Elephant terror: জখলাবন্ধাত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও ঘৰ

By

Published : Dec 29, 2022, 3:51 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Wild elephant terror in Nagaon)। বুধবাৰে নিশা জিলাখনৰ জখলাবন্ধাৰ ঢেকীয়াল, মিলনপুৰ আদি অঞ্চলত বন্যহস্তীয়ে তাণ্ডৱ চলায় । হাতীৰ জাকে বহু পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা হাতীয়ে মিলনপুৰৰ ৰূপৰাম বৰুৱা, ঢেকীয়াল গাঁৱৰ পুলকেশ হাজৰিকা, তিলক দাসৰ ঘৰ-দুৱাৰ ভাঙি ক্ষতি সাধন কৰাৰ লগতে ঢেকীয়াল গাঁৱৰ অজয় দাসৰ ঘৰত ধান খাই তহিলং কৰে (Wild elephant menace in Nagaon)। ঘটনাস্থলীত বন বিভাগৰ লোক অতি পলমকৈহে উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ । ইফালে প্ৰতিদিনে বন্যহস্তীয়ে অঞ্চলটোত ক্ষতিসাধন কৰিছে যদিও ভুক্তভোগী ৰাইজক চৰকাৰে ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উঠিছে । বন্যহস্তীৰ উপদ্ৰৱ বন্ধ কৰাৰ ক্ষেত্ৰত বন বিভাগ তথা চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাই ৰাইজে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.