেউজীয়া শাক পাচলি

সেউজীয়া শাক-পাচলি খোৱাটো যকৃতৰ স্বাস্থ্যকে ধৰি সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ এই পাচলিবোৰ এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ ৷ যাৰ বাবে বিশেষজ্ঞসকলে যিমান পাৰি সেউজীয়া শাক-পাচলি খোৱাৰ পৰামৰ্শ দিয়ে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ইয়াৰ বাবে ইটিভি ভাৰতে দায়িত্ব লোৱা নাই। কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: আপুনিও লিভাৰৰ এইসমূহ সমস্যাত ভুগিছে নেকি ? তেনেহ’লে এতিয়াই চিকিৎসকৰ ওচৰলৈ যাওক - World Liver Day