ETV Bharat / state

Strong Law Against Mob Attack : গণ উন্মাদনাৰ বিপক্ষে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী

author img

By

Published : Dec 2, 2021, 10:39 PM IST

গণ উন্মাদনাৰ বিপক্ষে কঠোৰ আইন প্ৰণয়ন(Strong law against Mob Lynching) কৰাৰ আহ্বান নগঞা যুৱ‌ প্ৰজন্মৰ । গণ উন্মাদনা ৰোধ কৰিবলৈ আলোচনা চক্ৰ আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি(Awareness against mob attack)ৰ বাবে জিলা প্ৰশাসন তথা সমাজলৈ জনালে আহ্বান ৷

demand of strong  law against mob attack
Strong law against Mob attack : গণ উন্মাদনাৰ বিপক্ষে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী

নগাঁও, 2 ডিচেম্বৰ : অভি-নীল, ঝংকাৰ শইকীয়া, ডাঃ দেবেন দত্ত, দেৱশীষ গগৈৰ পৰা অনিমেষ ভূঞালৈ হোৱা প্ৰত্যেকটো গণহত্যা মানৱসমাজৰ বুকুত‌ কলংক বাবেই গণ উন্মাদনাৰ বিপক্ষে কঠোৰ আইন প্ৰণয়ন(Strong law against Mob Lynching) কৰাৰ আহ্বান নগঞা যুৱ‌ প্ৰজন্মৰ । শেষতীয়াকৈ ৰাজ্যখনত গণ উন্মাদনাৰ বলি হৈ বহুলোকেই‌ মৃত্যুবৰণ কৰিব লগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নগাঁও কলেজৰ সমীপৰ কেইজনমান নগঞা যুৱ‌কে গণ উন্মাদনাৰ‌ ৰোধ কৰিবলৈ চৰকাৰক কঠোৰতকৈ কঠোৰ আইন‌ প্ৰনয়ণ কৰিবলৈ আহ্বান জনায় ।

Strong law against Mob attack : গণ উন্মাদনাৰ বিপক্ষে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী

এখন সভা যোগে আয়োজক সকলে কয় যে, এইটো সঁচা যে আইনে এজন মানুহক ভালপাবলৈ শিকাব নোৱাৰে ৷ কিন্তু ই সেই মানুহজনক হত্যা কৰাৰ পৰা আঁতৰাই ৰাখিব পাৰে । সমাজত সংঘটিত এনে গণ উন্মাদনাৰ কাৰণ, ধৰণ আদি‌ চিহ্নিত কৰি সেইবোৰ এনেদৰে ৰোধ কৰিব পাৰি‌ বা এনে গণ উন্মাদনা ৰোধ কৰিবলৈ আলোচনা চক্ৰ আদিৰ জৰিয়তে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি(Awareness against mob attack)ৰ বাবে জিলা প্ৰশাসন তথা সমাজৰ বহু কৰণীয় আছে ৷

ইয়াৰোপৰি, বৃহস্পতিবাৰৰ দিনটোত আয়োজক সকলে যোৰহাটত সংঘটিত হোৱা ঘটনাৰ বোৰোধিতা কৰি এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰে ৷

লগতে পঢ়ক : Mob Lynching in Jorhat : কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.