Jhalak Dikhhla Jaa Season 10 winner Gunjan Sinha: ৰাষ্ট্ৰীয় প্রেক্ষাপটত পুনৰ উজলিল অসমকন্যা

By

Published : Nov 30, 2022, 9:26 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিল অসমকন্যা । এইবাৰ অসমকন্যা গুঞ্জন সিনহা উজলিল কালাৰ্চ টি ভিৰ ৰিয়েলিটি শ্ব' Jhalak Dikhhla Jaa Season 10ত । Jhalak Dikhhla Jaa 10 ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৮ বছৰীয়া গুঞ্জনে(Jhalak Dikhhla Jaa winner 2022 Season 10) ৷ গুঞ্জনে ট্ৰফিৰ লগতে ২০ লাখ টকাৰ চেক লাভ কৰে । গুঞ্জনে পিতৃ ৰণধীৰ সিনহা আৰু মাতৃ হিমাদ্ৰী সিনহাৰ সৈতে মহানগৰীৰ কাহিলিপাৰাৰ 10 APBN ত বাস কৰে(Gunjan Sinha from Guwahati) । মুম্বাইত অনুষ্ঠিত হোৱা ৰিয়েলিটি শ্ব' Jhalak Dikhhla Jaa ত দেশৰ বিভিন্ন স্থানৰ পৰা অহা ১৩ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী গুঞ্জন ৷গুঞ্জনে ২০২১ ত কালাৰ্চ টিভিৰ ৰিয়েলিটি শ্ব' Dance Deewane 3 চূড়ান্ত প্ৰতিযোগী আছিল । গুঞ্জনে ইতিমধ্যে বলিউডৰ কেইবাগৰাকী অভিনেতাৰ লগতে বহুকেইটা এলবামৰ কামো কৰিছে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.