ETV Bharat / sports

The Ashes Tournament : সমুখ সমৰত কিংবদন্তী জিমি এণ্ডাৰছন আৰু পেট কামিন্স

author img

By

Published : Dec 2, 2021, 9:15 PM IST

সমাগত ৮ ডিচেম্বৰত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে ক্ৰিকেট বিশ্বৰ আটাইতকৈ ডাঙৰ টেষ্ট শৃংখলা ' দ্য এছেজ'(The Ashes tournament) খেলিব ৷ এই সময়তে সমুখ সমৰত মুখা-মুখি হ’ব কিংবদন্তী ক্ৰিকেটাৰ জিমি এণ্ডাৰছন আৰু পেট কামিন্স ৷ এই সম্পৰ্কত পঢ়ো আহক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

exclusive-anderson-will-perform-better-than-cummins-in-ashes-says-laxman-sivaramakrishnan
The Ashes tournament : সমুখ সমৰত কিংবদন্তী জিমি এণ্ডাৰছন আৰু পেট কামিন্স

স্পোৰ্টছ ডেস্ক, 2 ডিচেম্বৰ : মহান বলাৰ জিমি এণ্ডাৰছনে(The great Jimmy Anderson ) যেতিয়া বলিং কৰে তেতিয়া তেওঁৰ বলত চন্দৰ সৃষ্টি হয় । বিশ্বৰ বহু শ্ৰেষ্ঠ বেটাৰে তেওঁৰ সমুখত চন্দ হেৰুৱাই ৷ যি ধৈৰ্য্যশীলতাৰ পৰিচয় দি তেওঁ বলিং কৰি কৰি আহিছে সেয়াৰে তেওঁ ক্ৰীড়া জগতৰ ইতিহাসত নিজৰ নাম গৌৰৱেৰে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ বলিঙৰ ক্ষেত্ৰখনত এণ্ডাৰছন যি কলাৰ অধিকাৰী সেই কলা হয়তো খুব কম সংখ্যক বলাৰৰ মাজত হে বিচাৰি পোৱা যাব ৷

তেওঁৰ বিপৰীতে পেট কামিন্স এগৰাকী দ্ৰুতবেগী তথা বিপৰীত পক্ষৰ বাবে কঠিনতম বলাৰ(Fast bowler Pat Cummins) ৷ সময় আৰু বলিঙৰ চন্দই সহাৰি দিলে তেওঁ অকলেই প্ৰতিপক্ষক ধুলিস্যাৎ কৰি দিব পৰা ক্ষমতাৰ অধিকাৰী ৷ তেওঁৰ ডেলিভাৰীত প্ৰকাশ পোৱা ধৈৰ্য্য আৰু ৰোমাঞ্চকৰ প্ৰতিভা দেখি ক্ৰীড়া অনুৰাগীৰ চকু থৰ হৈ পৰে প্ৰতিবাৰ ৷ আনহাতে, ৩৪ খন টেষ্টত কামিন্সৰ ১৬৪ টা উইকেটে ইতিমধ্যে তেওঁক এক জীৱন্ত কিংবদন্তি হিচাপে প্ৰতিষ্ঠা কৰিছে ।

ইফালে, ১৬৬ খন মেচত ৬৩২ টা উইকেট লাভ কৰি এণ্ডাৰছনে এজন ক্ৰিকেটাৰে কৰিব পৰা প্ৰায় সকলোখিনি ইতিমধ্যেই অৰ্জন কৰিছে ৷ সমাগত ৮ ডিচেম্বৰত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে ক্ৰিকেট বিশ্বৰ আটাইতকৈ ডাঙৰ টেষ্ট শৃংখলা ' দ্য এছেজ'(The Ashes tournament) খেলিব, এই সময়তে সমুখ সমৰত মুখা-মুখি হ’ব দুয়োগৰাকী কিংবদন্তী ক্ৰিকেটাৰ(Jimmy Anderson and Pat Cummins face off) ৷

প্ৰাক্তন ক্ৰিকেটাৰ তথা জনপ্ৰিয় ধাৰা-ভাষ্যকাৰ লক্ষ্মণ শিৱৰামকৃষ্ণনে(Cricketer turned commentator Laxman Sivaramakrishnan) বিশ্বাস কৰে যে, কামিন্স খেল জগতৰ এই মহা-সমৰত কোনোবাখিনিত এণ্ডাৰছনতকৈ পিছ পৰি ৰ’ব ৷ কিয়নো, দলটোৰ অধিনায়ক হোৱাৰ অতিৰিক্ত দায়িত্ব কামিন্সৰ কান্ধৰ ওপৰতেই ন্যস্ত থাকিব ৷ শিৱৰামকৃষ্ণনে ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত উল্লেখ কৰে , '' দুয়োৰে মাজত তীব্ৰ প্ৰতিযোগিতা হ'ব । মই ভাবো জিমি এণ্ডাৰছন এই প্ৰতিযোগিতাত কিছু আগুৱাই যাবলৈ সক্ষম হ’ব ৷''

তেওঁ লগতে কয়, সাম্প্ৰতিক সময়ত অষ্ট্ৰেলিয়াৰ কোনো নিৰ্ভৰ যোগ্য অপেনিং বেটাৰ নাই । যদি এণ্ডাৰছনে সোনকালে আক্ৰমণ কৰে, তেন্তে তেওঁ এটা ডাঙৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব । তেওঁ কামিন্সতকৈ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব কিয়নো, কামিন্সৰ কান্ধৰ ওপৰত ভাল বলিং কৰাই নহয়, নিজ দলক নেতৃত্ব প্ৰদান কৰাৰ দায়িত্বও ন্যস্ত থাকিব ৷ উল্লেখযোগ্য যে, ব্ৰিছবেনত ৮ ডিচেম্বৰত এছেজ আৰম্ভ হ'ব । এছেজ ট্যুৰৰ 2021-ৰ প্ৰথম খন খেল চনি ছিক্স (ইংৰাজী), চনি টেন 3 (হিন্দী) আৰু চনি টেন 4 (তামিল আৰু তেলেগু) চেনেলত 8 ৰ পৰা 12 ডিচেম্বৰ 2021 লৈ ভাৰতীয় সময় মতে পুৱা 5:30 বজাৰ পৰা লাইভ সম্প্ৰচাৰিত হ’ব ৷

লগতে পঢ়ক : Goa National Kickboxing Championship: ডিব্ৰুগড়ৰ খেলুৱৈৰ সুনাম অৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.