'ডুপ্লিকেট অমিতাভ বচ্চন' ফিৰোজ খানৰ মৃত্যু - actor Firoz Khan dies - ACTOR FIROZ KHAN DIES

🎬 Watch Now: Feature Video

thumbnail
ডুপ্লিকেট অমিতাভ বচ্চন ফিৰোজ খানৰ মৃত্যু (ETV Bharat)

By ETV Bharat Assamese Team

Published : May 23, 2024 at 9:23 PM IST

1 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২৩ মে' : 'ডুপ্লিকেট অমিতাভ বচ্চন' হিচাপে খ্যাত বিখ্যাত টিভি অভিনেতা ফিৰোজ খান আৰু নাই । উত্তৰ প্ৰদেশৰ বদায়ু নিবাসী ফিৰোজ খানৰ বৃহস্পতিবাৰে পুৱা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে । তেওঁ বদায়ুৰ চৌধুৰী সৰায় অঞ্চলৰ বাসিন্দা আছিল । কিছুদিনৰ পৰা তেওঁ বদায়ুস্থিত নিজৰ ঘৰতে আছিল । তেওঁ ৪ মে’ত বদায়ু ক্লাবত এক অনুষ্ঠান পৰিৱেশন কৰে । সেয়াই আছিল তেওঁৰ অন্তিম অভিনয় ।

তেওঁ বিখ্যাত টিভি ধাৰাবাহিক ভাবি জী ঘৰ পৰ হ্যে, জিজাজী ছট পৰ হ্যে, চাহেব বিবি ঔৰ ব'ছ, হাপ্পু কি উল্টন পল্টন, শক্তিমান আদিত কাম কৰাৰ লগতে আদনান ছামীৰ গীত 'থোড়ি ছি টু লিফ্ট কৰা দে'কে ধৰি সৈতে ফিৰোজ খানে বহু ছবিত কাম কৰিছিল । কিছুদিনৰ পৰা তেওঁ বদায়ুতে আছিল আৰু তাত থকাৰ সময়তো তেওঁ বিভিন্ন অনুষ্ঠান আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ অনুষ্ঠান পৰিবেশন কৰি আছিল । ৪ মে'ত বদায়ু ক্লাবত আয়োজিত ভোটাৰ মহোৎসৱত অন্তিম অনুষ্ঠান পৰিবেশন কৰে ।

তেওঁৰ মৃত্যুত সৰ্বত্ৰে শোকৰ ছাঁ পৰিছে । তেওঁ অন্তিম অভিনয়ত অমিতাভ বচ্চনৰ বহু বিখ্যাত সংলাপ আওৰাই ভোটদানৰ বাবে অনুপ্ৰাণিত কৰিছিল । বদায়ু ক্লাবৰ সম্পাদক ডঃ অক্ষত অশেষকে ধৰি স্থানীয় শিল্পীসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :চিকিৎসালয়ৰ পৰা অব্যাহতি বলীউডৰ কিং শ্বাহৰুখক - SHAH RUKH KHAN HOSPITALISED

ABOUT THE AUTHOR

...view details