ETV Bharat / entertainment

ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে মনোনীত ভাৰতৰ দুখন ছবি - UK National Film Awards

UK National Film Festival : ইউকে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে মনোনীত ‘ভক্ষক’ আৰু ‘কেপ্টেইন মিলাৰ’ ৷ এটা বিশেষ শ্ৰেণীত লাভ কৰিছে মনোনয়ন ৷

UK National Film Awards
ধনুষ আৰু ভূমি পেডনেকাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 12, 2024 at 7:54 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 12 জুন : ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ২০২৪ চনৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি হিচাপে মনোনীত হৈছে তামিল অভিনেতা ধনুষৰ ছবি ‘কেপ্তেইন মিলাৰ’ আৰু ভূমি পেডনেকাৰৰ ছবি ‘ভক্ষক’।

ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ একাডেমীয়ে প্ৰতি বছৰে আয়োজন কৰে ইউকে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । তামিল অভিনেতা ধনুষৰ ছবি ‘কেপ্তেইন মিলাৰ’ এ এই আন্তঃৰাষ্ট্ৰীয় মঞ্চত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত মনোনয়ন লাভ কৰিছে ছবিখনে । ‘কেপ্তেইন মিলাৰ’ ৰ উপৰিও ভূমি পেডনেকাৰৰ ‘ভক্ষক’ ছবিখনেও একেটা শাখাতে মনোনয়ন লাভ কৰিছে ।

বিদেশী ভাষাৰ শাখাত মনোনয়ন লাভ

ধনুষৰ কেপ্টেইন মিলাৰ আৰু ভূমি পেডনেকাৰৰ ভক্ষকে বিদেশী ভাষাৰ শ্ৰেণীত মনোনয়ন লাভ কৰিছে । "কেপ্টেইন মিলাৰ" আৰু "ভক্ষক" এ বিদেশী ভাষাৰ শ্ৰেণীত নিৰ্বাচিত আন চলচ্চিত্ৰবোৰৰ সৈতে প্ৰতিযোগিতাত নামিব । সেই ছবিসমূহৰ ভিতৰত আছে স্পেইনৰ 'ইউ আৰ নট এলোন: ফাইটিং দ্য ৱল্ফ পেক', জাপানৰ 'দ্য পেৰেড', ফিলিপাইনছৰ 'ৰেড অলেৰো: মাবুহাই ইজ এ লাই', জাৰ্মানীৰ 'ছিক্সটী মিনিট' আৰু 'দ্য হাৰ্টব্ৰেক এজেন্সী'।

নিৰ্মাতাসকলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে

কেপ্টেইন মিলাৰৰ নিৰ্মাতাসকলে অফিচিয়েল এক্স একাউণ্টত পোষ্টটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে । অৰুণ মাথেশ্বৰণৰ দ্বাৰা পৰিচালিত "কেপ্টেইন মিলাৰ"ত ধনুষ, সন্দীপ কিষাণ, প্ৰিয়ংকা মোহন, নিবেদিতা সতীশ আৰু এডৱাৰ্ড সোনেনব্লিকেও অভিনয় কৰিছে । ই হৈছে এক পিৰিয়ড ড্ৰামা, যি ভাৰতৰ ইতিহাসৰ এক বিশেষ অধ্যায়ৰ ওপৰত আধাৰিত ।

আনহাতে, 'ভক্ষক' ত ভূমি পেডনেকাৰে এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে ৷ যি এটা জঘন্য অপৰাধৰ সত্যতা বিচাৰি উলিয়াবলৈ সংগ্ৰাম কৰে । পুলকিত সিঙৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনে ৯ ফেব্ৰুৱাৰীত নেটফ্লিক্সত মুক্তি লাভ কৰিছিল ।

লগতে পঢ়ক : 200 কোটি টকা পায়ো এজন অভিনেতাই প্ৰত্যাখান কৰিব পাৰে ছবি ! - adil hussain sandeep reddy