ETV Bharat / state

চাৰি বছৰত নিৰ্মাণ নহ'ল দলঙৰ এটাও খুঁটা, দলং বিচাৰি আছুৰ প্ৰতিবাদ - AASU protest

Protest against PWD: ঐতিহাসিক চৰাইদেউৰ সোণাৰিৰ ভজোত উন্নয়ন বিচাৰি আছুৰ তীব্ৰ প্ৰতিবাদ । দিচাং নদীৰ ওপৰত থকা ভজো আৰু দিচাংপানী দলঙৰ নিৰ্মাণ খৰতকীয়া কৰাৰ দাবীত প্ৰতিবাদ । লোক নিৰ্মাণ বিভাগৰ প্ৰতিকৃতি দাহ কৰিলে আছুৱে ।

AASU protest by burning effigy of public works department in Sonari
চাৰি বছৰত নিৰ্মাণ নহ'ল দলঙৰ এটাও খুঁটা, আছুৰ প্ৰতিবাদ (ETV BharaT Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2024 at 10:13 PM IST

2 Min Read
Choose ETV Bharat

চৰাইদেউ, ১২ জুন: চৰাইদেউ জিলাত থকা ঐতিহাসিক সম্পদৰাজীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান লাভৰ দিশে আগবঢ়িছে । কিন্তু চৰাইদেউক জিলা ঘোষণা কৰা আঠটা বৰ্ষ উকলি যোৱাৰ পাচতো আজি পৰ্যন্ত জিলাখনৰ মূল আৰু একমাত্ৰ চহৰ সোণাৰিৰ আন্তঃগাঁথনি‌ উন্নয়ন নহ'ল । ফলত ঐতিহাসিক চৰাইদেউৰ সদৰ সোণাৰি চহৰ এতিয়া সমস্যাৰে ভাৰাক্ৰান্ত ।

চাৰি বছৰত নিৰ্মাণ নহ'ল দলঙৰ এটাও খুঁটা, আছুৰ প্ৰতিবাদ (ETV BharaT Assam)

উল্লেখ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবাঢ়িছে চৰাইদেউ মৈদাম । ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে দাখিল কৰা মনোনয়ন পৰ্বত সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰই । চৰাইদেউ মৈদাম ক্ষেত্ৰ হ'ল ২০২৩ বৰ্ষত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা একমাত্ৰ মনোনয়ন ।

২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰা পাচতেই কেইবাবাৰো কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ শীৰ্ষ বিষয়াই পৰিদৰ্শন কৰিছে চৰাইদেউ মৈদাম আৰু চৰাইদেউ জিলাত থকা ঐতিহাসিক সমলসমূহ । কিন্তু জিলাখনৰ আন্তঃগাথঁনি উন্নয়নত অলপো গুৰুত্ব নাই চৰকাৰ তথা জনপ্ৰতিনিধি ।

ইয়াৰ মাজতে বুধবাৰে ঐতিহাসিক চৰাইদেউৰ সোণাৰিৰ ভজোত উন্নয়ন বিচাৰি আছুৰ তীব্ৰ প্ৰতিবাদ । পথ অৱৰোধ কৰি ভজোত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী । দিচাং নদীৰ ওপৰত থকা ভজো আৰু দিচাংপানী দলঙৰ নিৰ্মাণ লেহেমীয়া হোৱাৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে আছুৱে লোক নিৰ্মাণ বিভাগৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ প্ৰকাশ কৰে । অতি ব্যস্ততাপূৰ্ণ পথত থকা দলংখনৰ নিৰ্মাণ অতি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী, অন্যথা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত তলা লগাই দিয়াৰ হুংকাৰ আছুৰ ।

উল্লেখ্য যে, দিচাং নদীৰ ওপৰত থকা ভজো দলং নিৰ্মাণৰ বাবে কাম চাৰি বছৰ পুৰ্বে আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত এটা খুঁটাও সম্পূৰ্ণ নহ'ল । ফলত ৰাইজে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছে । লোক নিৰ্মাণ বিভাগ আৰু দলং নিৰ্মাণ কৰা ঠিকা প্ৰতিষ্ঠানে গুৰুত্ব প্ৰদান নকৰাত এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকল ।

লগতে পঢ়ক: জৰাজীৰ্ণ বাঁহৰ দলঙেই যাতায়তৰ শেষ ভৰষা - Bamboo Bridge in Gaurisagar

আমাক এখন দলং লাগে শ্ল'গানেৰে উত্তাল ভগামূৰৰ বুঢ়ীদিহিঙৰ পাৰ - Public Protest

বুঢ়ীদিহিং নদীত নিৰ্মাণৰত অৱস্থাতে ভাঙি পৰিল দলঙৰ খুটা - Bridge Construction