ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Dec 3, 2021, 11:14 AM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ...

11 বজাৰ দহটা শীৰ্ষ সংবাদ-

Traffic Rules Violation in Dibrugarh : আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ডিব্ৰুগড় পৰিবহন বিভাগ

যান বাহনৰ আইন উলংঘাকাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে ডিব্ৰুগড় পৰিবহন বিভাগ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ইতিমধ্যে ১ ডিচেম্বৰৰ পৰা যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় আৰক্ষী তথা পৰিবহণ নিগমৰ বিষয়াসকলে (Dibrugarh Transport Corporation)।

Road Accident in Goalpara: শোকাৱহ পথ দূৰ্ঘটনাত শিশুসহ নিহত ৫

এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ পাঁচজনকৈ লোকৰ মৃত্যু হয় (Road accident in Goalpara) ৷ গোৱালপাৰাৰ গধাৰবড়িত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷

Har Ghar Dastak Campaign : ঘৰে ঘৰে গৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও

ক'ভিড টীকাকৰণ ১০০ শতাংশ নিশ্চিত কৰাৰ উদ্দেশ্যে দেশত আৰম্ভ হৈছে হৰ ঘৰ দস্তক অভিযান । গুৱাহাটীত এই অভিযান পৰ্যৱেক্ষণৰ বাবে উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী(Chandra Mohan Patowary observes Har Ghar Dastak campaign)। মন্ত্ৰীগৰাকীৰ উপস্থিতিত বহু লোকে ল'লে প্ৰতিষেধক ।

Strong Law Against Mob Attack : গণ উন্মাদনাৰ বিপক্ষে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী

গণ উন্মাদনাৰ বিপক্ষে কঠোৰ আইন প্ৰণয়ন(Strong law against Mob Lynching) কৰাৰ আহ্বান নগঞা যুৱ‌ প্ৰজন্মৰ । গণ উন্মাদনা ৰোধ কৰিবলৈ আলোচনা চক্ৰ আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি(Awareness against mob attack)ৰ বাবে জিলা প্ৰশাসন তথা সমাজলৈ জনালে আহ্বান ৷

Assam honours Ratan Tata: ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান

প্ৰথমবাৰৰ বাবে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন টাটালৈ ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বৃহস্পতিবাৰে দিল্লীৰ অসম ভৱনত ঘোষণা কৰে এই কথা ৷

ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ নতুন কমিটীৰ দায়িত্ব গ্ৰহণ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা(APCC president Bhupen Kumar Bora) আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাস বি ভি(All India Youth Congress President Srinivas BV)ৰ উপস্থিতিত সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে অংকিতা দত্তই । ৰাতুল পাটোৱাৰীয়ে কাৰ্যকৰী সভাপতি আৰু পৰিতোষ ৰয়ে উপ-সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ।

The Ashes Tournament : সমুখ সমৰত কিংবদন্তী জিমি এণ্ডাৰছন আৰু পেট কামিন্স

সমাগত ৮ ডিচেম্বৰত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে ক্ৰিকেট বিশ্বৰ আটাইতকৈ ডাঙৰ টেষ্ট শৃংখলা ' দ্য এছেজ'(The Ashes tournament) খেলিব ৷ এই সময়তে সমুখ সমৰত মুখা-মুখি হ’ব কিংবদন্তী ক্ৰিকেটাৰ জিমি এণ্ডাৰছন আৰু পেট কামিন্স ৷ এই সম্পৰ্কত পঢ়ো আহক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

Government Scheme for Women : মহিলা কাৰিকৰসকলক সৱলীকৰণৰ কাৰণে ব্যৱসায়িক আৰ্হি প্ৰস্তুত

খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগে(Assam Khadi & Village Industries Board) অসমৰ মহিলা কাৰিকৰসকলক সৱলীকৰণ কৰিবলৈ স্থানীয় ধূপকাঠি উদ্যোগসমূহ (Local incense stick manufacturing industry)ক শক্তিশালী কৰাৰ বাবে ধ্বজ্বাবাহী প্ৰধানমন্ত্ৰীৰ নিযুক্তি উৎপাদন কাৰ্যসূচীৰ (পি এম ই জি পি) অধীনত 70 গৰাকী জনজাতীয় মহিলাক নিযুক্তি দিছে । লগতে বৃহস্পতিবাৰে কে ভি আই চিয়ে গুৱাহাটীৰ ৰূপনগৰত বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ এটিও মুকলি কৰে ৷

ন্যামজ্ঞাং ছু নদীৰ পাৰৰ পৰা ভাৰত-ভূটান-চীন সীমান্ত

খন নদীয়ে নিৰ্ধাৰণ কৰিছে তিনিখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুমলাৰ পৰা 56 কিল’মিটাৰ নিলগত বিলিটিং নামৰ ভাৰত-ভূটান প্ৰান্তত থকা এই ন্যামজ্ঞাং ছু নদী(Nyamjang Chu river of Indo Bhutan border)খনে চীনৰ পৰা বৈ আহি ভাৰতৰ টাৱাং জিলাৰ ছু নদী(Chu river of Tawang)ত মিলিত হৈছে ।

IAF Air Show : সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’

ভাৰতীয় বায়ু সেনাৰ সূৰ্য্য কিৰণ এৰোবেটিক টীমে(Indian Air Force's Surya Kiran Aerobic team) শ্বিলঙৰ উমিয়াম হ্ৰদৰ ওপৰত প্ৰদৰ্শন কৰিব বিখ্যাত এয়াৰ শ্ব’ ৷ স্বৰ্নিম বিজয় বৰ্ষ( Swarnim Vijay Varsh) উদযাপন উপলক্ষে ডিচেম্বৰৰ ৪ তাৰিখে অনুষ্ঠিত হ’ব এই বিশেষ শ্ব’ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.