ETV Bharat / state

Goa National Kickboxing Championship: ডিব্ৰুগড়ৰ খেলুৱৈৰ সুনাম অৰ্জন

author img

By

Published : Dec 2, 2021, 6:32 PM IST

শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হৈছিল নেশ্যনেল কিক-বক্সিং চেম্পিয়নশ্বিপ (Goa National Kickboxing Championship 2021)। এই প্ৰতিযোগিতাত ভাগ লোৱা ভাৰতীয় দলটোত ৯ গৰাকী খেলুৱৈ আছিল ডিব্ৰুগড়ৰ । ডিব্ৰুগড়ৰ খেলুৱৈসকলে ১৭ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পাছতে আনন্দমুখৰ পৰিৱেশ জিলাখনত ।

Goa national Kickboxing Championship
ডিব্ৰুগড়ৰ খেলুৱৈৰ সুনাম অৰ্জন

ডিব্ৰুগড়,২ ডিচেম্বৰ: আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসমৰ খেলুৱৈ । এইবাৰ গোৱাত অনুষ্ঠিত কিক-বক্সিং প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ বৃহৎ সফলতা । গোৱা নেশ্যনেল গেমছত ১৭ টাকৈ পদক অৰ্জন কৰিলে অসমৰ পৰা যোৱা কিক-বক্সিঙৰ দলটোৱে (Goa national Kickboxing Championship 2021)। ইতিহাস সৃষ্টিৰে দলটোৱে এছিয়ান গেমছৰ বাবেও যোগ্যতা অৰ্জন কৰিলে ।

ডিব্ৰুগড়ৰ পৰা অসমক প্ৰতিনিধিত্ব কৰা দলটোৱে শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ১৩ টা সোণ, ৩ টা ৰূপ, ১ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় (Dibrugarh players got 17 medal in Goa) । ডিব্ৰুগড়ৰ মুঠ ৯ জনীয়া দলটোৰ এই সফলতাত আনন্দিত ৰাজ্যবাসী । অসমলৈ উভতি অহাৰ পাছতে দলটোক ডিব্ৰুগড়ৰ ডিকম ইকৰাতলীৰ ৰাইজে উষ্ম আদৰণি জনায় । শ শ লোক উপস্থিত হৈ খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে ।

ডিব্ৰুগড়ৰ খেলুৱৈৰ সুনাম অৰ্জন

উল্লেখ্য যে গোৱালৈ যোৱাৰ সময়ত ৰেলৰ টিকট বাতিল হোৱাৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছিল দলটোৱে । ৰেলৰ টিকট বাতিল হোৱাত চৰকাৰ তথা ক্ৰীড়া বিভাগৰ ওচৰত সহযোগিতা বিচাৰিছিল যদিও কোনো সহায় পোৱা নাছিল দলটোৱে ।

পৰৱৰ্তী সময়ত সমাজকৰ্মী অজয় গগৈৰ উদ্যোগত বৰঙনি সংগ্ৰহ কৰি বিমানৰ টিকট ক্ৰয় কৰি দিয়াত গোৱালৈ যাবলৈ সক্ষম হৈছিল দলটো । তেনে এক পৰিস্থিতিৰ মাজতো দলটোৱে ৰাজ্যখনৰ বাবে সুনাম কঢ়িয়াই অনাত এতিয়া আনন্দিত ক্ৰীড়াপ্ৰেমী ৰাইজ । দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল ভবেন গগৈ ।

লগতে পঢ়ক :National Level Football competition in Dibrugarh : স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী পঞ্চম বাৰ্ষিক ফুটবল প্রতিযোগিতাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.