ETV Bharat / bharat

IAF Air Show : সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’

author img

By

Published : Dec 2, 2021, 4:50 PM IST

ভাৰতীয় বায়ু সেনাৰ সূৰ্য্য কিৰণ এৰোবেটিক টীমে(Indian Air Force's Surya Kiran Aerobic team) শ্বিলঙৰ উমিয়াম হ্ৰদৰ ওপৰত প্ৰদৰ্শন কৰিব বিখ্যাত এয়াৰ শ্ব’ ৷ স্বৰ্নিম বিজয় বৰ্ষ( Swarnim Vijay Varsh) উদযাপন উপলক্ষে ডিচেম্বৰৰ ৪ তাৰিখে অনুষ্ঠিত হ’ব এই বিশেষ শ্ব’ ৷

Indian Air Forces Surya Kiran Aerobic teams air show in Umium Lake in Shillong
IAF air show : সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’

তেজপুৰ, ২ ডিচেম্বৰ : ভাৰতীয় বায়ু সেনাৰ সূৰ্য্য কিৰণ এৰোবেটিক টীমে(Indian Air Force's Surya Kiran Aerobic team) স্বৰ্নিম বিজয় বৰ্ষ (Swarnim Vijay Varsh) উদযাপন উপলক্ষে ডিচেম্বৰৰ ৪ তাৰিখে শ্বিলঙৰ উমিয়াম হ্ৰদৰ ওপৰত বিখ্যাত এয়াৰ শ্ব’ প্ৰদৰ্শন কৰিব ৷ সদায় শ্ৰেষ্ঠ মূলমন্ত্ৰৰে আগবাঢ়ে ভাৰতীয় বায়ু সেনাৰ সূৰ্য্যকিৰণ এৰোবেটিক টীম ৷ এই বিশেষ টীমটো ইয়াৰ পেছাদাৰীতা আৰু কাৰ্য দক্ষতাৰ বাবে জনাজাত । বায়ু সেনাৰ এই দলটোৱে কেৱল তেওঁলোকৰ সামৰ্থ্য প্ৰদৰ্শন কৰাই নহয়, যুৱ-প্ৰজন্মক প্ৰতিৰক্ষা সেৱাত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে ।

Indian Air Forces Surya Kiran Aerobic teams air show in Umium Lake in Shillong
IAF air show : সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’

এই দলটো হৈছে হৈছে বিমান চলাচলৰ দক্ষতাৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনা(Indian air force)ৰ শীৰ্ষস্থানীয় এটা দল । এই দল 17 জন বিষয়াৰে গঠিত, 1996 চনত 200 জন টেকনিচিয়ানৰে গঠন কৰা হৈছিল আৰু ই ভাৰতীয় বায়ু সেনাৰ 'গৌৰৱেৰে আকাশ স্পৰ্শ কৰক( IAF motto Touch the Sky with Glory)' মূলমন্ত্ৰক আগত ৰাখি কাৰ্য সম্প্ৰাদান কৰে । বিশ্বব্যাপী মাত্ৰ 9 খন বিমানৰে গঠন কৰা এৰোবেটিক দলৰ মাজত থকাৰ গৌৰৱও অৰ্জন কৰিছে ভাৰতীয় বায়ু সেনাৰ এই দলটোৱে ।

IAF air show : সূৰ্য্য কিৰণ এৰোবেটিক টীমৰ এয়াৰ শ্ব’

দলটোৱে বৰ্তমানলৈকে দেশে বিদেশে 600 ৰো অধিক এয়াৰ শ্ব’ প্ৰদৰ্শন সম্পূৰ্ণ কৰিছে ৷

সমগ্ৰ দেশৰ উপৰি শ্ৰীলংকা আৰু ডুবাইত ভাৰতক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিছে দলটোৱে । এইবাৰ দলটোৱে স্বৰ্নিম বিজয় বৰ্ষ উদযাপন কৰিবলৈ দেশৰ ভিন্ন ঠাইত ফ্লাইপাষ্ট চলাই আহিছে । সেই উপলক্ষে সূৰ্য্যকিৰণসকলে ৪ ডিচেম্বৰত শ্বিলঙৰ উমিয়াম হ্ৰদত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো শ্ব’ প্ৰদৰ্শন কৰিব ৷ ইয়াৰ পিছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত দুটা ফ্লাইপাষ্ট উৰোৱা হ'ব যি ১২ ডিচেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত প্ৰদৰ্শনৰ সৈতে সমাপ্ত হ'ব ৷

লগতে পঢ়ক : traffic rules violation in Nagaon : এদিনতে 11 লাখ টকাৰ জৰিমনা সংগ্ৰহ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.