11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 1, 2022, 11:08 AM IST

top-10-at-11-am

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Tiger roaming in Kaziranga: সমুখতে বনৰজাক দেখি উৎফুল্লিত কাজিৰঙাৰ পৰ্যটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ বিচৰণৰ দৃশ্য পৰ্যটকৰ বাবে বৰ্তমান প্ৰায় সুলভ (Tiger roaming in Kaziranga National Park) । দেশ-বিদেশৰ পৰ্যটকে উপভোগ কৰিছে বাঘৰ বিচৰণৰ ৰোমাঞ্চকৰ দৃশ্য ৷ মানুহৰ উপস্থিতিৰ উমান পালেও গহীন-গম্ভীৰ খোজেৰে পলকতে আঁতৰি যোৱা বাঘক অতি কম সময়হে প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ হয় পৰ্যটকৰ (Tigers free roaming in Kaziranga) ৷

Arjuna Award 2022: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণিয়ে

বুধবাৰে দেশৰ ৰাষ্ট্ৰপতিৰ হাতেৰে অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণি শইকীয়াই (Lawn bowler Nayanmoni Saikia)৷ নয়নমণি শইকীয়াৰ লগতে দেশৰ আন 24 গৰাকী তাৰকা খেলুৱৈৱে গ্ৰহণ কৰিলে অৰ্জুন বঁটা ৷

Illegal recruitment in Fisheries Dept: অবৈধ নিযুক্তিক লৈ মীন বিভাগলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

অসম মীন উন্নয়ন নিগম লিমিটেডত হোৱা নিযুক্তি কেলেংকাৰীত জড়িত বিষয়াৰ বিৰুদ্ধে তদন্ত বিচাৰি দাখিল কৰা হৈছিল এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (Illegal recruitment in Fisheries Corporation)৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰাৰ লগতে বুধবাৰে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati HC issues notice to fisheries dept) ।

Father sexually assaulting minor stepdaughter: ধৰ্ষণকাৰী সতিয়া পিতৃক ২০ বছৰৰ কাৰাদণ্ড

মহাৰাষ্ট্ৰত সতিয়া পিতৃয়ে ধৰ্ষণ কৰিলে ১৬ বছৰীয়া কন্যাক (Stepfather sexually assaulting minor daughter)। ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনত পোৱা তথ্য অনুসৰি সতিয়া পিতৃ হৈছে কন্যাৰ গৰ্ভত থকা সন্তানৰ পিতৃ । শেহতীয়াকৈ আদালতে ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছে ।

Gujarat Assembly polls phase 1: 89 টা সমষ্টিত অনুষ্ঠিত হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ

গুজৰাট নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 89 টা সমষ্টিত প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিছে মুঠ 788 গৰাকী প্ৰাৰ্থীয়ে (Gujarat polls phase I ) ৷ ইয়াৰে 719 গৰাকী পুৰুষ প্ৰাৰ্থী আৰু 69 গৰাকী মহিলা প্ৰাৰ্থী ৷ প্ৰথম পৰ্য়ায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত মুঠ 2,39,76,670 গৰাকী ভোটাৰে ভোটদান কৰিব ৷

Livestock recovered in Chirang: চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ ছটাকৈ গৰু

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিৰাঙতো অব্যাহত আছে গো-ধনৰ অবৈধ সৰবৰাহ ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জিলাখনৰ বৈখুনগাঁৱত চিৰাং আৰক্ষীৰ অভিযান ৷ ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ছটা গৰু(Livestock recovered in Chirang) ৷

FIFA World Cup 2022: আঠ বছৰৰ পাচত ফুটবলত প্ৰথম পৰাজয় ফ্ৰান্সৰ

2014 চনৰ ফুটবল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পাচত প্ৰথমবাৰলৈ পৰাস্ত হ’ল ফ্ৰান্স (France loses to Tunisia) ৷ ৱাহিবি খাজৰিয়ে খেলৰ 58 মিনিটত দিয়া একমাত্ৰ গ’লটোৰে অন্যতম শক্তিশালী প্ৰতিদ্বন্দী ফ্ৰান্সক পৰাস্ত কৰে তুনিচিয়াই ৷

Accident in Dhemaji: ধেমাজিত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত

ধেমাজিৰ চমৰাজানত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in Dhemaji) ৷ যাত্ৰীবাহী মেজিক আৰু অটোৰ মাজত মুখামুখী সংঘৰ্ষ ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীতোলাত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ বুধবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত ২ জন লোক (Man death in road accident in Dhemaji) ৷

DU ragging case: কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰিব বহিষ্কৃত ৪ ছাত্ৰই

৪ ছাত্ৰই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ভাৰতৰ কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰিব ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিৰ কঠোৰ সিদ্ধান্ত ৷ আনহাতে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ তিনিওটা ব্লকৰ লগতে মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্র নিবাস আৰু মাইল্‌ছ ব্ৰন্সন ছাত্র নিবাসৰ অধ্যক্ষক অব্যাহতি দি নতুন অধ্যক্ষক নিযুক্তি(Dibrugarh University ragging case) ৷

Jhalak Dikhhla Jaa Season 10 winner Gunjan Sinha: ৰাষ্ট্ৰীয় প্রেক্ষাপটত পুনৰ উজলিল অসমকন্যা

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিল অসমকন্যা । এইবাৰ অসমকন্যা গুঞ্জন সিনহা উজলিল কালাৰ্চ টি ভিৰ ৰিয়েলিটি শ্ব' Jhalak Dikhhla Jaa Season 10ত । Jhalak Dikhhla Jaa 10 ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৮ বছৰীয়া গুঞ্জনে(Jhalak Dikhhla Jaa winner 2022 Season 10) ৷ গুঞ্জনে ট্ৰফিৰ লগতে ২০ লাখ টকাৰ চেক লাভ কৰে । গুঞ্জনে পিতৃ ৰণধীৰ সিনহা আৰু মাতৃ হিমাদ্ৰী সিনহাৰ সৈতে মহানগৰীৰ কাহিলিপাৰাৰ 10 APBN ত বাস কৰে(Gunjan Sinha from Guwahati) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.