Mob Lynching in Jorhat : কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া

By

Published : Dec 2, 2021, 7:34 PM IST

thumbnail

যোৰহাট কাণ্ড(Mob Lynching in Jorhat) সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা(Kamalpur MLA Diganta Kalita reaction)ই ৷ অসমত গণপ্ৰহাৰ ঘটনা ৰোধৰ ক্ষেত্ৰত কঠোৰ আইনৰ পোষকতা কৰে বিধায়কগৰাকীয়ে । প্ৰয়োজনত বিধানসভাতো এই বিষয়টো উত্থাপনৰ কথা ব্যক্ত কৰে কলিতাই ৷ আনহাতে কংগ্ৰেছ নেতা ওৱাজেদ আলী চৌধুৰী(Congress leader Wazed Ali Choudhury reaction on Jorhat Incident)য়ে যোৰহাট কাণ্ডৰ মূল আচামী ক’লা ল’ৰাৰ মৃত্যু(Prime accused of Mob lynching in jorhat killed) সম্পৰ্কে সন্দেহ প্ৰকাশ কৰা সম্পৰ্কটো মন্তব্য কৰে বিধায়কগৰাকীয়ে । বিধায়ক কলিতাই কয় যে ওৱাজেদ আলীয়ে অপৰাধীৰ পক্ষত মাত মাতিব লাগে নে ভুক্তভোগী তথা মৃত অনিমেষৰ পৰিয়ালৰ পক্ষত মাত মতা উচিত ? যদি সন্দেহ আছে তেন্তে তেওঁক লিখিতভাৱে আৰক্ষীৰ ওচৰত গোচৰ দিবলৈ আহ্বান জনায় বিধায়ক দিগন্ত কলিতাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.